সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৪৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আত্মহত্যা 889 কিন্তু সি বুজিলে, যদি আজি একো লিখি নিদিয়ে তেন্তে তাইৰ কেনেকুৱা ভাব তাৰ প্ৰতি আছে জনাৰ একো অধিকাৰ নাইকিয়া হৈ পৰিব, তাই লোকৰ দৰে হেৰাই থাকিব, মনলৈ অহা সপোনছাটি নোহোৱা হৈ সম্পূৰ্ণ জগত শূন্য হৈ পৰিব। নিশাটো ভাবি ভাবি সি লিখিলে— মৰমৰ ময়ূৰী মোৰ মৰম ল’বা। মই বহু অশান্তিৰ মাজত পাৰ কৰিছোঁ, যিবোৰ মোৰ মুখেৰে নোলায়, যিবোৰ ম‍ই কাৰোবাক কোৱাটো ভাবিবলৈও উপায় নাপাওঁ, ক'ব নোৱাৰোঁ। তুমি আছা, সেইটো জনাৰে পৰা মোৰ মনটো অলপ ভাল লাগে। তুমি মোৰ কথা ভাবা নে? মোৰ জানিবলৈ মন গৈ থাকে। ম‍ই লিখিবলৈ একো বিচাৰি পোৱা নাই। এতিয়া বহুত ৰাতি হৈছে, জাৰত মোৰ হাতখন কঁপিছে, চিঠিখন লিখিবলৈকে ম‍ই ইমান ৰাতিলৈকে বহি আছোঁ, কিন্তু বেছি লিখিবও নোৱাৰিলোঁ। তোমাক মই ভাল পাওঁ। ইতি তোমাৰ অলিন্দ একদম ঠৰঙা চিঠি এইখন। খৰা চিঠি।' সি চিন্তা কৰিলে, ‘ক’ব খুজিও উহ্য থকাবোৰ তাই অনুমান কৰিব নোৱাৰিব, মোৰ নিচিনা অভিজ্ঞতা তাইৰ নাই আৰু সেইবোৰলৈ তাইৰ আগ্ৰহো হয়তো নাহিব। এনেকুৱা ঠৰঙা চিঠি এখন তাই বিশ্বাসত ল'ব পাৰিবনে? ” সি এটাই আশা কৰিলে, তাৰ বেয়া হাতৰ আখৰবোৰ চিঠিখনত অধিক বেয়াহে হৈ পৰিছে, চিনি পাবলৈ তাইৰ কষ্ট হ’ব, ‘আকৰ্ষিত কৰিবলৈকে মিছাকৈ শুৱনি আখৰ কিছুমান নিলিখা বাবেই তাই বিশ্বাসত ল'ব পাৰিব কিজানি। নে ধৰা নপৰিবলৈ আখৰবোৰ নিজ ইচ্ছাৰে বেয়া কৰা যেন লাগিব তাইৰ?” তাইৰ উত্তৰ আহিল। দুই পৃষ্ঠা। সি ধাৰণা কৰা মতেই কোমল ভাষা, কথাবোৰ সৰল-নিমজ-স্বচ্ছ। প্ৰথম দেখিয়েই ভাল লগাৰ কথা কৈছে, ...এনেকৈ ভাবিব পৰা নাছিল সপোনতো, মাতিবলৈ সংকোচ কৰিছিল, ... ভালকৈ পঢ়িবা, একেৰাহে অধিক মনত পেলাইনাথাকিবা, দম দিয়া ল'ৰাবোৰক এৰাই চলিবা, ... মনৰ কথাবোৰ ক'বা, নতুন বিষয়বোৰ পঢ়ি তোমাৰ কেনেকুৱা লাগিছে...তাইৰ কি কি বিষয় বেয়া লাগিছে, ভাল লাগিছে...। যি মনলৈ আহিছে, যেনেকৈ আহিছে, তাই লিখি গৈছে, পঢ়ি ধৰিব পাৰি— কথাবোৰ কৃত্ৰিম নহয়, কিন্তু আবেগেৰে কিছু অসংলগ্ন— এটা প্ৰসংগৰ পৰা আনটো প্ৰসংগলৈ। পাছবেলা অলিন্দই মৃণালহঁতক ছুটীৰ সময়লৈকে জোৰ কৰি ক্লাছত বহুৱাই থ'লে। এনেই বহি বহি আমনি লাগিলেও সিহঁতে ভাবিলে, হয়তো ঘৰুৱা কাম আছে, কিবা নি দিব লাগিব।