আত্মহত্যা ৪৯৩ মুকুল দত্তও বহি আছে, আন কোনোবা একোজন শিক্ষক ওলোৱা সোমোৱা কৰি আছে। অলিন্দই বিকল্প পৰিকল্পনাটো ঠাইতে প্ৰস্তুত কৰিলে— এইটো অতি নিখুঁত, অতি কৌশলী, আগৰটো অভদ্ৰামী বুলিব পাৰি, এইটো অতি ভদ্ৰ, সৎ— - সি ৰোমাঞ্চিত হ’ল, গৰ্বিত হ'ল। অলিন্দক মতাই নিলে। মুকুল দত্ত বাহিৰলৈ ওলাই তাৰ পৰা আঁৰ হ'ল। সি জানিছে, তেওঁ বাহিৰৰ পৰা গম লৈ থাকিব, তেওঁ তাৰ প্ৰতি আৱেগিক, সেইবাবেই সি অহাত তেওঁ বহি নাথাকি অকণমান বেলেগ কৰিছে, নিশ্চিতকৈ ইতিমধ্যে এক্সটানেলক তাৰ বিষয়ে কৈয়ে থৈছে। ভাইভাটোলৈ তাৰ অলপ ভয় লাগি আছে, সি বিচাৰিছে ভাইভাটো ভাল হওক। তেওঁ দুটা প্ৰশ্ন সুধিলে তাক, দুয়োটাই সি পাৰি গ'ল। তাৰ যুঁজখন সৱল হৈ উঠিল। সি সাজু হ'ল। “থিয়ৰীৰ পৰীক্ষা কেনেকুৱা হ'ল তোমাৰ?’এক্সটাৰ্নেলে সুধিলে। ‘বেয়া হৈছে।’তাৰ খাটাং উত্তৰ— তাৰ দ্বিতীয়টো পৰিকল্পনাৰ দৃঢ় উত্তৰ। তেওঁ চক খাই গ’ল, ‘বেয়া মানে?’ “বেয়া মানে একেবাৰে বেয়া।’ “কি? পাছ নকৰিবা নেকি?” ‘নকৰিবও পাৰোঁ।’ তেওঁ উৱাদিহ নোপোৱা যেন কৰিলে৷ কোনোবাই মুখতে বমি কৰি দিয়াৰ দৰে আচৰিত হৈ কাষৰ শিক্ষকজনে চকু-নাক-মুখ জোঙাল কৰি তালৈ চাই ৰ'ল। এক্সটাৰ্নেলে এবাৰ তললৈ মূৰ কৰিছে, এবাৰ কাষলৈ চাইছে, এবাৰ কাগজবোৰ লিৰিকিছে ‘হ’ব, তুমি যোৱা!’ সি লেবত সোমোৱা দেখি ক্ৰম অনুসৰি পিছৰ ল'ৰাটো ওলাই গ'ল। কিন্তু তাক ওভতাই পঠিয়ালে। বিকাৰত জুই লগাৰ দৰে এক্সটাৰ্নেৰ্লৰ কোঠাত সামান্য লৰা-ঢপৰা পৰিস্থিতিৰ উমান পোৱা গ'ল। মুকুল দত্তই অধ্যক্ষক লৈ অলিন্দৰ ওচৰলৈ আহিল, “তই এক্সটাৰ্নেলক পৰীক্ষা বেয়া হৈছে বুলি কিয় কৈ থৈ আহিছ?' তেওঁৰ মুখৰ ৰং বাৰে বাৰে সলনি হৈছে, অলিন্দই একো নামাতিলে, তেওঁ অধ্যক্ষলৈ চাই ক'লে— “তাৰ ভাইভাও ভাল হৈছে!' তেওঁ পুনৰ তালৈ চালে, “মই তেওঁক কৈ থৈছোঁ! এইটো ল'ৰা একদম লিষ্টত থকা ল'ৰা! তই পৰীক্ষা বেয়া হোৱা বুলি ক'লে তেওঁ নম্বৰ কেনেকৈ দিব? তই মোক মাৰি দিলি ....
পৃষ্ঠা:কুলাংগাৰ.pdf/৫০২
অৱয়ব