সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৪৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুলাংগাৰ কথাটো বহুবাৰ শুনিও সুকন্যাহঁতে উত্তৰ দিয়া নাছিল৷ কিয় কাকোৱেই নিদিছিল, অলিন্দ অজ্ঞাত। সি এতিয়া এটা উত্তৰ বিচাৰি পাইছে, কিন্তু দিবলৈ চিন্তা হৈছে। সি কৈ দিলে গোটেই মানুহৰ মাজত বিয়পি যাব খাটাং, বুকু সৰকি যাব, সিহঁতে পুনৰ বিষয়টো কেতিয়াও নুলিয়াব। কিন্তু তেতিয়া কেনেবাকৈ যদি সুকন্যাহঁতৰ কাণত পৰি যায়, লগে লগে যদি এই ঘটনাটোও গম পাই যায়— কিয় তাক সুধিবলৈ পালে, ঘৰত আন এখন হুলস্থূল লাগি নাযাবনে! সিহঁতে কথা কৈয়ে আছে। অলিন্দই কৈ দিলে, ‘আচলতে, আপোনালোকক সন্মান কৰিহে সেইটো কৰা হৈছিল। আমি ইয়ালৈ অহাৰ আগতেই সেইটো পাতিছিলোঁ।’ আটাইকেইটা ৰ'ল, চকুৱে চকুৱে চালে। ‘কথাটো ঢোল-খোলৰ বৰতিকেইডালত বা ছালকেইছটাত নাই, বাজানাকেইখনতহে আছে। ঢোল বজায় ৰং-ৰহইছৰ বাবে বা যৌৱনৰ সুৰ হিচাপে, খোলটো বজায় ভক্তিৰ সুৰত। আমাৰ সত্ৰত সেইকাৰণে ঢোল বজাবলৈ নিদিয়ে, যাতে সুকীয়া পৰিৱেশ এটা থাকে। আচলতে কি জানে? আমি ইয়ালৈ উঠি আহোঁতে য'ত আছিলোঁ, তাত বিহু মাৰিবলৈ দিছিলে, আমাৰ ঘৰত বিহু মাৰিছিল। কিন্তু ইয়ালৈ অহাৰ আগত মাহঁতে পাতিছিল যে ইয়াৰ মানুহবোৰ ভাল ভাল, জনা-বুজা, সাংস্কৃতিক দিশত বহুত আগবঢ়া মানুহ, গতিকে আমি সংস্কৃতিটো নাৰাখিলে আমাক হাঁহিব। সেইকাৰণেহে দিয়া নাছিল।’ আটাইকেইটা ভাবুক হৈ পৰিল। “তহঁতৰ কি সত্ৰ?” কিবা এটা সুধিব লাগে কাৰণেই এটাই সুধিলে। অলিন্দই ক'লে। পুনৰ সিহঁত মনে মনে থাকিল। ‘হ’ব, যা। কেতিয়াবা ইয়াত সোমাবি আকৌ। এইফালেদিয়েতো যাবি, সোমাই যাবি।’ সুৰটো ঠাট্টাৰ যেন শুনা গ’ল, অৱশ্যে সহজ কৰিবলৈহে ক'লে। উৰুকাৰ সন্ধিয়াতে পাঁচজন আদহীয়া মানুহে এমুঠা খৰি খুজি নিলেহি। বাৰ বজাত ল'ৰা এপালেও খুজিলে— ‘আমাক অলপ খৰি লাগে।' শেষ নিশা আৰু এজাক আহিল— আমাক অলপ খৰি লাগে।’ যেন এটা নতুন সংস্কৃতি বিকশিত হৈ উঠিছে! চিঞৰ-বাখৰ বেছি নকৰিলে যদিও, প্ৰথমবাৰ হিচাপে হাজৰিকাৰ ঘৰৰ চকোৱা দুখোঁটালীও ভাঙিলে। অলিন্দই স্বস্তি লাভ কৰিছে— হীৰকৰ কাহিনী ইমানতে অন্ত পৰিল, সি কাকো একো কৰিবলৈ নলগালে!