কুলাংগাৰ দ্বিতীয় দিনা পুৱা বাটত, অমৰা কলেজত পঢ়া শালবাৰীৰে ল'ৰা এটা সিহঁত হালৰ লগ লাগিল। “কি তই তাতো টিউচন কৰিবি! কিমান টিউচন কৰ তই? নিজৰ কলেজৰ মাষ্টৰৰ ওচৰত কৰিছই। এইবাৰ ষ্টেণ্ড কৰাৰ ধান্দাত লাগিছ নেকি?' অলিন্দৰ লগৰটোৱে ল'ৰাটোক ক'লে। ‘বা... কে... ষ্টেণ্ড কৰাৰ কথা কৈছ! শুই উঠিয়েই ঘৰত কাজিয়া লাগে, টিউচন এটা উলিয়াই ওলাই আহিছোঁ। থাকিব নোৱাৰি কে....।’ “কি কাজিয়া?” “হেই, বাদ দে কে... সেইবোৰ। মই টিউচন কি কাৰণে ইমানকৈ কৰোঁ জান? নিশা পালে, মই নিশাও কৰিম। যেনেতেনে যাতে বাহিৰতে সময়টো যায়।' লগত লগত একেটা কাহিনীকে দেখি গোটেই জগতখনৰ অশান্তিৰ মূল কেৰোণটো মাক-দেউতাকবোৰৰ কন্দলতে যুক্ত হৈ থকা যেন লাগিছে অলিন্দ। সি ভাবিলে — ইহঁতবোৰৰ আচৰণবোৰ বেয়া হয় এই কাৰণেই। কপট হয়, দুতলীয়া হয়, নৃশংস হয়, বা ভণ্ড হয়...। ল'ৰাটোৱে হয়তো এইমাত্ৰ উৎপাতৰ মাজতে ঘৰৰ পৰা ওলাই অহাৰ বাবে কৈ দিলেহি কথাটো, এনেই সিও নিশ্চয় এইবোৰ বেলেগক নকয়। দূৰৰ পৰা আনৰ চকুত সুন্দৰ যেন লগা নিজৰে ঘৰখনৰ অভিভাৱকৰ কন্দল মনতে লুকুৱাই ৰাখি আনৰ ওচৰত আচৰণ কৰিব লগা হয় বেলেগ ধৰণে, যিটো অভ্যাস হৈ পৰে, পাছত আৰু নিজে সচেতনে ভবা নহয়গৈ,ফলত আন সকলোতে কপটীয়া স্বভাৱ আহি যায়। চন্দনেই যদি তিনিটা কথা কয় তাৰে অতি কমেও দুটা ফাঁকি হয়। সৰু সৰু কথাতে ফাঁকি দিয়ে, যিটোত ফাঁকি দিলেও— নিদিলেও ঘটনাত প্ৰভাৱ একো নপৰেই, কিন্তু ফাঁকিটো মাৰিলেহে সন্তুষ্টি পোৱা বাবেই নিশ্চয় ফাঁকি মাৰে, বাস্তৱটো কৈ শান্তি নাপায়, সৰুৰে পৰা মনৰ জগত আৰু বাস্তৱ জগতত অসন্তুলিত হৈ হৈয়েই নিশ্চয় সম্পূৰ্ণ তেনেকুৱা হৈ পৰিল। অলিন্দ চকু দুটা খচখচাই থকা হৈছে, পেটটো পুৰি থাকে, জিভাখন দগধা যেন অনুভৱ হয়। মুখমণ্ডল মুকলি কৰি ৰাখি গোটেই অশান্তিবোৰ সহ্য কৰিবলৈ চেষ্টা কৰোঁতে তাৰ ছোৱালীজনীলৈ মনত পৰিল। ‘ঐ তোমাৰ কথাই হয়, গম পাইছা নে! তোমাৰ কথাই হয়! তাই তোমাৰ কথাই সুধিলে!' প্ৰাৰ্থনাৰ সময়ত অলিন্দক দেখি প্ৰীতমে উধাতু খাই কাষ চাপি আহি ক'লে, সাজি কোৱাটো মিলি যোৱাত সি নিজে নিজে আচৰিত হৈছে। অলিন্দক দেখিয়েই তাই সেই আচৰণ কৰিছিল। উজ্জ্বল তাৰকালৈ দৃষ্টি দি চাঁটকৈ চকু আনফালে ঘূৰোৱাৰ দৰে, সি ৰৈ থকা দেখিয়েই তাই চাব পৰা নাছিল। “কি সুধিলেনো তাই?’
পৃষ্ঠা:কুলাংগাৰ.pdf/৪৫৫
অৱয়ব