সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৯
জিলিকি-থকা-বালিবোৰ-এশ বছৰৰ পাছত-সোণ-হয়

এতিয়া আমাৰ ঘৰটোতে বাৰাণ্ডাখন ইয়াৰ আধা হ’ব’, সি বহি থকা বাৰাণ্ডাখনৰ ওপৰ-তল আঙুলিয়াই দেখুৱালে, ‘মিচিং-গাঁও দুখনৰ চাং-ঘৰবোৰত মূধচৰ তলতে ৰ’লেহে মানুহ একোটা যেনে-তেনে পোনকৈ থিয় হ’ব পাৰে।’

 ‘অৱস্থা চাই ব্যৱস্থা! মাটি আলতীয়া যেতিয়া সহজে নখহায়। পলস পৰা ঠাই যথেষ্ট সাৰুৱা হ’ব। তাত সঁচ পৰা নাই কাৰণেহে! যিটো সঁচ পৰিছে, সেইটোৱেই নদন-বদন। মানুহে আন সঁচ পেলালেই ভৰি পৰিব।’

 ‘মানুহবোৰৰ সেইটোতে মনবোৰ ভাল লাগিছে— সহজে নখহাই, সাৰুৱা ঠাই। অতীতৰ ঠাইখিনি পোৱা দৰে সুখটো আহিছে। আৰু ভাঙুণমাৰিতকৈ ডাঙৰ।’


 বাবাক লৈ বিপুল উভতিল। ৰাতিপুৱা ঘৰৰ পৰা ওলাই আহোঁতে আকাশত অ’ত ত’ত দুই-এচপৰা ডাৱৰ আছিল যদিও ৰ’দ পৰি আছিল। বহঁতপুৰতো বতৰ মুকলি আছিল। কিন্তু, ঘাট আহি পোৱাৰ লগে লগে বতৰ ক’লা পৰি আহিল, গোটেই আকাশ ডাৱৰে ঢাকি পেলালে। এতিয়াই বৰষুণ নাহিলেও সন্ধিয়ালৈ ক’ব নোৱাৰি। দ-চাপৰি পাবলৈ দুটা সুঁতি পাৰ হ’ব লাগিব, মাজৰ বহু দূৰ বালিত খোজ কাঢ়িব লাগিব, ঘৰ পোৱালৈ এন্ধাৰ হ’বই, বিপুলৰ চিন্তা লাগিল।

 নাৱত বিপুলহঁতৰ পুৰণা গাঁৱৰ মানুহ এজন উঠিলহি, তেওঁ আৰু এটা সুঁতি পাৰ হৈ এঠাইত থাকিবগৈ, কিন্তু তেওঁৰ চিন্তা নাই, লগত চাইকেল আছে।

 প্ৰথম সুঁতিটো পাৰ কৰি দি ঘাটৈ উভতিল। সিটো ঘাটৰ বহাটোৰ চালিখন ইয়াৰ পৰা ওলাই আছে, বালিৰ মাজেদি পোনে পোনে গ’লে চমু হ’ব, বিপুলে সমুখলৈ চালে। পানীৰ ধাৰা এটাৰে দুয়োটা সুঁতি সংযোগ হৈছে, পুৰণা গাঁৱৰ মানুহজনে ক’লে, ‘শুকান বালিয়েদি চাইকেল ঠেলিবলৈ বৰ কষ্ট, চলাবতো নোৱাৰিয়েই, পানীৰ কাষে কাষে যাওঁ ব’লা। অলপ দেৰি লাগিব, কিন্তু মোৰ কষ্ট নহয়, আৰু মাজতে যদি বৰষুণ আহি যায় তেতিয়া মই তোমাক এৰি ল’ৰাটোক চাইকেল মাৰি নি তৎক্ষণাৎ বহাত সুমুৱাবগৈ পাৰিম।’

 কাষটো সাগৰীয় উপকূলৰ দৰে চাৱলীয়া, ক’তো গৰা নাই। নতুনকৈ বালি পৰা বাবে গোটেই চাপৰিটোত ঘাঁহ বা লুহীয়াৰ আগ এটাও ওলাই থকা নাই, সৰু সৰু ঝাঁও কেইজোপামান আছে যদিও হাউলি আধা পোত গৈ আছে, তাকে আলম কৰি দুই-এঠাইত শুকান জাঁজি কিছুমান মৰি শুকাই যোৱা জন্তুৰ দৰে থূপ খাই আছে, আৰু পানীৰ কাষত আধা পোত খোৱা লুতুমুৰি দুটা-এটা। বতৰটো চাই বতাহ অহা নাই যদিও পানীৰ কাষত শীতলতা এটাই গাত চেপা মাৰি ধৰিবলৈ আৰম্ভ কৰিছে। বিপুলে মোনাৰ পৰা কাপোৰ এখন উলিয়াই বাবাৰ কাণে-মূৰে মেৰিয়াই দিলে। মানুহজনে বাবাক চাইকেলৰ আগত বহুৱাই ল’লে, আৰু বিপুলৰ সৈতে কথা পাতি পাতি বালিৰ সেমেকা অংশইদি খোজ আৰম্ভ কৰিলে।