806 কুলাংগাৰ ঘৰলৈ আধা বাট আহি খালী অকণত সি সিহঁতক ৰখালে। ‘মই ময়ূৰীক চিঠি দিছিলোঁ নহয়, আজি উত্তৰ দিছে।' ‘আৰৰে বাঃ!’ আটাইকেইটা যেন উল্লাসত ঠেলা-ঠেলি খাই বাগৰি পৰিব! ‘মই অকণমানকৈ ধাৰণা কৰিছিলোঁ, ভাস্কৰে কিবা এটা কৰিছে কিজানি! তথাপি, আচৰিত যেন লাগি গৈছে ঔ!’ ‘চাওঁ চাওঁ চাওঁ’, এটাই চিঠিখন চাব খুজিলে। আটাইকেইটা উদগ্ৰীৱ হৈ উঠিল। বেলেগ মানুহ আহিছে নেকি চাই এটাই সৱেই শুনাকৈ চিঠিখন পঢ়ি দিলে। “অলিন্দক দেখাতহে তেনেই সৰু যেন লাগে, লোকে ভাবিছে সি ভয় কৰি আছে, কিন্তু কাম আটাইতকৈ আগতীয়াকৈ কৰি ল'লে! হীৰকে দম দি থকাৰ পাছতো! সাহ মানিছোঁ দেই! আমিবোৰেহে ছোৱালীৰ পিছে পিছে লাগি থাকোঁ, অলিন্দক দেখিলে কোনেও ধাৰণাই নকৰে ছোৱালী চাই থকাটো।' আটাইকেইটাৰে তালৈ ঈৰ্ষা জাগিছে, কল্পনাৰজনী পোৱাৰ বাসনা একোটাই জোকাৰি গৈছে। ‘ময়ূৰী ভট্ট –অলিন্দ মহন্ত। মিলিছে কিন্তু দেই! আমাৰ গোটেই গোসাঁইবোৰে বামুণ চাবলৈ লৈছে কেলেই বাৰু!” এটাই জোকালে। ‘অলিন্দ, এটা কথা আজিয়েই কৈ থওঁ তোমাক। যিমান চান্স পালেও ছেক্সলৈ নিনিবা কিন্তু দেই। পাছত এনেকুৱা জেং হৈ যাব, সেইখন এখন বেহু হয়, ওলাব নোৱৰা হৈ পৰিবা৷ আমাৰ গাঁৱে-চাঁৱে মানুহবোৰৰ যে অৱস্থা বেয়া হৈ যায়, চান্সটো ল'বলৈ যাওঁতেই মৰে। নিজক কন্ট্ৰোলত ৰাখিবা সেইবোৰ ধান্দা নোলোৱাকৈ। চিন্তা কৰিব নালাগে, পাছত বিচৰা মতেই পাই যাবা, সুন্দৰকৈ চলি যাব। মাজত সেইবোৰ লেঠা লগাই ল'লেই শেষ!' কোৱাটোৱে নিজে কিন্তু সুযোগ বিচৰাৰ দৰেহে আছে— সময়ত সুযোগ গ্ৰহণ কৰকেই বা নকৰক। তাক ভালকৈ জনা আন এটাই চকুৱে-মুখে বিদ্ৰূপ আৰু কৌতুকৰ হাঁহি বিৰিঙালে, দেখা পাই তাৰ নিজৰো মুখত হাঁহি বিৰিঙিল। “আমাৰ গোটেই গোসাঁই বুলি যে ক’লি, আৰু কোন নো?' আন এটাই সিটোক সুধিলে। ‘কেলেই! ইয়াৰ মোমায়েকৰ কথা কৈছোঁ।’ “চন্দন ছাৰ? চন্দন ছাৰৰ এতিয়া কোননো?' ‘ৰঞ্জিতা দেৱী।’ “হেই নহয়!” “মই কে.... তোক চিঠি আনি দেখুৱাম নেকি?’ ‘সঁচাকৈ? সেইজনী আমাতকৈ দুটা বেটছৰহে আগৰ!”
পৃষ্ঠা:কুলাংগাৰ.pdf/৪৬৭
অৱয়ব