সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৪৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

890 কুলাংগাৰ ‘বায়েকজনী মোৰ বাৰ লগৰ, আমাৰ বাক মামাই চিনি নাপায়। তাই আমাৰ ঘৰলৈ আহিছিল। আমিতো ঘৰত সকলো পাতোঁৱেই। ময়ো ছায়েন্সৰ কাৰণে তোমাৰ প্ৰসংগটো ওলাল। তোমাৰ মা হেনো কাঢ়া, মামাও বোলে কাঢ়া— মাহীহঁত পলাই বিয়া হৈছে, ঘৰলৈ আহিবলৈ নিদিয়ে! সিহঁতৰ মনটো এতিয়া তোমালৈ বেয়া লাগি আছে।' আত্মঘাটি বোমাৰুৱে পুলিচ-মিলিটাৰীলৈ ভয় নকৰাৰ দৰে সুকন্যালৈ অলিন্দৰ অকণো ভয় নোহোৱা হ'ল। চন্দনে সৰুবোৰক শাসন কৰা যেন বাহিৰে দেখুৱাই গোপনে নিজেই সেইবোৰ কৰি থকা দেখি দেখি শ্ৰদ্ধা হেৰাই গৈছে। কিন্তু কিবা এখন যে গণ্ডগোল হ’ব, এটা অশান্তি নতুনকৈ সংযোগ হোৱাৰ নিশ্চিত সম্ভেদে অলিন্দক আতংকিত কৰিলে। চন্দন কালিও আহি গৈছে, ‘এতিয়া হয়তো সঘনাই আহিবলৈ ল'ব। সত্যতাখিনি মায়েও মানিবলৈ বাধ্য হ’ব, লগতে হয়তো ভুৱা কথাখিনিও! পৰীক্ষা শেষ কৰিয়েই অলিন্দই,য'তে ত'তে কেৱল টিউচন কৰি গৃহ-অনুপস্থিতিৰ সময় বৃদ্ধি কৰা চেণ্টাৰৰ ল'ৰাটোৰ আদৰ্শ ল'লে৷ পাছত কৰিবলৈ এনেয়ো সুকন্যাই ক’বই, গতিকে পৰীক্ষাৰ পাছদিনাৰে পৰা লগৰ ল'ৰাৰ ঘৰলৈ গৈ, শিক্ষকক লগ কৰি, সি টিউচন আৰম্ভ কৰালে। টিউচন কৰিও ঘৰত ৰৈ যায় দেখাৰ সময়। বিপুল নথকা কেইদিনতো চিৰ ধাৰাবাহিক কন্দলখনৰ ছায়া-সংগৰ অশান্তি, স্বপ্নভংগ, কণ্ঠ-ৰুদ্ধতা, লক্ষ্যহীনতাত আক্ৰান্ত হৈ সি বহি থাকে হতাশাত। সুকন্যাই ভাবে সি ছোৱালীৰ চিন্তাতে মগন, চন্দনে তাইক ইতিমধ্যে বুজাই অন্ত কৰিছে যে কথাটো সত্য। কেঁচা জুইৰ দিশ সলাই থকা ধোঁৱাই চকুত একোবাৰ কোবাই যোৱাৰ দৰে প্ৰেম শব্দটো মনলৈ আহিলেই অলিন্দৰ প্ৰতি ঘৃণা এটাই তাইক সিৰসিৰাই যায়। পুতেক নহৈ অন্য হোৱা হ'লে যিটো ঘৃণাত তাইৰ দেহ-মন ইতিমধ্যে ডুবি পৰিলহেঁতেন। লগৰবোৰে অলিন্দক কেইখনমান চিঠি অনা-নিয়া কৰি দি আছে। তথাপি, সমস্ত ভিৰ-ভাৰ উপেক্ষিত হৈ দূৰৰ পৰাই তাইৰ সৈতে দৃষ্টি বান্ধ খোৱা ক্ষণকেইটা, পৰীক্ষাৰ আগৰ বন্ধৰ দিনখিনিৰ পৰাই তাৰ মনে বিচাৰি আছে। পৰীক্ষাৰ দিনকেইটাতো এদিনো চকুৱে চকুৱে নপৰাকৈ সিহঁত কেনিবাদি হেৰাই গৈছিল। সি উপায়ৰ সন্ধান কৰি আছে, যেন সূৰ্যৰ অপৰোক্ষ ৰশ্মিৰ সৈতে যুক্ত হ'বলৈ পাতে নিজ স্থানতে অৱস্থিতি সলাবলৈ বিচাৰি আছে। সেই দৃষ্টি-সংযোগে তাক কিছুপৰলৈ নিৰুদ্বেগ কৰি শান্তি দিয়ে, সহ্যশক্তি বৃদ্ধি পোৱা যেন লাগে৷ আকৌ স্কুল নোখোলালৈকে সেইটো সি নাপাব। ড্ৰেমাহ সহ্য কৰি থাকি, আবেলি টিউচনৰ পাছত, লগ এটা লৈ সি তাইৰ ঘৰলৈ আহিল। তাইৰ সৈতে দুই-এষাৰ পাতিব পৰা আত্ম-নিয়ন্ত্ৰণ ৰক্ষা কৰিব পাৰিব যেন লাগিছে তাৰ। একেটা পদুলিয়েদি সোমাই শাৰী পাতি সিহঁতৰ পৰিয়ালৰ তিনিখন ঘৰ। পিছফালে