সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৫০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪৯৭ ৰাইজক-চেণ্ডেল-লগাই-দিম ৰাতিপুৱা সাত বজাত ল'ৰা এটাই দৌৰি অহাৰ যেন মাতেৰে সুকন্যাক খবৰ দিলেহি, ‘বাইদেউ, চন্দন দাই আপোনাক এতিয়াই মাতি পঠিয়াইছে।' ভিতৰৰ পৰা অলিন্দই মাতটো শুনি বুজিলে বোকাগাঁৱৰ কোনোবা ল'ৰা৷ “কি হ’ল কথাটো তোমাক কৈছে নে?’ ‘ক’বলৈ কৈছে— মানুহ সোমাইছে।' ‘কোন কোন সোমাইছে? ৰাতি নে ৰাতিপুৱা?' ‘এইমাত্ৰ সোমাইছে, অকলে সোমাইছে। অকলে আহিছে।' “তুমি যোৱা! কোৱাগৈ, আমি গৈ আছোঁ।’ সুকন্যাই ঢপলীয়াই আহি ফোনটো লগালে। ‘কৃষ্ণ আছে নে? কৃষ্ণক দিয়কচোন। মই চন্দনৰ বায়েকে কৈছোঁ।' অলিন্দহঁত কোঠাটোলৈ উঠি আহিল। ‘অঁ, আমি ভাবি থকাটোৱেই হ'ল! ....অঁ অঁ, এই ৰাতিপুৱাই। ...অঁ সিটোতো আছিলেই ঘৰতে। ... বোকাগাঁৱৰ ল'ৰা এটা পঠিয়াইছে। আমি যাৱেঁই, তুমিও ওলোৱা। ...এ মোৰো ভৰি দুখন কঁপনি উঠিছে, থিয় হৈ থাকিব নোৱাৰিম যেন লাগিছে!' ফোনটো থৈ সুকন্যাই বিপুলক ক'লে, ‘সেইটোৱেই হ’ল, আপুনি ওলাওক, মোৰ পাছে পাছে আহক, ম‍ই অ’টো এখন লৈ যাওঁ। চাহ অকণো খোৱাই নহ'ল নহয়! আপুনি খালে খাব।' তাই ওলাবলৈ দৌৰি গৈ কাপোৰৰ আলমাৰিটো খুলিলে, ভাত-পানী ইহঁতে নিজে কৰি খাব। এহ, আজি ৰিজাল্টটোৰো দিন!' বিপুলো ৰৈ নাথাকিল, গা ধুবলৈ খৰ-খোজে গ'ল। “কি হৈছে নো?’অলিন্দই সুধিলে; “কিবা ডাঙৰ ঘটনা হৈছে নেকি?' ভায়েক পৰাণে ও লগতে সুধিলে। ‘এতিয়া একো নকওঁ, একদম ঘূৰি আহি কম।’তাই আলমাৰিৰ পৰা মূৰ নোতোলাকৈ ক’লে,উপায় নাই— সিহঁতেও গম পাবই, তাইৰ মাতত আত্ম-সমৰ্পণৰ সুৰ, কিন্তু ফোঁপাই আছে, ঘূৰি আহিনো ক’ব কেনেকৈ! ‘তহঁতে চিন্তা কৰিবলগীয়া খবৰ নহয়, ভয় খাব নালাগে। আহি লৈ ক’মহি।' আন কিবা এটা হঠাতে মনত পৰাৰ দৰে চিন্তা কৰি তাই সিহঁতৰ মুখলৈ চালে, তহঁতে ভাত-চাত নিজে ৰান্ধি খাবি, আৰু তই গৈ ৰিজাল্টটো লৈ