সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৪৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আত্মহত্যা ৪৬৯ এতিয়া লিয়াওঁ বুলি ভাবিও এনেই কৈছোঁহে। এইবোৰ ম‍ই বিশ্বাস নকৰোঁ, ম‍ই জানো, এইবোৰ নহয়। তই চিন্তা নকৰিবি, মোৰ মুখত ওলাই গ'ল। এইবোৰ কোনে উলিয়াইছে মই বুজি পাই গৈছোঁ। এইবোৰ অজাতিলৈ যোৱা বা দিয়াবোৰৰ চক্ৰান্ত। ম‍ই সেইবোৰ নামানো কাৰণে মিছাকৈ উলিয়াই মোক প্ৰতিশোধ ল'ব খুজিছে, মোক তলত পাৰিব খুজিছে। সি ক'ত শুনিলে, তাক কোনে কৈছে, মোক নক'লে। কিন্তু ম‍ই অনুসন্ধান কৰি মানুহটো বিচাৰি পেলাম, আমাৰ পলাই যোৱা জীয়াৰীকেইজনীয়েই উলিয়াইছে নে সিফালে আমাৰ মাজুলীৰ পৰিয়ালে উলিয়াইছে ম‍ই গম পাই যাম।’ “কি উদ্ভট কথা এইবোৰ! অতিৰঞ্জিতকৈ ওলাইছে কেনেকৈ? হীৰকে মামাক লগাব বিচৰা হ'লে কেতিয়াবাই লগালেহেঁতেন, এতিয়াতো হীৰকৰ কোনো আখেজৰ দৰে ভাব নাই। মায়ে বিশ্বাস কৰা নাই বাবেই শান্ত হৈ আছে, অকল সন্দেহৰ মানুহকেইটালৈ খং উঠি গাই আছে। ক'ৰ কথা ক'ত মিলাইছেগৈ! মায়ে বিশ্বাস কৰা নাই কি কাৰণত? মানুহক কিয় যন্ত্ৰৰ দৰে ভাবে? কোনটো কথা বিশ্বাস কৰা নাই? নিজৰ ক্লাছত নাথাকি ক'ৰবাত ছোৱালীৰ লগত বহি থকাটো নে প্ৰেমত পৰাটোও?' তাৰ মনত উত্তৰ এটাই খেলাই গ’ল— “এইটো মামাৰে চালাকি! পাছৰ টেষ্টত নম্বৰ কমাৰ খবৰটো পালে। সি খবৰটো ক'ৰবাত পোৱাটো সাধাৰণ কথা। লগতে তাইৰ সম্ভেদটোও পালে। ফাইনেলটো ভাল হ’ব-নহ'ব সন্দেহ কৰি সাজি সাজি কৈছেহি। সি পৰীক্ষাৰ সময়ত কৌশল খটুৱাইছে! যিজনী ছোৱালীক ম‍ই আজিও মাতিব নোৱাৰোঁ সমুখত পালেও, আবেগত কণ্ঠ স্তব্ধ হৈ পৰে দুয়োটাৰে, গোটেই বছৰটো তিনিটা বাক্যও পাতি নাপালোঁ, অথচ ক্লাছ নকৰি অহৰহ তাইৰ লগত বহি কথা পাতি থকা বুলি কৈছেহি! সি প্ৰেম মানে নিজে যেনেকুৱা কৰে তেনে ধাৰণাতে এইবোৰ এনেই কৈ দিছে নে সি ইচ্ছা কৰিয়েই সাজিছে? সি দুয়োটাই কৰিছে!” প্ৰথমদিনাৰ পৰীক্ষা শেষ কৰি হলৰ পৰা ওলাই অহাৰ পাছত, লগৰ এটাই অলিন্দ কাষ চাপি কৌতূহলেৰে সুধিলে, ‘ঘৰত কিবা কৈছে নেকি?” “তুমি কি গম পালা?’, অলিন্দই চক খাই সুধিলে, এটাৰ পাছত এটাকৈ যেন নতুন নতুন ৰহস্যপূৰ্ণ ঘটনা ঘটিবলৈ লাগিছে। ‘ময়ূৰীৰ ক্লাছৰ এজনী, তুমি চিনি নাপাবা চাগে, দুয়োজনীৰ ভাল। তাইৰ ঘৰ তোমালোকৰ মামাহঁতৰ গাঁৱৰ সিফালে। তাত মথাউৰি এটা আছেন? মথাউৰিৰ কাষতে। তাইৰ বায়েকৰ সৈতে মামাৰ খুব ভাল, ঘৰলৈ গৈ থাকে৷ মামাৰো হেৰিজনী বামুণ যে, বায়েকজনীয়ে জোকালে— মোমায়েককে দেখি ভাগিনীয়েকেও বামুণ ছোৱালী ল'লে। তাৰ পাছত তোমাৰ মামাই এইৰ লগৰজনীক ফুচুলাই নাম-চাম উলিয়াই পেলালে। সুধি লোৱাৰ পাছতহে কৈছে বোলে-তাক ঘৰত গৈ মজা দিম।' ‘তোমাক কোনে ক'লে?”