422 কুলাংগাৰ “তই কি ৰিজাল্ট বেয়া হ'ব বুলি ভয় কৰিছ নেকি?’সি তাইক জোকালে। ‘খেলিমেলিও হৈ যাব পাৰে নহয়!' তাই ধেমেলীয়াকৈ ক'লে। “গৈ আহোঁ। স্কুলত থ’বলৈ মই গৈছিলোঁ, গতিকে আজি আনিবলৈও ময়ে যাব লাগিবই। বেয়া হ'লেও ময়েতো দায়িত্বটো ল'ব লাগিব।' সি হাঁহি এটা মাৰিলে। “বাঃ! সেইটোহে নেকি কথাটো!’সুকন্যাই পুনৰ কৌতুকেৰে ক'লে। ৰিজাল্টক লৈ আনন্দ কৰিবলগীয়া দিন এটা চন্দনে ঘৰত বা মিতিৰ-কুটুম্বৰ ক’তো কোনোদিন পোৱা নাছিল। সুকন্যাই যেনেতেনে হ'লেও ছেকেণ্ড ডিভিজনটো পোৱাৰ সময়তো সি সৰু আছিল। আজি তাৰ সঁচাকৈয়ে অতি আনন্দ লাগিছে। ৰিজাল্ট ওলোৱাৰ পাছত অফিচত চন্দনে প্ৰধান শিক্ষকক কৈ থকা অলিন্দই বাহিৰৰ পৰা শুনিলে— ‘আপোনালোকে বাকী ৰিজাল্টৰ বাবে আনন্দ কৰাটো বাদেই দিয়ক, এইটোত আনন্দ কৰক, এইটো আজি আপোনালোকৰ আচল কৃতিত্ব। ইমান বেয়া ল'ৰাটো ভাল কৰি দিলে, ইমান ভাল ৰিজাল্ট কৰাই দিলে আপোনালোকে! এইবাৰ ইয়াতকৈ ডাঙৰ কৃতিত্ব আপোনালোকৰ নাই। এইটোহে আচল ৰিজাল্ট। এক-দুই নম্বৰত যোৱাকেইটাতকৈও এইটোহে আচল সফলতা আপোনালোকৰ।' দুৱাৰৰ কাষেৰে মূৰ হাওলাই অলিন্দই ভিতৰলৈ চালে, প্ৰধান শিক্ষকে মিচমিচকৈ হাঁহিছে। কথাখিনি শুনি অলিন্দ্ৰৰ ঠিক নালাগিল, বিশেষকৈ চন্দনৰ মুখত শুনি ভাল পোৱা নাই, 'বহঁতপুৰত থাকোঁতে ঐশ্চিক বিষয়টো ল'বলৈ কিমান যুঁজ দিব লগা হৈছিল! ভাল শিক্ষক, সংগ, ঘৰুৱা পৰিৱেশ নথকাকৈ গণিতত ১১৫নম্বৰ পোৱাৰ পাছতো সিহঁতবোৰৰ জ্ঞানে ঢুকি পোৱা নাছিল! পঢ়াত বেয়া বুলি কিয় ধাৰণা কৰি আছিল সিহঁতে?' পুনৰ এতিয়া, ৰিজাল্টটো আজি দিলে মানেই, নামভৰ্তিৰ বাবে প্ৰকাশ্যেই চন্দনৰ সৈতে যুঁজিব লগাৰ ইংগিত অলিন্দই পাই আছে, সেইবাবেও তাৰ মনত খং এটা প্ৰবল হৈ উঠিল। চন্দনে শিক্ষকসকলক চাহ খুৱালে। চকীদাৰ দুজনৰ সৈতে অলিন্দই কাষৰ দোকানখনৰ পৰা চাহ-বিস্কুটৰ গিলাছ-প্লেট অনা-নিয়া কৰি দিলে। চন্দনৰ মতি-গতি আৰু হঠাৎ ওলোৱা অভিভাৱকগিৰি দেখি অলিন্দই সময়খিনি শান্তিৰে পাৰ কৰিব পৰা নাই, বিশেষকৈ আগন্তুক সময়খিনিত চন্দনে এইটো ভাও দিয়েই অশান্তি কৰিব বাবে। সিহঁত ঘৰ পালেহি। আলহী ভৰি আছে। গোবিন শইকীয়াও আছে। খোকানৈৰ দুজন শিক্ষকো পিছে পিছে সোমালহি। ‘ক’ত পঢ়ুৱাব এতিয়া?” চন্দনে টপককৈ উত্তৰ দিছে, একেখিনি কথাই, ‘... ইমান বেয়া ল'ৰাটো ভাল হৈছে, এতিয়া দুবছৰ ঘৰতে থাকি পঢ়ক, নহ'লে আকৌ বেয়া হৈ যাব। মই চাই দিমেই, অহৰহ লাগি থাকিমেই। আৰু শিক্ষকবোৰক মই ভালকৈ চিনি পাওঁ, ইয়াক প্ৰতিজন শিক্ষকে চিনি
পৃষ্ঠা:কুলাংগাৰ.pdf/৪৩১
অৱয়ব