আত্মহত্যা ইয়াতো মই টিউচনৰ ৰুম সাজিম।' তেওঁৰ অকস্মাতে মনত পৰাত সুধিলে, ‘এই হাজৰিকাৰ ঘৰখন কেনেকুৱা? ভাল নে? এদিন সোমাই চিনাকি হ'ব লাগিব। বেয়া নহয় কিজানি? ‘বেয়া পোৱা নাই। দুয়োজন শিক্ষক। ভালেই পাইছোঁ।’ “আসা মই উঠোঁ। আপুনি আৰু মাৰ-পিট নকৰিব। সেইটো কৰিলে বেয়া, অতি বেয়া। এনেই ভাল হ'ব, চিন্তা কৰিব নালাগে।' অলিন্দই বস্তুবোৰ থৈ তেওঁৰ ওচৰলৈ আহি মাজৰ কোঠাটো পাইছিলহি, পুনৰ শুনিলে। তেওঁ নৰ'ল। তেওঁ পদূলি পাৰ হোৱাৰ পাছত সুকন্যাই অলিন্দক ক’লে, ‘তোৰ কথা সকলো শিক্ষকে চিন্তা কৰে, তোৰ বিষয়ে পাতে ভালকৈ, তেওঁ কৈ থৈ গৈছে। মাষ্টৰবোৰ বেয়া নহয়৷ তই পঢ়াত মন দে।' ‘তেওঁলোকৰ নিজৰ নামটোৰ কাৰণে চিন্তা কৰে, স্বাৰ্থটো আছে। মোৰ নিচিনা কেইটাক লৈ ব্যস্ত হ’বই, নামটো আমাকলৈহে ঘটে বাকীবোৰক ঠগি।’ তাই একো নক'লে। সেয়া তাৰ ক্ৰোধ আৰু অহংকাৰ দুয়োটা হিচাপত ধৰিও ভেকাহি মাৰিবলৈ বা গালি পাৰিবলৈ তাইৰ মনলৈ জোৰ নাহিল, মুকুল দত্তই বুজাই থৈ যোৱা কথাষাৰে নানা ভাবৰ পৰিৱৰ্তন ঘটাই তাইক ঠুনঠুনীয়া কৰি পেলাইছে। স্কুল খোলাৰ আগৰ দেওবাৰটোৰ পুৱা সুকন্যাই অলিন্দক বহঁতপুৰলৈ পঠিয়ালে। তাৰ মন যোৱা নাই, তাৰ বাস্তৱ পৰিপ্ৰেক্ষিতত আতাকহঁত অস্তিত্বহীন, তেওঁলোকৰ বক্তব্যৰ কোনো প্ৰভাব তাৰ জীৱনত নপৰে, তেওঁলোকৰ শাস্ত্ৰজ্ঞান-তত্ত্বজ্ঞান অচল, আৰু সেই জ্ঞানো কিমান নিখুঁত সেয়াও তাৰ এতিয়া সন্দেহত মাথোঁ। আতাকৰ কাষত কিছুপৰ মনে মনে বহি, ঘাটলৈ গৈ ব্ৰহ্মপুত্ৰখন চাই সময়টো পাৰ কৰাটোকে মনতে ঠিক কৰি সি আহিল। আতাক পথাৰলৈ যাবলৈ এৰিলে, কথা পাতিবলৈ বহুত সময়, কিন্তু তাৰ আজি কোনো কৌতূহল নাই, একোটা অসাৰ কিংবদন্তিৰ দৰে তেওঁলোক তাৰ মনত মাথোঁ সোমাই আছে। পদুলিত গাড়ী এখন ৰখাই থোৱা সি দেখিলে। বাৰাণ্ডাত তিনিজন আলহী। মথাউৰিৰ কাষৰ পৰীক্ষা চেণ্টাৰটোৰ প্ৰধান-শিক্ষকজন, গৰাৰ কাষৰ গাঁও এখনৰ পৰা এইবাৰ মেট্ৰিকত ষ্টেণ্ড কৰা ল'ৰাটো, আৰু তাৰ দেউতাক। ‘অলিন্দক বহুদিনৰ মূৰত দেখিলোঁ অ’। ভালে আছানে?' দেউতাকজনে তাক চোতালত দেখিয়েই ক'লে। সি উত্তৰ দি কাষতে বহিল। ‘অ’..., বাবা নেকি!' আতাকে আনন্দৰে ক'লে। অলিন্দই ল'ৰাটোৰ বিষয়ে আগৰে পৰা ভালকৈ শুনি আছিল, দেউতাকো এজন ভদ্ৰ আৰু গাম্ভীৰ্যশীল শিক্ষক, সি ল'ৰাটোক প্ৰথম দেখিছে, সি তাৰ চকুলৈ চালে, পেলনীয়া সা-সৰঞ্জামে ভৰি থকা জংঘল এখনৰ মাজত গজি উঠা স্বচ্ছ আৰু সুগন্ধময় দুষ্প্ৰাপ্য ফুলৰ দৰে ল'ৰাটো উজলি থকা যেন লাগিছে।
পৃষ্ঠা:কুলাংগাৰ.pdf/৪৯২
অৱয়ব