সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৪৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আত্মহত্যা 875 অতীতৰ ক্ৰোধান্বিত সময়ত তাইৰ এই ৰূপ নাছিল। সকলোতকৈ ভয়ংকৰ!' তাৰ মুখলৈও কেহা-বৰণ নামি পৰিল। ‘আহ, তই ভিতৰ সোমা', সি চাইকেলখন নি থোৱাৰ ফালে চাই তাই ক'লে। গিলি পেলাবলৈ উদ্যত তাইৰ শৰীৰ-ভংগী। তাই ভিতৰলৈ গৈ বাঁহ-খৰি তিনিডাল তুলি আনিলে। অলিন্দ পঢ়া-টেবুলৰ সমুখত বহিল। তাই মুখেৰে একো নকৈ বিহলঙনীৰে জৰা দৰে পাৰেমানে কোবাই গৈছে। খৰিডাল ছিগি শেষ হোৱাত তাই আন এডাল সোঁহাতলৈ আনিলে, মুখেৰে মাত ওলাল, “চি গ্ৰেড! ক'বলৈ লাজ নাপালি? থাৰ্ড ডিভিজনলৈ ঘৰ সোমাইছহি? ক্লাছ-শ্লাছ নকৰি যিবিলাকৰ লগত সদায় চৰি ফুৰিবলৈ যাৱ, সেইবিলাকৰ ঘৰলৈ একেবাৰে গুচি নগ’লি কিয়? তাতেই খলি লৈ থাকি দিব পাৰিলিহেঁতেন দেখোন। যেনেতেনে বি গ্ৰেডটো পাচোন! চালা, সি তালৈ ওভতি কৰিবলৈ গৈছে! অকণমান পঢ়াত ধান্দা নাই...' তাই যেতিয়া আগফালৰ পৰা বলকি বলকি খৰিকেইডাল নিবলৈ সোমাই আহিছিল, আগতীয়াকৈয়ে তাক বাহিৰতে এজাউৰি দিওঁ নেকি বিপুলেও ভাবিছিল। এতিয়া তাইৰ ৰূপটো দেখি সিও জঠৰ হৈ পিছফালে ৰৈ থাকিল। বিষত তীব্ৰ কান্দোনে অলিন্দ মুখগহ্বৰত প্ৰচণ্ড হেঁচা দিবলৈ ধৰিছে, সি ওঁঠ টেপা মাৰি আছে, ‘মোৰোতো এটা সপোন আছিল! ৰিজাল্টটো সিহঁতৰ সপোনেইতো নহয়, সিহঁতৰ বস্তুৱেইতো নহয়, মোৰ সপোনটো কি হ'ল? মোক ম‍ই নিজে মাৰিব লাগে নে কোনে? মোৰ ৰিজাল্ট সপোনটো কাৰ অধিকাৰৰ আছিল? নাকান্দো ম‍ই, যিমান মাৰে মাৰক, নাকান্দো৷ মই নিজে কি হেৰুৱাইছোঁ, ক’ত পাম ম‍ই?' সি বহি থাকিল, কোব পৰিলেও ছাটি-ফুটি কৰিবলৈ সি এৰি দিলে, ‘সহ্য কৰিম, লৰচৰ নকৰোঁ, ম‍ই সহ্য কৰিবলৈ জন্ম লৈছোঁ— এইটো তাৰেই অংশ— মোৰ অপৰাধৰ অংশ নহয়। সামান্যও লৰচৰ নকৰোঁ ম‍ই...' কান্দোনৰ ইচ্ছাটো তাৰ নোহোৱা হৈ পৰিল, যেন ভিতৰৰ চিঞৰ আৰু পানীবোৰ শুকাই গ'ল, কান্দোনৰ ভাবটো দমনৰ চেষ্টাৰ অবিহনেও নহা হ'ল। “এইটোক দেখোন মাৰিলেও লৰচৰ নকৰে, নাকান্দেই সি! মাৰ খাই খাই দগধা হ'ল, তথাপি তাৰ কাণ্ডজ্ঞান নাহিল, হাৰামী চালা! সেইবোৰ ৰিজাল্ট কৰিছ?' পিটি পিটি তাইৰ হাত বিষাবলৈ ধৰিছে। ‘আৰে এইটোক দেখোন যিমান মাৰিলেও ব্লু-ৰ- চচ-ৰ নকৰে!’পিঠিৰ ফালৰ পৰা মূৰটো হাওলাই তাই তাৰ মুখৰ ফালে চালে, মুখখনৰ সমুখটো ভালকৈ দেখা নাপালে। আকৌ তাই দুই কোব সোধাই কৌতূহলত অলপ সমুখলৈ ঘূৰি চালে— তাৰ মুখখন সম্পূৰ্ণ খালী, বিষ সহ্য কৰি সমুখলৈ চাই থকা চকুহালিৰ দৃষ্টি সৰি পৰিছে মাটিৰ তললৈ, হতাশাৰ এটা প্ৰতিমূৰ্তি! নিজৰ পুতেক— মুখখন দেখি চেৰেপকৈ তাইৰ দুখ লাগি গ'ল, ভাগি পৰা খৰিৰ টুকুৰা দুটামান থপিয়াই থপিয়াই তুলি তাই আঁতৰি গুচি গ'ল।