সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৪২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪১৬ কুলাংগাৰ গ’ল বেলেগ ফালে। বহি থকা এটাই কৈছে কি— নালাগে নিব, নিলে সিহঁতে আকৌ আনিব, মই হাক দিছোঁ— বাটাম য'ৰ পৰা আনিছ বাৰু আনিছ, কিন্তু আনি বেয়া কৰিছ, তোমালোকৰ বুলি কোৱা নাই নহয়, কোৱা হ'লে লগে লগে ঘূৰাই পঠিয়াও। বেলেগ এটাই কৈছে আকৌ— আমি এতিয়া আহি পাইছোঁহি, দেখিছোঁ জ্বলি আছে, সিহঁত আহিলে হাক দিম, এইবোৰ কৰিব নালাগে। সেইখন গাইছে। সমুখতে আমাক দেখিম বুলিতো সপোনতো ভবা নাছিল।'

পৰীক্ষা নহ'ল। অলিন্দহঁত, ছাত্ৰ-ছাত্ৰীবোৰ মেট্ৰিক পৰীক্ষাৰ চেণ্টাৰৰ পৰা উভতি আহিল। “যা যা, বাহিৰত ৰ’ব নালাগে, পৰীক্ষা পটককৈ ঘোষণা কৰি দিব, পঢ়ি থাকগৈ যা। ছাৰসকলক পাইছিলি নে? কি কৈছে?' সুকন্যাই অলিন্দক সুধিলে। ‘নতুন ৰুটিন ওলালে পাছদিনাই হৈ যাব বুলি কৈছে। পঢ়ি থাকিবলৈ কৈছে।’ ‘অ’অ’, পঢ়ি থাক, মূৰ নদঙাকৈ পঢ়ি থাক।’ ‘আজি যাবই নালাগে নহয়! গধূলিৰ বাতৰিত শিক্ষক সংস্থাৰ সভাপতিয়ে খাটাং কৈছে, পৰীক্ষা বৰ্জন কৰিবই। এনেই সময় নষ্ট কৰিছ।' চন্দনে ক'লে, সি সোমাই অহা সুকন্যাহঁতে মনেই কৰা নাছিল। ‘হোৱা হ’লে তইতো আহি নাপালিহিহেঁতেন! সেয়াহে পিছে!' প্ৰথম দিনা সি আগবঢ়াবলৈ অহাটো এটা কৰ্তব্যৰ দৰে সুকন্যাই ক'লে। চন্দনেও জানে, মেট্ৰিক নামৰ উৎসৱটোত মিতিৰ-কুটুম্বে কি কৰে। তাৰোপৰি তাক পঢ়ুৱাই থোৱা, সি অলিন্দক পঢ়ুৱাবলৈ এসময়ত আনি লোৱা, আৰু এতিয়া অলিন্দ ৰিজাল্ট ভাল হ’বই— গোটেইবোৰ মিলাই তাৰ সম্পৰ্কটো অধিক সমৃদ্ধ হৈ থকা যেন ভাবিছে সি আজি। মুখত সি ৰহস্যপূৰ্ণভাবে মিঠাকৈ হাঁহি এটা উলিয়ালে। গোন্ধ এটা পাই সুকন্যায়ো কৌতূহলেৰে হাঁহি বিৰিঙালে। ‘মই জানোৱেই আজি পৰীক্ষা নহয়, কিয় আহিম ম‍ই!' কৌতুক আৰু গৰ্ব মিহলি কৰি সি ক'লে। আকৌ হাঁহি মাৰি সি মোনাৰ পৰা পেকেট এটা উলিয়াই অলিন্দলৈ আগবঢ়াই দিলে, “ল!’ সৰু ধুনীয়া হাত-ঘড়ী এটা। ভায়েকটোক বিচাৰি পোৱাৰ হেঁপাহৰ হাঁহি এটা সুকন্যাৰ মুখত ওলাল। কথা সলাবলৈ তাই সুধিলে, “শিক্ষক সংস্থাৰ দাবীবোৰ মানি ল'ব নে? কি হ'বগৈ এইবোৰ? শিক্ষক সংস্থাই শ্ৰেণী বৰ্জন কৰিয়েই আছে, আৰু চৰকাৰে ৰং চাই আছে! সেইকাৰণেহে আজি এইবোৰ হ'লগৈ! কৈয়েই আছিল, মেট্ৰিক বৰ্জন কৰিম, বৰ্জন কৰিম। চৰকাৰে ৰং চাব লাগে কিয়! পৰীক্ষা হ'বগৈ নে বাৰু?