সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৪৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আত্মহত্যা ৪৬৩ দুয়োটা পিছ পৰিল। এঘৰত সোমাই হীৰকৰ আৰু ফুৰিবলৈ মন নগ'ল, সি গুচি যাব খুজিলে। সিহঁতে কোনেও জোৰ নকৰিলে, হয়তো সি অকলে কান্দিবগৈ, হয়তো মদো খাবগৈ। অলিন্দই ল'ৰাটোক সুধিলে, ‘তুমি কি পাতিছিলা?' “তাৰ মনটো চালোঁ। সি বৰ বেয়াও নহয়। দমটো সৰুৰে পৰা দেখি দেখি দিয়া যেন লাগিছে। একেটাই কথা কৈছে সি— ইয়াক মই মাৰোঁ বুলিলে মাৰি দিব পাৰোঁ, মোৰ একোৱেই নহয়। আমাৰ দেউতাহঁতে মাঘ বিহুৰ উৰুকাৰ দিনা ইহঁতৰ ঘৰত দম দিবলৈ যায়, ম‍ই তাতে তাক মাৰি থৈ আহিলেও বাচি যাম, দুদিনমানত জামিন লৈ ওলাই যাম। ইমানবোৰ কৰিবলৈ মোৰ মন নাই এতিয়া। আগতে কোৱাবোৰ বাদ দিলোঁ। সিও ভাল পায়— মানে তোমাৰ কথা কৈছে— সিতো মোক আজিলৈকে একো দিগদাৰ কৰা নাই, একো এষাৰ মোক কোৱা নাই, মোক ভাল ব্যৱহাৰে কৰিছে, দুদিন ঘৰলৈকো গৈছে, ম‍ই ত্যাগ কৰিছোঁ আজিয়েই, সেইটোৱেই উপায়, আৰু কি কৰিম!” ‘ঠিকেই আছে তেন্তে। অলিন্দ, হ’লেও তুমি অকণমান সাৱধানে থাকিবা দুদিনমান। বৰকৈ ওলাই নাথাকিবা, গধূলি বজাৰ-চজাৰলৈ পাৰিলে নাহিবা।” অলিন্দই একো নক'লে। সি অতি আচৰিত হৈছে দেউতাকৰ কথাটোত। সি আগতে ধাৰণা কৰি লৈছিল— চেহেৰাবোৰ চিনি নোপোৱাৰ চলতে সংস্কৃতিৰ অচিলা লৈ গোটেইবোৰে আতিশয্য চলাই বিকৃত ৰং চায়, “কিন্তু, সিহঁতে বিহু-জাতীয় সংস্কৃতিৰ কু- পৰম্পৰাৰ চল লৈ সচেতনে দম দিবলৈকে যে যায়! ডাঙৰ ডাঙৰ মানুহবোৰৰো সেইটো ভাব? বাহিৰৰ পৰা অহা মানুহ কাৰণেই? উঃ, আমি অবৈধ বাংলাদেশী? একেখন অসমৰ একেই অসমীয়া! মাটিয়ে-পানীয়ে মিলাই হৰিচাপৰিলৈ দূৰত্বনো কিমান হ'ব? বিছ কিলোমিটাৰ? পঁচিশ কিলোমিটাৰ? এনে ব্যৱহাৰে কি দিছে সিহঁতক নিজকে? দেউতাকহঁতে বছৰত এদিন দম দিয়ে, ব'হাগত অভদ্ৰামী কৰে, সেইবাবেই পুতেকে মানুহ মাৰিবলৈকো ভয় নকৰে? কেনেকুৱা কথা! প্ৰভাৱটো ক'ত কিমান পৰিছে, উপলব্ধি কৰিব পৰাৰ ক্ষমতা দেউতাকৰ কেতিয়াবা আহিব নে!’ “সি যে মাঘবিহুৰ কথা বাৰে বাৰে কৈ থাকে, মাঘ বিহুত আচলতে কৰে কিনো?” এটাই সুধিলে। ‘নতুনকৈ অহাবোৰৰ জেওৰা ভাঙে উৰুকা দিনা। বাহিৰত ভাল বস্তু থাকিলেও উঠাই নি চেণ্টাৰতে জুই একুৰা জ্বলাই জাপি দিয়ে।’ 'আমাৰ বিদ্যাধৰ বৰাছাৰ— লতাজান হাইস্কুলৰ হেডছাৰ— তেৱোঁ এইবাৰ চেণ্টাৰলৈ উঠি আহিল যে, তেওঁলোককো কৰিব নে?'