আত্মহত্যা ৪৭৯ থকাটোকে সি একে কোবে ধাৰণা কৰি লৈছে। যাক লগ পাবলৈ আজিও আৱেগে নিদিয়ে, অথচ সি কিয় সেইবোৰ গাইছে!' পুনৰ অলিন্দৰ মনলৈ প্ৰশ্নবোৰ আহিল। চন্দন উঠি কোঠাটোৰ সমুখলৈ আহি অলিন্দলৈ চালে, ‘তোৰ ৰিজাল্ট লুইত কলেজত পঢ়া হ'লেও এইটোৱেই হ'লহেঁতেন। সেইকাৰণেই মই আগতেই হাক দিলোঁ।’কৈ থৈ সি বাহিৰলৈ খোজ দিলে। ‘এই কথাটো বাৰে বাৰে কৈ সি নিজেই কিবা এটা যে প্ৰমাণ কৰি দিছে, মায়ে বুজিব পাৰিছেনে? সি যে নিজেই নাঙঠ হৈছে, তাৰ যে বদমাছি আছে, সেইটো ধৰিছেনে? বেলেগ কোনোবা হোৱা হ'লে মায়ে কেতিয়াবাই বুজিলেহেঁতেন। ভায়েক বাবে হয়তো ভাবিব নোৱাৰে বা ভাবিও গ্ৰহণ কৰি নলয়!' সুকন্যাৰ প্ৰতি অলিন্দৰ খং আৰু পুতৌ জাগিল। চন্দনে সুকন্যাক কৈ কৈ ওলাই গৈ আছে— ‘লুইত কলেজতো সি বেয়া হ'লহেঁতেন। তই নাভাবিবি যে ভাল হ'লহেঁতেন। সি এইবোৰেই কৰিলেহেঁতেন৷ তাত পঢ়া হ'লেও এইটোৱেই ৰিজাল্ট হ'লহেঁতেন। ' “ইয়াক এতিয়া কেনেকৈ ঠিক কৰা হয়!' মনতে ভাবি থকাৰ দৰে সুকন্যাৰ মুখেৰে ওলাল। “পিঠি ফালি নিদিয় কিয়?' চন্দনৰ মুখেৰে গুলি ওলোৱাৰ দৰে সৰিল। “দিছোঁ কালি ভালকৈ। আহি পাওঁতেই দিছোঁ।' ‘বাঃ!’ চালনীৰে পতান সৰি যোৱাৰ দৰে চন্দনৰ সৰ্বশেষ মূল্য অলিন্দৰ মনৰ পৰা ঘৃণাত সৰি পৰিল, ৰৈ নগ'ল একো। আগতে তাৰ প্ৰতি মনলৈ খং, বিৰক্তি, অশান্তি, অনীহা আহিছিল; তথাপি নিজৰ হিচাপে, ডাঙৰ হিচাপে, সন্মান এটা তলি শেষ হৈ যোৱা নাছিল, এসময়ত তাৰকাজ্ঞান কৰা মোমায়েকটো এইমাত্ৰ সম্পূৰ্ণ ঘৃণনীয় দ্ৰব্যলৈ ৰূপান্তৰ হ'ল। সমন্ধীয়া আৱেগ আৰু একো নাই। ‘কিন্তু, উত্তৰটো ক'ত ওলাব? কেনেকৈ পোৱা যাব?' –চন্দনে কাণ্ডটো আৰম্ভ কৰাৰ মূল কাৰণটো অলিন্দই এতিয়াও বিচাৰি নাপালে। গধূলি ভাত খাই অলিন্দ পঢ়া-টেবুলৰ সমুখত বহি আছে, সুকন্যা শুবলৈ নগৈ তাৰ পিছফালৰ বিছনাখনত বহি তালৈ চাই আছে। ‘এই পিটিকলি ল'ৰাটো, এতিয়াই তাৰ লগত ছোৱালীৰ সম্পৰ্কে পাতিব লাগিব?' তাইৰ লাজ লাগিছে, তালৈ ঘিণ লাগিছে, কিন্তু তায়োতো মেট্ৰিক পাছ কৰিয়েই বিয়া হৈ গৈছিল, বয়স অলপ অধিক হ'লে কি হ’ব —সৰুতেই যুগ্ম জীৱনৰ সুখ তায়ো লৈছিল, সি কি কৰিবলৈ ওলাইছে তাই থিৰাং কৰিব নোৱাৰিলে৷ তাই ক’লে, “তই এইবোৰ কি কৰিব খুজিছ! মোক তল পেলোৱাৰ চক্ৰান্ত তোৰ! ৰীণাহঁত অজাতিলৈ যোৱাৰ বাবে আগতে আমি হাঁহিছিলোঁ, সিহঁতে আমাক কাল-সংহতি বুলি কিমানখিনি কৰিছিল! সৰু বৰ্তাই জীয়েকক বামুণক দিলেগৈ, আমিয়েই সমালোচনা
পৃষ্ঠা:কুলাংগাৰ.pdf/৪৮৮
অৱয়ব