“হ’ব পৰীক্ষা! এসপ্তাহ-দহদিন পিছুৱাব চাগে। আজি এনেই গৈ টেনচন লৈছে সি।”
‘সি যোৱাটো ভবা নাছিল, ময়ে ক'লোঁ যাবলৈ— গৈ চাই আহ বোলো কি হৈ আছে, পৰীক্ষা-চেণ্টাৰটো আগতীয়াকৈ এবাৰ চাই অহাও হ'ব।’
সিহঁত মনে মনে ৰ'ল।
পৰীক্ষা ভাল হোৱাৰ বিশ্বাসটোৱে সুকন্যাহঁতক আনন্দিত কৰি ৰাখিছে, জগতখন সলনি হৈ পৰিব যেন ভাবত ৰিজাল্ট ওলাব লগীয়া দিনটো মনলৈ আহি আছে, যদিও মুখেৰে উচ্চাৰণ কৰি পাছটো প্ৰকাশ কৰাটো ভবা নাই তথাপি তাইৰ আক্ৰোশ-ক্ৰোধৰ পাত্ৰস্বৰূপ মানুহবোৰৰ প্ৰতি নানা গৰ্ব-ফুটনিৰে তাই মন ভৰাই ৰাখিছে। তাই হৰ্ষোল্লাসেৰে আকৌ ক'লে, “সি পৰীক্ষাটোলৈ সিমান চিন্তা কৰা দেখাই নাই, আমাৰহে চিন্তা! সি টেষ্টৰ আগৰে পৰা মোক সুধিহে আছে— পাছ কৰাৰ পাছত ক'ত পঢ়ুৱাব? তাৰ লুইত কলেজত পঢ়িবলৈ ইচ্ছা। মাজে মাজে সি খা-খবৰ উলিয়াই থাকে। সি তেতিয়াৰ পৰাই পৰীক্ষাৰ পাছৰ কথাহে ভাবি আছে।” আনন্দৰ হাঁহি এটাৰে তাইৰ দাঁত জিলিকি উঠিল।
চন্দনৰ গাটো চেৰেংকৈ মাৰিলে, মুখৰ ৰূপ সলনি হৈ পৰিল। সিহঁতৰ চিন্তাটো স্তব্ধ কৰি দিব পৰাকৈ এষাৰ ক'ব বিচাৰিও, পৰিস্থিতিৰ বোধ হেৰাই যোৱাত তাৰ মুখৰ পৰা একো নোলাল। অলিন্দই ইচ্ছা কৰিছে মানে, সুধি আছে মানে, কথাটো কিমান পৰ্যায়ৰ? অলিন্দই ইচ্ছা কৰিছে মানেই তাৰ যুঁজটো উচ্চ-গণিত লোৱাৰ সময়তে চন্দনে বুজি থৈছে। অশান্তিত চন্দনৰ দিনটোৱেই নষ্ট হৈ গ'ল। সিহঁতৰ পৰা আঁতৰিবলৈ সি চুপ-চাপ ভিতৰলৈ গ'ল, চকী এখনত বহি লৈ সি আহি থকা দিনবোৰ ভাবিলে— এইবাৰ হয়তো এযুঁজ ভালকৈয়েই দিব লগীয়া হ'ব!