বাবা চঁক খাই গ’ল, ‘এইবোৰ এতিয়া ইয়াতে থাকিব! এইখন দাখন! এইখন আকৌ ওপৰমুৱাকৈ কোনে থ'লে ইয়াত? এইখনেই গোটেই ঘপিয়াই ঘৰ ভাঙি আকৌ সমান কৰি পেলাম। একে ঘাপেই সৰকাই দিম', বলকি বলকি বিপুলে দাখন তুলি নি বেৰৰ কামিৰ চেপত ভৰাই থ'লেগৈ।
আবেলি কামত লগাবলৈ ধৰাই থোৱা দাখন ৰূপালী হৈ জিলিকি আছিল যদিও বাবাই প্ৰথমে মন দিয়া নাছিল, বিপুলৰ মাতৰ তীব্ৰতাই দাখন অথনিৰ পৰা থকা অৱস্থাটো বাবাৰ মনত ওপঙাই তুলিলে, দাখনৰ ধাৰটোৰ উজ্জ্বল ৰংটোৱে তাৰ মনত দাগ কাটি গ'ল। বালি দি ঘঁহা ষ্টিলৰ বাচনবোৰ যেনেকৈ জিলিকি উঠে, বাচনত থকা ফুলবোৰ যেনেকৈ সি চুই চুই ভাল পায়, তেনেকৈ দাখনৰ ধাৰটোও দেখি তাৰ সদায় ভাল লাগে, চুবলৈ মন যায়। কিন্তু তাক হাক দি থোৱা আছে বাবে সি দা নোচোৱে। এতিয়া অসাধাৰণ কৰ্মলৈ ঘোষিত হোৱাৰ দৰে দাখনৰ শাণিত ৰূপটোৱে তাক নতুনকৈ প্ৰবলভাবে আকৰ্ষিত কৰিলে। তাৰ মূৰত গোটেইবোৰ কথা থূপ খাই ধৰিল, সি কি কৰি আছিল আৰু কি কৰিবলৈ ধৰিছিল উৱাদিহ নোপোৱা হ'ল। সি বুজিলে, ঘৰখনত বেলেগ মানুহ আৰু কোনো নাই, বিপুলে সুকন্যাকে কথাবোৰ কৈছে। সি দেউতাকটোৰ ফালে যাব বিচাৰিও ভুমুকিয়াব নোৱাৰিলে। সুকন্যা পাকঘৰৰ ভিতৰত থকা যেন লাগিছে, নিশ্চয় দুপৰীয়াৰ ভাত ৰান্ধিছে। তাইৰ ওচৰলৈ গ'লেও তাক আকৌ বাহিৰলৈ পঠিয়াই দিব, অথনিৰ পৰা তাই কিবা বলকি থকাটো অনুভৱ কৰিলে সি। গপগপীয়া পৰিবেশটোৰ পৰা আঁতৰিবলৈ সি বাচনবোৰ তাতে তেনেকৈয়ে এৰি আকৌ ঝাঁও দুজোপাৰ তললৈ ওলাই আহিল। ধাৰ উঠি ৰূপালী হৈ পৰা দাখনৰ দৰে প্ৰখৰ ৰ'দটোৰ উজ্জ্বলতাই তাক সংগ দিলে।
সি লাডুটো হৈ বহি তল মূৰকৈ খেলি থকাৰ মাজতে ৰঘু নেওগ ওচৰ পালেহি, তেওঁ গম্ভীৰ মাতটোৰে মৰমেৰে সুধিলে, ‘বাবাকণ, কি কৰি আছা?’
‘ছাৰ, মই বন খান্দিছোঁ। ইয়াত শিপাবোৰ বহুউউউউত দীঘল।’
‘অঁ, বহুত দীঘল। সিহঁতে পানী বিচাৰি তললৈ বেছিকৈ গৈ থাকে।' তেওঁ মৰমসনা মাতেৰে তাক সঁহাৰি দিলে, আৰু এনেই সুধিলে, ‘মা-বাবা আছেনে নাই?'
‘আছে।’
‘হেৰা বিপুল’, ভিতৰলৈ শুনাকৈ তেওঁ ডাঙৰকৈ মাত লগালে, ‘কামবোৰ কিমান আগবাঢ়িছে চাবলৈ এপাক আহিলোঁ৷’
তেওঁৰ মাতটো শুনি সুকন্যাই পৰি থকা বাচনবোৰ পটাপট তুলি পাকঘৰত থ'লেগৈ। পুনৰ পাকঘৰৰ পৰা ওলাই আহি তাই সমুখতে বিপুলক পালে। দুয়োটাৰ চকুৱে চকুৱে পৰিল। দুয়োটাৰে খং শাম কাটি পানী হৈ গ'ল। হালেই বাহিৰলৈ ওলাই আহি সমানে মাত দিলে, ‘ছাৰ, আহক।’