898 কুলাংগাৰ কৃষ্ণই মাত দিলে, ‘বায়েক-ভায়েকৰ মাজত মই সোমাও জানো!' ৰসিকতা কৰি সি চন্দনৰ উচ্চকণ্ঠটো কমাই ল’ব খুজিলে। ‘আচলতে, এটাই ফাৰ্স্ট ডিভিজন পোৱাটো কথা নহয়। বাবাই যিটো কৈছিল তাকো ভুল ধৰিব নোৱাৰি। সি এটা পৰিৱেশৰ কথা কৈছিল, য'ত বিছটাই ফাৰ্ষ্ট ডিভিজন পায়েই, সেইটো পৰিৱেশ বেলেগেইহ’ব! সি সেইটো বিচাৰিছিল।’ চন্দনে কৃষ্ণক বুজোৱাৰ ভংগিৰে ক'লে, ‘নহয়! তইতো ইয়াতে ল’লি! গতিকে তই ক্লাছকেইটা ভালকৈ কৰ! মইতো সেইটোৱেই ভাবিছিলোঁ। এতিয়াইতো তোৰ বিয়া-বাৰুৰ চিন্তা কৰিব হোৱা নাই!' সি সুকন্যাৰ মগজুতো খোঁচ এটা দি তাৰ ফালে হাওলাই ল'বলৈ চেষ্টা কৰিলে, পুনৰ কৃষ্ণক ক’লে, ‘মই তোক পাছত কৈ আছোঁ। সি ধ্বংস পাইছে নিজেই। এই মোক দোষ দি আছে!” সৰু সৰু মাতখিনি অলিন্দৰ কাণত সম্পূৰ্ণকৈ নোসোমাল। সি ভাবিলে, 'বাৰে বাৰে এই কথাষাৰ কিয়— ৰিজাল্টটো দিয়ক, তাৰ পাছতহে উলিয়াম! কিয় ৰিজাল্ট দিয়ালৈ ৰৈ আছে? সকলো শাপ-অভিশাপ-প্ৰতিশোধ সম্পাদন কৰিবলৈ কুৰুক্ষেত্ৰ যুদ্ধৰ দুৰ্বল দিনলৈ থৈ দিয়াৰ দৰে ৰিজাল্টটো দিয়ালৈ অপেক্ষা কৰি আছেনে? ৰিজাল্ট ভাল হোৱা হ'লে নক'লেহেঁতেন? বেয়া হোৱাটো নিশ্চিত বাবেই— ভৱিষ্যৎটো জানিয়েই, সিহঁতৰ জোৰ বাঢ়ি যোৱালৈ ৰৈ আছে? সিহঁতৰ উভয়-সংকট হৈছে নে মনত?” সি তৃপ্তি পালে। ‘পঢ়াত বেয়া হৈ যোৱাৰ পাছতো আগৰ দৰে যিমান অত্যাচাৰ কৰিব লাগিছিল সিমান কৰিব পৰা নাই। হয়তো যোগ্যতাখিনি ভাবিয়েই সিহঁত সম্পূৰ্ণ খাটাং হ'ব পৰা নাই যে ৰিজাল্টটো কিমান বেয়া হ'ব। সম্পূৰ্ণ অৰ্থহীন ৰিজাল্ট যদি হৈ যায়, তেতিয়া জৰুৰী- কালীন সুকীয়া আইনৰ দৰে সিহঁতৰ হাতৰ মুঠিলৈ গুচি যাব নিয়ন্ত্ৰণ। নহ'লে, বেয়া হোৱাৰ বাবে এইখিনি সময়ত গালি দিয়া মানেই সিহঁতে নিজৰ ভুল হোৱাটো নিজেই প্ৰমাণ কৰি দিয়া!' সিহঁতৰ অৱস্থাটো ভাবি অলিন্দ গৰ্বিত হ'ল।
প্ৰথম বাৰ্ষিকৰ ৰিজাল্ট লৈ অলিন্দ চোতাল পালেহি। ‘কি গ্ৰেড আহিল?’সুকন্যাই অন্তিম আশাৰে মুখখন মোলায়েম কৰি কৌতূহলেৰে সুধিলে। “চি গ্ৰেড।’ ‘চালা চি গ্ৰেড লৈ তই ঘৰ সোমাইছ! যা, তই ভিতৰলৈ আহগৈ, তোক দি আছোঁ মই!' ‘এটা বছৰৰ সমস্ত দ্বিধা, সংকোচ, দোষ-বোধ দূৰ কৰি পিশাছ এজাক একে বিন্দুলৈ আহি তৎক্ষণাৎ থূপ খালেহি চোৱা!' –তাইৰ অদ্ভুত ৰূপে বিকৃত মুখখন দেখি অলিন্দই ভাবিলে, গোটেই অতীত মন্থিত হৈ আহি তাৰ চকুৰ সমুখ পালেহি— ‘নাছিল, অতীতৰো