আত্মহত্যা আন এটাই আকৌ জোকোৱাৰ দৰে অলিন্দক সুধিলে, ‘নতুন ছোৱালী ভাল লাগিছেনে তোমাৰ?' অলিন্দই তাৰ মুখলৈ ঘুৰি চাই একো উত্তৰ নিদিলে। পিছফালৰ বাছ এখনে হৰ্ণ মাৰি গুচি গ'ল। সিহঁতে চাইকেল অগা-পিছা কৰি দীঘলে শাৰী পাতিলে। পুৱা সোনকালে অলিন্দ স্কুল পালেহি। আৰু মাথোঁ এটাহে ল'ৰা ক্লাছত সোমাইছেহি। দুয়োটা বাৰাণ্ডালৈ ওলাই প্ৰাৰ্থনা কৰিবলৈ শাৰী পতা স্থানত ৰ'ল। বাকী ক্লাছবোৰৰ ল'ৰা-ছোৱালী এটা-দুটাকৈ সেৰেঙাকৈ আহি আছে। দুয়োটা নিমাত। কিছুপৰ পাৰ হৈ গ’ল। ল'ৰাটোৱে অতি শান্ত মাতেৰে সহানুভূতিৰে অলিন্দক সুধিলে, “তুমি ইমান মনটো মাৰি আছা? কিবা হৈছে নেকি?' তাৰ কথাষাৰতকৈও কোমল মাতটোৰ সান্নিধ্যই অলিন্দক ঢঁক খুৱাই দিলে। অহৰহ যত্ন কৰি থাকোঁতেও, যুঁজি যুঁজি শান্ত হৈ থাকোঁতেও, এনেকুৱা হৈ গৈছে কিয়? কেনেকৈ মুখখনত বাৰে বাৰে সকলো নিজেই প্ৰকাশ পাই গৈছে! কেনেকৈ সম্পূৰ্ণ মুক্ত হ'ব পাৰি?' সি ল'ৰাটোৰ মুখলৈ চালে। অহাৰে পৰা ল'ৰাটোৱে অলিন্দৰ মুখলৈ চাই আছিল, বাৰে বাৰে কথা ক'ব বিচাৰিও কাষতে থাকিও মাতিব পৰা নাছিল, ৰূপটো দেখি তাৰো দুখ লাগি গৈছে, তাৰো মুখখন সেমেকি গৈছে। একো উত্তৰ নিদি অলিন্দই পুনৰ ভাবি ৰ'ল। ল'ৰাটোৱে আকৌ অলিন্দৰ মুখখনৰ ফালে মাজে মাজে লক্ষ্য কৰি থাকিল। ‘ঐ, তই এইফালে আহচোন', ৰসায়ন বিজ্ঞানৰ শিক্ষক মুকুল দত্তই আঁতৰৰ পৰা অলিন্দক মাতিলে। সিহঁতহালে বুজিলে, ইয়াৰ পৰা আঁৰ হৈ থকা হাইস্কুলৰ কোনোবা এটা কোঠাত তেওঁ টিউচন কৰি ওলাই আহিছে, এতিয়া ঘৰলৈ যাব। অলিন্দ তেওঁৰ কাষলৈ গ'ল। সি গম পায়, গোটেইখিনি ল'ৰা-ছোৱালীয়েই কেইবাটাও গ্ৰুপ হৈ তেওঁৰ ওচৰত টিউচন কেতিয়াবাই আৰম্ভ কৰিলে, অকল সিয়েই বাকী আছে। তেওঁ ক’লে, “তই টিউচন নকৰ নেকি? কোনো বাকী নাই কিন্তু। ইয়াত তই ক্লাছ কেইটা হ'ব বুলি ভাবিছ? টিউচন নকৰিলে পাছত মৰি যাবি কিন্তু। পুৱা এটা গ্ৰুপত সোমাই দিব পাৰিবি, খালী আছে। কাইলৈৰ পৰা তই সেইটো গ্ৰুপত সোমাই দে। দেৰি নকৰিবি।' তেওঁ নিজে মাতি এনেকৈ কৈছে- দেখাত বা শুনাত বৰ ভাল যেন লগা কথা, কিন্তু প্ৰথম কেইদিনতে অলিন্দই প্ৰতিজন শিক্ষকক চিনি পাই গৈছে, তেওঁৰো চালাকি সি ইতিমধ্যে গম পাই গৈছে। সেয়া কৈছে শুনা -খালী আছে, টিউচনৰ গ্ৰুপটোত খালী থকা-নথকা কি কথা আছে! দ্বিতীয় বৰ্ষৰ ল'ৰাবোৰে নতুনবোৰক কোৱাবোৰ শুনি সি বুজিছে, প্ৰেক্টিকেলৰ নম্বৰৰ ক্ষেত্ৰত এইটো মাষ্টৰেই আটাইতকৈ বেয়া, আৰু এওঁ বাকী গোটেইকেইটা বিষয়ৰ প্ৰেক্টিকেলৰ নম্বৰতো প্ৰভাৱ পেলোৱাৰ চেষ্টা কৰি থাকে। তাৰ অশান্তি লাগিল। এইবোৰ সি সমাধান কৰিব নোৱাৰে, প্ৰতিবাদো কৰিব নোৱাৰে, দেখি সহি থাকিব লাগিব। দুৰ্নীতিৰ
পৃষ্ঠা:কুলাংগাৰ.pdf/৪৫০
অৱয়ব