সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৪৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আত্মহত্যা 821 “কাৰোৰে মাত ভালকৈ ওলোৱাই নাই। তল মুৰ কৰি আছে মোৰ সমুখত। কোবৰ বিষবোৰ লুকুৱাব খুজিও লুকুৱাব পৰা নাই।' বিপুলে ক'লে। সুকন্যাই চিন্তিতভাবে সুধিলে, ‘মাইকীবোৰক কিবা কৰিছে নেকি? ” ‘সেইবোৰ একো নহ’ল দেই! তাত আৰ্মিয়ে সেইবোৰ কৰা নাই। এতিয়াহে কন্দা- কটা চলি আছে, দুজনীকৈ ছোৱালীৰ গাত ইহঁতে লেঠা লগাই থৈ যোৱা নাই জানো! 'বিপুলে লগতে অলিন্দলৈ চাই ধমকি দি ক'লে, ‘ঐ, তই যা ইয়াৰ পৰা’, অলিন্দই দুখোজমান আঁতৰি যোৱাৰ নিচিনা কৰি আকৌ ৰ'ল, বিপুলহঁতে কথাত মচগুল হৈ তালৈ পুনৰ মন নকৰিলে। সুকন্যাই আচৰিত হৈ সুধিলে, “কাৰ ঘৰৰ ছোৱালী? ল'ৰাকেইটা কোন আগতে মানুহে জানিছিলে নে নাই? “... আগৰখিনি নাজানো আৰু মই! মোৰ লগত এতিয়াহে ওলাইছে। এতিয়া ৰাইজৰ কেউফালে ভয় হৈছে। ৰাইজখন একেলগে বহিবলৈকে ভয় কৰি আছে। এঘৰীয়া কৰিলে কিজানি আলফাই গুলিয়াই দিয়ে, ল’ৰা দুটা ঘূৰি নাহে বুলিও চিন্তা, বেলেগ নতুন ল'ৰা পাছত থাকিবলৈ আহিলেও কাক কি ক'ব, সিহঁতক গোচৰ দি কি পাব? গোচৰ দিবলৈ কাৰ সাহ আছে? সিফালে আকৌ, কথাটো যদি ওলাই যায় যে আলফা ল'ৰাৰ লগত সেইটো হৈছে, গোটেই গাঁৱৰ মানুহ ধৰা পৰি নাযাব? তেতিয়া আমিয়ে সুদাই এৰিব? সেইফালেও মৰণ হৈছে এতিয়া।’ সুকন্যাই এইবোৰ এনেয়ো সহ্য কৰিব নোৱাৰে, নিজৰ পচন্দত বিয়া হোৱাটোৱেই তাইৰ মানত এক ব্যভিচাৰ। ব্যভিচাৰী বিপ্লৱীৰ প্ৰতি তাইৰ ঘিণ লাগিছে। হোজা মানুহবোৰৰ ওফাইডাঙৰ মাজত ফচিছে ছোৱালী দুজনী, সিহঁতেও সেইকেইটা ল'ৰা দেখি বৰ মানুহ হিচাপে লৈ ক'ব নোৱৰা হৈ সপি দিছিল চাগে— – তাইৰ দুখ লাগিছে, কৰুণাও জাগিছে, উদ্বিগ্নও হৈছে, তথাপি ৰাইজৰ অৱস্থাটো শুনি তাই খুব ৰং পাইছে। ভগবানে কেনেকৈ মিলাইছে! উৰুকা দিনাহে ঘটিবলৈ পালে!' তাই পুনৰ তৃপ্তিৰে ক’লে, “মানুহক অন্যায় কৰা, হাতে হাতে পাইছে। এতিয়া বুজিছে বা নাই! কোন সতেৰে আমাৰ আগত নাককেইটা উলিয়াইছে! গোটেইজাকৰ চেহেৰাবোৰ চাবলৈ মন গৈছে মোৰ। কেনেকুৱা বিচাৰ সিহঁতৰ আগতে! এটা এটা বৰ মানুহ সেইকেইটা! কেনেকুৱা আশান্তি দিলে আমাক, গা আজিও বেজবেজাই যায়! এতিয়া তহঁতৰ নিজৰ কি গতি হৈছে?' তিনিমাহৰ পাছত মেট্ৰিকৰ ৰিজাল্টৰ দিনটো আহিল। চন্দনো স্কুললৈ যাবলৈ আহিছে, তাৰ মুখত হাঁহি বাগৰি আছে। ৰূপটো দেখি সুকন্যায়ো হাঁহি মাৰি কৌতুকেৰে সুধিলে, ‘আজি নোকোৱাকৈয়ে তই যাবি নেকি?”