সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৪৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

828 কুলাংগাৰ “মায়ে এই প্ৰশ্নবোৰ গমি-পিটি চাব নে নাচায়?' আৰু সিতো তাইক ক'ব নোৱাৰে যে প্ৰধানতঃ সিহঁতহালৰ কন্দলৰ পৰা আঁতৰি থাকিবলৈকে সি লুইত কলেজলৈ যাব বিচাৰিছে। পাছদিনা,ইজন-সিজনকৈ শিক্ষকসকল আৰু আন আলহী আহি আছে। ‘কত পঢ়িবা?’ অলিন্দই সকলোকে একেষাৰে উত্তৰ দিছে, ‘লুইত কলেজত।’ পাছবেলা চন্দন আহি ভিতৰৰ বিছনাখনত পৰি আছে, বাহিৰত এজন আলহীৰ আগত অলিন্দৰ ক্ষুদ্ৰতমো থেৰোগেৰো নথকা উত্তৰটো সি শুনিলে। ওলাই আহিল। পৰিস্থিতিটো মন কৰি সুকন্যাৰ উগুল-থুগুল লাগিবলৈ ধৰিলে। কথাৰ মোৰ সলাবলৈ নিদি থাপ মাৰি ধৰাদি চন্দনে ক'লে, ‘ই মৃদুলা হায়াৰ ছেকেণ্ডাৰীত পঢ়িব। মই কৈছোঁ যে দুবছৰটো ইয়াতে পঢ়। তই গোট গোট প্ৰেক্টিকেলৰ নম্বৰকেইটা লৈ যা। আৰু ইমান বেয়া ল'ৰাটো ভাল ৰিজাল্ট কৰিছে, গতিকে আৰু দুবছৰ ঘৰত থাকিলেহে ই ভাল হৈ থাকিব। লুইত কলেজ ভাল কলেজ নহয়তো৷ বাহিৰৰ পৰাহে শুৱনি ঘৰকেইটা আছে। তালৈ গৈ ই বেয়া হৈ যাব। চিনেমা চোৱাৰ ধান্দাত লাগিব, আৰু থাকিব ক’ত সি? হোষ্টেলত থাকি মদ-ভাং খাবলৈ ল'ব। কলেজত ক্লাছ নহয়েই, কোনো মাষ্টৰেই তাক চিনি নাপাব, তাক প্ৰেক্টিকেলৰ নম্বৰ দিব কোনে? গতিকে ম‍ই সিদ্ধান্ত দিছোঁ, দুবছৰটো বোলো ইয়াতে পঢ়। তই আকৌ বেয়া হ'ব নালাগে, গোট গোট প্ৰেক্টিকেলৰ নম্বৰ লৈ ভাল ৰিজাল্ট কৰ।’ মনে মনে কিছু সময় পাৰ হৈ আন প্ৰসংগ ওলাল। পাছদিনা আবেলি সুকন্যাই অলিন্দক ক’লে, ‘ককাহঁতক মাত এষাৰ লগাই আহগৈ যা, চাবলৈ মন কৰি আছে চাগে।’ অলিন্দ গৈ বাৰাণ্ডাত বহিল, তাৰ মাত শুনি আতাকহঁত তিনিওজন ওচৰ চাপিল, মুখত আনন্দৰ প্ৰলেপ। তাকে কেন্দ্ৰত লৈ কাষে কাষে বহি লোৱা তিনিওজনৰে বিচ্ছিন্নতা সি উপলব্ধি কৰিলে। সি নিজৰ ৰিজাল্টৰ একো আনন্দ উপভোগ কৰিব পৰা নাই, তেওঁলোকৰ আনন্দতকৈ প্ৰকৃত অৱস্থাটোৱেহে পোনে পোনে তাৰ মনত ক্ৰিয়া কৰিবলৈ ধৰিছে— সি উঠি গুচি যোৱাৰ পাছতে তেওঁলোকৰ এই নিকট অবস্থিতিটোও অন্তৰ্ধান হৈ পৰিব, কাষতে থকা নিচিনা হৈও যোজন দূৰত্বৰ পৰস্পৰ সংযোগহীন বিন্দু হৈ পৰিব তিনিওজন। ‘বাবা অ’, মনটো বৰ ভাল লাগি গৈছে অ’। মামাৰো বহুত ফূৰ্তি লাগিছে। কালি বহঁতপুৰৰ তোমালোকৰ হেডছাৰ আহিছে। তোমাৰ বিষয়েই পাতি আছে। মামাহঁতে কায়ুমৰ মাকহঁতক পদূলিতে সোঁৱৰাই দিছে বোলে— এতিয়া প্ৰমাণ পালি নহয়, নম্বৰ কোনে কিমান পাইছিল? অলিন্দই ষ্টাৰ পাই দুখনত লেটাৰ পালে, তোমাৰ ৰিজাল্ট