সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৪২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

820 কুলাংগাৰ অলিন্দই একদমেই গুৰুত্ব দেখুওৱা নাই, ওচৰত থাকিলেও বেলেগ কামত মন দিয়া নিচিনাকৈ থাকে, নতুবা আঁতৰি গুচি যায়। তাৰ যে অকণো মন নাই সুকন্যাই বুজিছে। সি মাথোঁ এদিন তাইক ক’লে, ‘মামাৰ কথালৈ কাণ নকৰিব, সেইখন স্কুল ভাল নহয়, বেলেগ কোনোবাই পঢ়িছে পঢ়ক।' তাৰ ভাবটো বুজিয়েই চন্দনেও অধিক জোৰ দি বক্তৃতা দিয়া আৰম্ভ কৰিছে। বিহুৰ পাছত হৰিচাপৰিলৈ গৈ ঘুৰি আহি বিপুলে চোতালত উত্তেজনাৰে ভুনভুনকৈ সুকন্যাক কিবা কৈ থকা অলিন্দই দূৰৰ পৰা দেখিলে। সুকন্যাই মন দি শুনিছে। ঠেহেৰ ঠেহেৰ কৰি থকা, কোদোৰ-মোদোৰ হৈ থকা মানুহ দুটাৰ পুনৰ অস্বাভাৱিক সুস্থ বাৰ্তালাপ! চাৰি-চকু উজ্জ্বল, মুখত তীব্ৰ কৌতূহল। “কি হ'ল? এডমিছনৰ সম্পৰ্কত মামাই কিবা কৈ পঠিয়াইছে নেকি? মানুহবোৰে যে চাপৰি সলোৱাৰ কথা আছিল, মথাউৰিৰ তললৈ গুচি আহিল নেকি? ইয়াত থাকোঁতেই ঘৰ-দুৱাৰ খহাই নিলেবা!’সি সিহঁতৰ কাষ চাপিল। ... বিহু কি কৰিলে?’সুকন্যাই সুধিছে। ‘হেইচফা।’বিপুলৰ মুখৰ উত্তেজনা কাষৰ পৰা দেখি অলিন্দৰো গাৰে বিজুলী পাৰ হৈ গ'ল। ‘মোক কৈছে নহয়, সম্পূৰ্ণ গাঁও বজ্ৰ পৰি নিতাল মৰাৰ দৰে চেঁচা হৈ পৰিল। ঢোলবোৰত পানী পৰাৰ দৰে মাত নাইকিয়া হ'ল, চুবলৈ কাৰোৰে হাত আগ নাবাঢ়িল ঘূৰি অহাৰ পাছতো। বিহুকেইদিন ডাঙৰ মানুহ এটাওতো নাই, কেম্পতে বন্দী। ল'ৰা-ছোৱালী সোপাই কেনেকৈ খালে—মেলিলে হিচাপ নাই আৰু। থাকিল তেনেকৈয়ে ভয়ে ভয়ে। তিয়নি পিন্ধা ভাগেই বগাইহঁতক পিটি পিটি লৈ গুচি গৈছে!' “আৰু সেই ল'ৰাজাক ক’লৈ গ'ল?’ “সিহঁত আগতেইতো ভাগিল। সিহঁতে কেনেবাকৈ খবৰ পালে। মই অহালৈকে এটাৰো গম-গতি নাই। সিহঁত আকৌ অহাৰ আশা নাই। ' “আমি যদি আকৌ আহে, আপোনাকো ধৰেবা? কোনোবাই যদি মিছাকৈ লগাই দিয়ে?” ‘মোক নধৰে। কেলেই ধৰিব! সিহঁতৰ চোৰাংচোৱা আছেতো। মোৰ চোতালেদিয়েই কেইটামান সৰকি গৈছে বোলে। ৰাজীৱহঁত যে কেনেকৈ বাচি গ'ল! এইটো চাপৰিৰ পৰা উঠি গ'ল কাৰণেই বাচিল এইবাৰ।’ ‘সেইকেইটায়ো পাব কোনোবা এদিনা সেকা। চাকৰিটো গ’লে গম পাব। গাঁৱৰ মানুহজাকে আপোনাক মাত-বোল কৰিব পাৰিছে নে?' তৃপ্তি আৰু আক্ৰোশত সুকন্যাৰ চকু তিৰবিৰাই উঠিল। অলিন্দই বুজি পালে ঘটনাটো। ক'ত দেশ স্বাধীন কৰাৰ চিন্তা, ক'ত শাসকৰ বিদ্ৰোহ দমন, আৰু তাৰে মাজত এসময়ত অত্যাচাৰ কৰা গাঁওখনৰ মানুহবোৰৰ শাস্তি দেখি ক'ত কেনেকৈ সুকন্যাহঁতৰ তৃপ্তি! কৰ ক'ৰ মানুহবোৰ যে ক'ত কেনেকৈ চলি আছে! আমি ল'ৰাবোৰ, আলফা ল'ৰাবোৰ, বাকী মানুহবোৰ! এআকাশ ত তীব্ৰ ধোঁৱাৰ মাজত সোমাই চৰায়ে যাদৃচ্ছিক গতি লোৱাৰ দৰে সমস্ত মানুহৰ মাজৰ কোনো সুস্থিৰ পৰিৱেশ মনলৈ আনিব নোৱাৰি অলিন্দও অস্থিৰ হৈ উঠিল।