আত্মহত্যা ৪৯১ মাতি কৈছিল, “আমি প্ৰেক্টিকেলৰ নম্বৰ গোটেইটো দিয়াৰ লিষ্টত তোমালোক দুটাকো ৰাখি থৈছোঁ, কিয় আধাতে ওলালা?' ল'ৰাটোৱে ফ'ৰ্থ-চাবজেক্ট কৰাৰ কথা ক'লে। অলিন্দয়ো সেইটোকে ক'লে। প্ৰেক্টিকেলৰ কথাষাৰ অসমীয়া বিষয়ৰ শিক্ষকৰ মুখত শুনি তাৰ বেছিকৈ ঘৃণা লাগিছিল। প্ৰেক্টিকেলবোৰ তাৰ ভাল হয়, সহজে ওলাই যায়। টেষ্টবোৰত নম্বৰ নাপালেও সি চোকা বুলি ধাৰণাটো এতিয়াও স্কুলত শেষ হৈ যোৱা নাই। কিবা এটা চমৎকাৰ আশা কৰাৰ দৰে সকলোৱে ভাবি আছে ৰিজাল্ট কিজানি ভাল হৈ যায়, কিজানি ফাইনেল বুলি অন্ততঃ পৰীক্ষাৰ আগৰ বন্ধকেইদিনত পঢ়োঁতেই নম্বৰ উঠি যায়। আৰু প্ৰেক্টিকেলৰ নম্বৰ গোটে গোটে লৈ প্ৰথম বিভাগ লোৱাটো সহজ। সেইটোৰ বাবেইতো খেলাখন। প্ৰেক্টিকেল-পৰীক্ষালৈ ওলাই চাইকেলত উঠি সি হাঁহি মাৰি সুকন্যাক ক’লে, “আজি আচল দিনটো আহিল দুবছৰৰ মূৰত! যিটোক লৈ গোটেই গণ্ডগোলখন আৰম্ভ হৈছিল। আজি মোৰ পাল। আজি গণ্ডগোল মই লগাম! প্ৰেক্টিকেল মই পূৰা বেয়া কৰিম, কেনেকৈ নম্বৰ দিয়ে চাওঁ!’সি গোটেই জগতখনকে নচুৱাব বিচৰা দৰে উৎফুল্লিত হৈ পৰিছে। ‘তই উৎপাত কৰি থৈ নাহিবি দেই। ঠাণ্ডা মগজে এইকেইটা পৰীক্ষাও শেষ কৰি আহ!' সুকন্যাই অনুনয়ে ক'লে, বুকুত তাইৰ সংশয়ে কোবালে, খং কৰাৰ উপায় নেদেখিলে— মনো নাই, তাৰ ওপৰত বিশ্বাস কৰিবলৈ একো অধিকাৰ মনত বিচাৰি নাপাই তাই সদায় হতাশ হৈ আছে, মাথোঁ এটাই আশা কিজানি ঈশ্বৰে কিবা কৰি দিয়ে। পুনৰ এদিনো তাই তাক ছোৱালীজনীৰ কথা সোধা নাছিল— সুধিবলৈ একো লক্ষণ দেখা নাছিল, চন্দনৰ তথ্য মতে এৰা-এৰি হৈছে, কিন্তু স্কুলখনক লৈও অলিন্দইতো কোনো মন্তব্য নিদিলে এবছৰ, এটা বছৰ সম্পূৰ্ণ শান্ত হৈ থকা সি যে সহজে গোটেই কথাবোৰ গ্ৰহণ কৰিলে তাইৰ বিশ্বাস হোৱা নাছিল, এটা বৰ্ষৰ প্ৰতিটো দিনৰ সন্দেহৰ প্ৰমাণ তাই এইমাত্ৰ হাতে হাতে পালে। থিয়ৰীৰ পৰীক্ষাকেইদিনত নকল কৰা ল'ৰা-ছোৱালীবোৰক শিক্ষকবোৰে সুযোগ দিছিল, কোনো শিক্ষকে লিখি নিদিলেও বা কিবা ফালি যোগান নধৰিলেও, নিজে কৰাবোৰক কোনেও হাক দিয়া নাছিল। পদাৰ্থ বিজ্ঞানৰ দিনা নিৰীক্ষক হৈ থকা গণিত শিক্ষকজনে মুখ কামুৰি বহি থকা ছোৱালী এজনীক কাষৰ এটাৰ পৰা নকল এখন লৈ দি দিছিল, লগে লগে আন কোনোবা এটাকো তেওঁ বেলেগ এখন দিছিল। তেওঁৰ লগতে থকা জীৱ বিজ্ঞানৰ শিক্ষকজনে একো ক'ব নোৱাৰি ছাটি-ফুটি কৰি বাহিৰলৈ ওলাই দিলে। প্ৰতিটো অনুষ্ঠানত আগশাৰীত স্থান লৈ শুৱলা বক্তৃতা দিয়া ইংৰাজীৰ জ্যেষ্ঠ শিক্ষকজনে একো নেদেখা যেন কৰি খিৰিকীৰ কাষেৰে সেই সময়তে পাৰ হৈ গৈছিল। খৰকৈ নিলিখি বহি থকা দেখি অলিন্দৰ কাষতো গণিতৰ শিক্ষকজন ৰৈ অৰ্থপূৰ্ণভাবে সুধিছিল, “তই পাৰিছ নে?' যেন সি অকণমান ইংগিত দিলেই তেওঁ কাৰোবাৰ পৰা নকল এখন আনি তাকো দিব। সি ওপৰলৈ মুখ তুলি তেওঁলৈ নাচালেই, তেওঁ তাৰ ওচৰৰ পৰা আঁতৰি গ'ল। ঘৰ
পৃষ্ঠা:কুলাংগাৰ.pdf/৫০০
অৱয়ব