সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৪৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

828 কুলাংগাৰ কলেজ ভালেই। এইখনত যেনেতেনে এটা মানেহে ফাৰ্স্ট ডিভিজন পায়, সেইটোও মাষ্টৰৰ জোৰত নহয়, নিজৰ জোৰত পায় বুলিব লাগিব। ' “চন্দনেচোন নামানেই! কি চিন্তা কৰিছে বা সি!’সুকন্যাই ক'লে। ‘পইচা-পাতিৰ খৰচবোৰ দেখি আছে যে,ঘৰটোও সাজি আছে, আন খৰচ আছেই, সেইকাৰণেও হ'ব পাৰে।' আনটো ল'ৰাই ক'লে, “ইয়াত সেয়া মাত্ৰ ৫ কিলোমিটাৰহে, ঘৰৰ পৰাই চাইকেল লৈ অহা-যোৱা কৰিব পাৰিব। তাত প্ৰেক্টিকেলৰ নম্বৰ নিদিব তাক, লুইত কলেজ হেনো বেয়া। ' অলিন্দই মাত দিলে৷ স্পষ্টকৈ নুশুনি কৃষ্ণই মৰমেৰে ডাঙৰকৈ মাতিলে, “কি কৈছা তুমি বাবা?' অলিন্দৰ প্ৰতি তাৰ সহানুভূতিও জাগিছে। অলিন্দ উঠি গ'ল। “তাত যদি বেয়াই, মামাই বহঁতপুৰৰ ল'ৰা-ছোৱালীবোৰ নিজে নি তাত কিয় দিয়েগৈ। ডনেচন দিও নামভৰ্তি কৰাইগৈ, কোটা বিচাৰি বিচাৰি। ‘অ’, সেইটোও এটা কথা!’কৃষ্ণই ক'লে। অলিন্দ যুক্তিকেইটা সি মানি লৈছে, শুনি তাৰ ভালো লাগিছে। কিন্তু কৃষ্ণই মাত মাতি একো সলনি কৰিব নোৱাৰে, লোকৰ এইবোৰত দূৰলৈকে সোমাবলৈ তাৰ মনো নাই, প্ৰসংগটো বাদ দি সি আন কথা উলিয়াব বিচাৰিলে। পাছদিনা সিহঁতে চন্দনক লগ পাই অলিন্দৰ কথাকেইটা ক'লে। আবেলি চন্দনে সিহঁতক ফুৰাবলৈ অনাৰ দৰে লগতে লৈ আহিল। চন্দনে নিজেই প্ৰসংগটো উলিয়াই ল’লে। ‘...ই ছোৱালী হোৱা হ'লে, তাত পঢ়িবলৈ ময়েই দিলোঁহেঁতেন। তেতিয়া ইয়াত পঢ়িবলৈ ম‍ই নিজে নিদিওঁ। মই বহঁতপুৰৰো কোনো ল'ৰাক তাত পঢ়িবলৈ দিয়া নাইতো। সিহঁতে ছীট নাপায় বাৰু, সেইটো বেলেগ কথা। কিন্তু ল'ৰা থাকিবৰ কাৰণে তাত জেগাই নাই। আটাইবোৰ হোষ্টেল বেয়া। ছোৱালীৰ কাৰণে ভাল ভাল ঠাই আছে, ভাল ভাল মানুহবোৰে ছোৱালী-হোষ্টেল খুলিলে আগতেই, সেইবোৰ আগৰে পৰা ভাল। ছোৱালী হোৱা হ'লে চিন্তাই নাছিল। আৰু ছোৱালী সৱ আৰ্টছৰহে, সিহঁত চায়েন্সৰ নহয়তো। ল'ৰাৰ হোষ্টেলবোৰ মানে কি ক’বি! ম‍ই তহঁতক কি উদাহৰণ দি বুজাম? আমাৰ চেণ্টাৰৰ জুৱা আড্ডাখনতকৈও বেয়া। কলেজ-হোষ্টেলটোতো আটাইতকৈ বেয়া। সি গৈ এনিশাও থাকিব নোৱাৰে। একেদিনাই সি যিকেইটা অশ্লীল মাত শিকিব, ম‍ই ইয়াত বৰ্ণনা কৰিব নোৱাৰোঁ। ইয়াৰ পৰা কোন গৈ থাকিব? ভিনদেউ সেয়া নাথাকেই, ঘৰতো এটা মানুহ লাগে। ইয়াত তাক পঢ়ুৱাবলৈ আমিবোৰো আছোঁ, আমিওতো চাম, ঘৰতে পঢ়ুৱাম সি নোৱাৰাটো। তাত অকলে অকলে সি এনেকুৱা বেয়া কথা, এনেকুৱা বেয়া কাম দেখিবলৈ পাব, দুবছৰত সেইটো ভাল মানুহ হৈ নাথাকে, সি মানুহ হৈয়েই নাথাকিব।'