৪৯৮ কুলাংগাৰ আহিবি, আমি আজি সময় নাপাম, ঘুৰি আহোঁতে দেৰি হ’ব খাটাং। ৰিজাল্টটো যি হওক, একো চিন্তা কৰিব নালাগে, যাবি, ল’বি, আৰু লগে লগে গুচি আহিবি, তাত ৰৈ থাকিব নালাগে। সিও অকলে থাকিব লাগিব, অকণমান সময় দুৱাৰ মাৰি সোমাই থাকিব।” দুপৰীয়া অলিন্দ ওলাই যোৱা নাই, কিন্তু সন্দেহ হৈছে— কিজানি টকা দি পাছ কৰাই আনিছে, ৰিজাল্ট তাৰিখ ঘোষণা হ'লেই সদায় তীব্ৰ টেনচনত থকা সুকন্যাই সেইবাবেই কিজানি আজি নিশ্চিন্তে ঘৰ এৰি গুচি যাব পাৰিছে। পৰাণে সময়লৈ লক্ষ্য কৰি ক'লে, ‘দাদা যোৱা, মই ভয় নকৰোঁ। ' “নাযাওঁ, ৰোল নম্বৰ নাহে। মই জানোৱেই ৰিজাল্ট বেয়া হ'ব।' দুয়োটা মনে মনে থাকিল। দুঘণ্টামানৰ পাছত অলিন্দ গ'ল, সন্দেহটো মাৰিবলৈ, লগতে ময়ূৰীৰ ৰিজাল্টটো ল'বলৈ মন গৈছে। চেণ্টাৰত সি লগৰ এটাক দেখিলে— সিফালৰ পৰা আহি পাইছেহি, কিন্তু তাক দেখি দোকান এখনৰ পিছফালে গৈ লুকাই দিলে। অলিন্দ নামি সেইফালে সোমাই গ’ল, ‘ঐ তোমাৰ ৰিজাল্ট কেনেকুৱা?' ল'ৰাটো ধৰা পৰি যোৱাত মুখৰ ৰং সলনি হ'ল, লাহেকৈ উত্তৰ দিলে। অলিন্দই সুধিলে, ‘মোৰ ৰোল নম্বৰ আহিছে নেকি?” “মই গম নাপাওঁ। কাৰোৰে চাবলৈ নাপালোঁ, বহুত মানুহ।' ‘এ..., মই বেয়া নাপাওঁ, কোৱা। মই জানোৱেই, সেইকাৰণে ৰিজাল্ট ল'বলৈ অহাই নাছিলোঁ, মই পাছ কৰিবলৈ পৰীক্ষা দিয়াই নাই। কিবা এটা সন্দেহতহে মই খাটাং হ'বলৈ আহিছোঁ। তুমি নাই অহাটো খাটাংকৈ ক'লেই হ'ল।’ ল'ৰাটোৱে তাৰ কথাখিনি বুজি নাপায়ো নিশ্চিন্ত আৰু আত্মবিশ্বাসী মুখখন দেখি ক’লে, “অঁ, তোমাৰটো অহা নাই।” ‘হ’ব তেন্তে, ঠিক আছে। বাকীবিলাকৰ কেনেকুৱা হৈছে?” “সৱেই পাছ কৰিছে, ফাৰ্ষ্ট ডিভিজন নাই।' ‘ময়ূৰীহঁতৰ গম পাইছা?” —আৰ্টছৰ পাঁচটা ফাৰ্ষ্ট ডিভিজন, তায়ো পাইছে। ২৬টা ফেইল।’ ‘মাৰ্কশ্বিট কেতিয়া দিব?” “কাইলৈ ১০ টাত আমাৰ দিব, মানে আগবেলা আমি পাম।’ আবেলি বেলিৰ চোক কমিল, অলিন্দহঁতে সুকন্যাহঁতৰ নিশা হ'ব নেকি পাতোঁতেই বিপুলে মাতিলে, “তহঁত আছ নে?' সি গ্ৰীলখন নিজে খুলি ভিতৰলৈ সোমাই আহিল,
পৃষ্ঠা:কুলাংগাৰ.pdf/৫০৭
অৱয়ব