আত্মহত্যা ৪৮৯ অগা-পিছা কৰি গৈ গৈ তেওঁলোক সুকন্যাহঁতৰ আঁৰ হ'ল। সিহঁত পিছফাললৈ অহিল। অলপ পাছতে চোতালত হৰ্ণ মাৰি কৃষ্ণহঁতে মাতিলে। ‘আমি অলপ আগলৈকে বাহিৰতে আছিলোঁ। পৰমা নেওগ ছাৰ আৰু ছবি-ছাৰে বাটতে কথা পাতি পাতি সোমাওঁ-নোসোমাওঁ কৰি গুচি গ'ল। তাকে চাই ৰৈ আছিলোঁ। তোমালোক ক’ৰ পৰা আহিলা?' সুকন্যাই ক'লে। ‘ক’ত কথা পাতি পাতি গৈছে! ডাঙৰ কাহিনী! আমি বচাই থৈ আহিছোঁ।' “কি হ’ল?’ ‘ছবি-মাষ্টৰক কাটিবলৈ পৰমাই দা লৈ খেদি ফুৰিছে।' “কি আচৰিত কাণ্ড!’চকু থৰ কৰি সুকন্যাই সুধিলে, “কিয়? এতিয়া ক'ত পালেগৈ?’ ‘ছবি-মাষ্টৰৰ সমান ভাল ছবি আঁকা মানুহ ইয়াততো কোনো নাই। পৰমাই তেওঁক দৰমহা কমাই দিয়ে, তেওঁ এৰি দিলে। সেইবিলাক যোৱা বছৰৰে কাহিনী। ই পৰমাই কি কৰিলে, নিজৰ টিউচন-চেণ্টাৰতো বেলেগ কোনোবা এটা মাষ্টৰ গোটালে, সিমান ভাল নহয়। ল'ৰা-ছোৱালী কিছুমানক গাৰ্জেনে টিউচন-চেণ্টাৰত দিও ছবি-মাষ্টৰৰ ঘৰলৈও পঠিয়ায়। ছবি-মাষ্টৰে ল'ৰা-ছোৱালীৰ কিবা এটা ভুল শুধৰাই দিলে, সৰু ল'ৰা-ছোৱালীয়ে কি বুজি পায়, ইয়াত কৈ দিলেহি যে সেইজন ছাৰে এনেকৈহে শিকাইছে। তাৰ পাছত পৰমাই তেওঁক কাটেই— বোলে তই মোৰ টিউচন-স্কুলৰ ষ্টুডেণ্টৰ কিয় ভুল ধৰিবি, মোৰ টিউচন-স্কুলৰ মাষ্টৰক তই ভুল ধৰিবলৈ কোন! মানুহটোৱে মদ খাই ক'ব নোৱাৰে, দাখন স্কুটাৰতে লৈ আছে তেওঁক কাটিবলৈ।’ “অ.... এনেকুৱাহে নেকি!' ‘ছবি-মাষ্টৰ জঙি মানুহ নহয়তো। তেওঁ কাৰোবাৰ ভুল ধৰাৰ ইচ্ছাত কৰা নাই। ল'ৰা-ছোৱালীক অভিভাৱকে দিছে, তেওঁ শিকাই দিছে। কিন্তু পৰমা হাৰামীৰ নিজৰ চেণ্টাৰটো মৰা পৰাৰ ভয়। তাৰ চেণ্টাৰত ভুল শিকাইছে বুলিতো ওলাই যাব। অভিভাৱকবোৰনো কেনেকুৱা! পৰমাৰ নিচিনাই প্ৰায়বোৰ। সিহঁতে তেনেকৈয়ে পাতিব। কিজানি আৰু ভুল ওলাই গৈ থাকে, সেইকাৰণে সি লগে লগেই দম এটা ইয়াক দি লৈছে। এইবোৰ হল ভদ্ৰ মাষ্টৰ! সি আমাৰ আগতে কৈছে, মদৰ নিচা, কৈ দিছে— মই বেপাৰ কৰিছোঁ, মোৰ বেপাৰত ঘাটি লগাবলৈ তই কোন!” “তোমালোকে তাৰ পাছত কি কৰিলা?” “আমাক দেখি ছবি-মাষ্টৰে ৰখালে। প্ৰথমে আমি দুয়োজনৰ এনেই খা-খবৰ ল'লোঁ, তাৰ পাছত দেখোন কথা গহীন! পৰমাক ধমকি দুটামান দিলোঁ, কিনো টানকৈ ক’ব— তেৱোঁ আমাক পঢ়ুওৱা বয়সৰে মানুহ, তথাপি অলপ ক'লোঁ কিবা-কিবি। ভাবিলে চাগে—
পৃষ্ঠা:কুলাংগাৰ.pdf/৪৯৮
অৱয়ব