সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৪৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আত্মহত্যা 880 তাৰ বিষয়েই হৈ গ'লহেঁতেন! একো নিবিচৰাকৈ তাৰ বিষয়ে ভবা মানুহ যদি থাকিলহেঁতেন! শান্তিৰ উৎসলৈ এটা সুকীয়া বাট তৰপে তৰপে খোল খাই গৈ থকা যেন লাগিছে, সি কল্পনাৰ গোঁঠনীবোৰলৈ চাই থকাৰ দৰে ৰ'ল। পাছদিনা পুৱা অলিন্দ মুকুল দত্তৰ টিউচনটোলৈ ওলাল। চেণ্টাৰতে লগৰ এটাকো পালে, তাৰ ঘৰ দোকানবোৰৰ পিছফালে গাতে লাগি আছে। ঠেপা খাই থকা দোকানবোৰ শেষ হোৱাৰ পিছত তিনিশ মিটাৰমান গৈ অকলশৰীয়া সৰু দোকান এখনৰ সমুখত ল'ৰাটোৱে চাইকেলখন ৰখাই অলিন্দক ক’লে, ‘ৰ’বা, এইখনত সোমাই যাওঁ।' অলিন্দই চাইকেলতে বহি পথৰ কাষত ৰ’ল, “কি কৰা?’ ‘অকণমান ৰোৱা। ম‍ই কথা পাতি যাওঁ। গৈ পাবলৈ সময় আছে!' ভিতৰত দোকানীজনৰ সৈতে অলিন্দহঁতৰ সমনীয়া ল'ৰা এটাও বহি আছে। বহুকেইটা ল'ৰাই ইয়াত বহি আড্ডা দিয়া অলিন্দই আগতেও দেখে। লগৰটো ওলাই অহাৰ পাছত অলিন্দই সুধিলে, “সি তোমাৰ লগৰ নেকি? কি কৰি থাকে ইয়াত? বাটৰ সিপাৰৰ সমুখৰ ঘৰটোৱেই তাৰ নহয় জানো?’ ‘অঁ। লগৰে। দৰঙলৈ গৈছিল, ৰেগিং খাই গুচি আহিল।’ “দোকানখন সিহঁতৰ নেকি? ৰাতিপুৱাই কিয় বহি আছে?” “বিশ্ব দা— দোকানীটো— ডাঙৰ যদিও আমাৰ লগৰ নিচিনা। আগৰে পৰা একেলগে খেলা মানুহ যে। আমি ইয়াতে আড্ডা দিওঁহি। অৱশ্যে বেলেগ কাৰণ এটাও আছে। ভিতৰত ৰুম এটা আছে যে সৰুকৈ, চিগাৰেট খোৱাকেইটাই মনে মনে তাতে খাইতাৰমানে।’ লগতে পৰ্ণগ্ৰাফীও চায়— সেইটো সি অলিন্দক ক'বলৈ বেয়া পালে। ‘সি কিন্তু ইয়াতে পঢ়ে। কিতাপ-পত্ৰ আনি পঢ়ি থাকে। আগৰ পৰাই সি তেনেকৈয়ে পঢ়া।’ ঘৰখন এৰি সি দোকানত পঢ়িবলৈ আহে কিয়? সন্দেহত অলিন্দই সুধিলে— তাৰ ঘৰত কোন কোন আছে? মাক-দেউতাকে চাকৰি কৰে নেকি?' “সি আৰু ভায়েক। দেউতাকৰ ব্লক-অফিচত চাকৰি। মাকেও চাকৰি কৰিছিল, মাক এতিয়া নাথাকে, ডিভোৰ্চ হোৱাৰ কথা ওলাই আছে।' অলিন্দই লগে লগে উত্তৰটো পাই গ'ল— ল'ৰাটোৱে পঢ়িবলৈ দোকানলৈ নাহে, ঘৰ এৰি বেলেগত থকাৰ চেলু এটা উলিয়াই লৈছে! আড্ডা চলি থকা দোকানখনত সি কি পঢ়িব? ‘ম‍ই যে মূল কাৰণটো লগে লগেই সন্দেহ কৰিলোঁ, ইহঁতবোৰে ল'ৰাটোৰ সম্পৰ্কে তেনেকৈ এদিনো গমি চাইছে নে বাৰু?' ঘৰৰ পৰা আজি সোনকালে ওলাই আহি অলিন্দয়ো মনটোত সন্তুষ্টি পাইছে। কন্দল আৰু বিষাক্ত যেন লগা মানুহহালৰ ছায়াৰ পৰা অধিক সময় আঁতৰি থকাৰ সুযোগ পোৱা যেন লাগিছে।