আত্মহত্যা পোহৰ হওঁতেই গোবিন শইকীয়া আহিল, ‘সুকন্যা, তোমালোকৰ অনিষ্ট নকৰিলে ন! গম পাইছোঁ। চেণ্টাৰতহে বিৰাট হুলস্থূল কালি।’ ‘আমাৰ পৰা তিনিবাৰ নিলেহি! আগতে এবাৰেই আহে। বাৰে বাৰে নতুন ৰূপ! তিক্ততা থাকিলেও এইবাৰ শান্তি যেন লাগিছে! চেণ্টাৰত কি হ'লনো?” “বিদ্যাধৰ বৰাৰ চাৰিও বেৰা শেষ! বিদ্যাধৰ বৰাই ভুল কৰিলে। তেওঁ টানকৈ ক’লে। এ... গোটেই ল'ৰা উঠি আহিল, গোটেই ৰা-ত্তি! হু-ল্ল-স্থূ-ল! বিদ্যাধৰ বৰাই প্ৰথমে ক'লে— মোৰ ঘৰতে কৰি আছা, মহন্তৰ ঘৰলৈ নোযোৱা কিয়? সিহঁতে বোলে— মহন্তৰ ঘৰত আগতে কৰিলোঁ, নতুনকৈ অহা প্ৰতিঘৰতে কৰিম। তেওঁ ক'লে— যদি মই তোমালোকৰ ওপৰত কেচ দি দিওঁ, কি কৰিবা? লগে লগে কোনো ৰৈ নাথাকিল, ভাঙি গ'ল অকল। ল'ৰা মাতি আনিলেগৈ। ভাঙি আছে, জ্বলাই আছে। কেনেকুৱা গালি পাৰিছে তেওঁক!' “বাঃ, ছাৰৰ বিবেচনা সেইটোহে তেন্তে!' গোবিন শইকীয়াই দিয়া ভুল-শুদ্ধ বিচাৰত অলিন্দই নতুনকৈ আচৰিত হ'ব লগীয়া আৰু নাই, বিদ্যাধৰ বৰাৰ কথাষাৰেহে তাৰ মনটো গধুৰ কৰি পেলালে। অন্তৰৰ পৰা এজন এজনকৈ মানুহবোৰ যে সম্পূৰ্ণকৈ ওলাই গুচি গৈ আছে! ‘ছাৰে সেইষাৰ কথাহে ক'ব লাগেনে! তেওঁৰ ঘৰত কৰিছে কাৰণে মহন্তৰ ঘৰতো কৰিব লাগে? শিক্ষক হৈও তেওঁ আন ধৰণে চিন্তা কৰিব নোৱাৰিলে নে? তেওঁৰ স্কুল এৰি গুচি অহাৰ আখেজটো আছেই?' খোকানৈ হাইস্কুলৰ শিক্ষকসকললৈও তাৰ মনত পৰিল। নামভৰ্তিৰ প্ৰসংগত তেওঁলোকে কোনেও দায়িত্ব লৈ এষাৰো মাত নামাতিলে। সি আশা কৰিছিল, অন্ততঃ এজনে দৃঢ়ভাবে কওক। তেওঁলোকৰ পৰাও সি দূৰ হৈ যোৱা যেন অনুভৱ কৰে। চেণ্টাৰত বা বজাৰত সি মাজে মাজে লগ পায় তেওঁলোক কোনোবা একোজনক, ঘৰলৈকো এতিয়াও কেতিয়াবা আহিছে, শ্ৰদ্ধা তাৰ অক্ষুণ্ণ আছে, তেওঁলোকেও তাক মাতে ঘৰলৈ-স্কুললৈ, তথাপি সি যোৱাৰ আগ্ৰহ অনুভৱ নকৰে, আগ্ৰহহীনতাটোৱে তাকেই আহত কৰে।
প্ৰথম বাৰ্ষিক পৰীক্ষাৰ এডমিট কাৰ্ড ল'বলৈ অলিন্দ স্কুললৈ সোমাই গ'ল৷ মৃণালে তাক দূৰৰ পৰা দেখি জোৰত চাইকেল মাৰি ফোঁপাই ফোঁপাই কাষ পালেহি, ‘তোমাৰ মানুহজনীৰ লগত মোৰ কাজিয়া লাগিল নহয়!' অলিন্দৰ হাঁহি উঠিল, “কিয়? ক’ত লগ পালা?’ ‘কেইদিনমান আগতে। আবেলি মই সেইফালেদি পোনাই ইয়াত মাছ কিনিবলৈ আহিছিলোঁ, তাইক পদুলিতে পালোঁ। কথা পাতি পাতি তাই ক'লে—তোমালোক ভাল