আত্মহত্যা ৪২৩ পায়েই যাব। ইমান ভাল ৰিজাল্ট লৈ যাব, প্ৰেক্টিকেলৰ নম্বৰটো গোটে গোটে দিব, কাৰণ সিহঁতৰ স্কুলৰ নামৰ কথা আছে। দূৰলৈ গ'লে, এইটো মেহেঙা, ইয়াক কোনেও চিনি নাপাব। গতিকে ইয়াতে পঢ়ক, পাছৰ কথা পাছত। .... আলহীবোৰ গৈ শেষ হ'ব হ'ল, বক্তৃতাৰ মুখেৰেই চন্দনো গ'লগৈ। গোবিন শইকীয়া ৰ'ল অলপ। শান্ত পৰিৱেশত গোবিন শইকীয়াই আৰম্ভ কৰিলে, “... ময়ো যাওঁ। বৰ ভাল পালোঁ। সৰুটোও এনেকৈয়ে আগবাঢ়ি যাওক। ভাল ৰিজাল্ট কৰিছে যেতিয়া..., ল'ৰাটোক ভাল কলেজ এখনত দিয়া, এইখন স্কুল সিমান ঠিক নহয়। তোমালোকে এনেই ক'ত দিয়াটো ভাবি আছা?' তেওঁ বিপুললৈ চালে। “খুলশালি ল’ৰাটোৱে যি কয়। তাৰ ওপৰতে চমজাই দিছোঁ।’ ‘নহয়, তুমি নিজে কি ভাবি আছা?” ‘সি যিটো সিদ্ধান্ত দিয়ে। তাক মই পঢ়ুৱাই থৈছোঁ, সি জনা-বুজা মানুহ, সি এতিয়া ল'ৰাটোক ভালকৈ চাই দিব, সি যি কয় সেইটোৱেই হ'ব।' বিপুলে দেউতাক হৈ, তাতে শিক্ষক এজন হৈ, সিদ্ধান্তটো লোকলৈ পেলাই দিলে বেয়া দেখি— গোবিন শইকীয়াৰ ভাবটো সেই দিশে যাবই কিজানি ক্ষন্তেকতে! সেয়েহে সুকন্যাই মাত দিলে, ইয়াৰ লুইত কলেজত পঢ়িবলৈ মন। আগৰ পৰা কৈ আছে। সেইখন কেনেকুৱা হ'ব?’ “ভাল হ’ব সেইখন। সি ভালেই ভাবিছে। ময়ো ল'ৰাক তাতেই দিম, যদি ভবা মতে পজিছনটো নাপায়। হ’লে কটনত দিম, নহ'লে তাতেই দিম। এই দুখনেই খাটাং।’ অলিন্দই ভিতৰৰ পৰা পৰিৱেশটো বুজি আছে, বিপুললৈ তাৰ পুতৌ লাগিল, “কিবা এষাৰ ক'বলৈ মানুহটোৱে উত্তৰটো বিচাৰি পাইছে চোৱাচোন!' কিন্তু সি জানে, বিপুলৰ প্ৰতি খঙৰ ভাব আনি লাভ নাই, বহুকেইটা কথা জুকিয়াই লৈ বিপুলে চিন্তা কৰিব নোৱাৰে, যেনে-তেনে সাৰি যাব পৰাকৈ উত্তৰ এটা যে দিব পাৰিছে সেয়াই যথেষ্ট। চন্দনৰ কথাবোৰ শুনি শুনি, তাৰ জোৰটো দেখি দেখি বিপুলে বুজিছে যে বেলেগ উত্তৰ দি লাভ নহ'ব, দিলেও নৰজিব। কোনোবাই সুধিলে ক'বলৈ বিপুলে হয়তো উত্তৰটো বহু আগতেই সাজিয়েই থৈছিল— অলিন্দৰ হাঁহি উঠিল। হঠাতে পৰ্দা আছাৰি গিৰিপকৈ সোমাই অহাৰ দৰে চন্দনৰ চিন্তাত অলিন্দৰ খংটো ভমককৈ মাৰিলে— ‘কোনো আলোচনা কৰা নাই, তেনেকৈ স্বয়ম্ভু কিবা এটা হৈ মাত দিবৰ কোনো প্ৰয়োজনো নাই, কিন্তু সি কিয় জাপি দিব খুজি আছে? কিহৰ ইমান দায়িত্ববোধ তাৰ জাগিছে? সঁচাকৈ সি নম্বৰৰ সম্পৰ্কেই চিন্তা কৰিছেনে? হঠাৎ তৎপৰ হৈ উঠাৰ কাৰণ কি? ইমান ভাল উদ্দেশ্য থকা হ'লে আগৰ পৰাই আগ্ৰহ দেখুৱালেহেঁতেন, যত্ন ল'লেহেঁতেন!' অলিন্দ বেছি উদ্বিগ্ন হ’ল সুকন্যাৰ কথা ভাবি
পৃষ্ঠা:কুলাংগাৰ.pdf/৪৩২
অৱয়ব