সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৪২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

818 কুলাংগাৰ আবেলি চন্দন আহিল। সিও সেইটোকে কৈছে। সিহঁতে শেষ নিশাৰ কথা ভাবি আছিল, কিন্তু ন বজাত এজাক ডেকা-আদহীয়া সোমাই আহিল, “দাদা, আমাক খৰি অলপ লাগে। জেওৰা নাভাঙো, খৰি নিজেই দিয়ক।’ বাংকাৰত লুকাই থকা মানুহে যুদ্ধ সমাপ্ত হোৱাৰ খবৰটো পোৱাৰ দৰে উৎফুল্লিত হৈ বিপুল-চন্দনে এবোজা এবোজা খৰি আনি দিবলৈ দৌৰ দিলে। ইমানতে যে শেষ হ'ল কাহিনীটো! ৰাইজক হাতযোৰ কৰাৰ মূল্যটো বুজি পালে! খৰিকেইডাল নিছে নিয়ক, ভদ্ৰতাটো যে শিকিলে!' বাৰাণ্ডাৰ আন্ধাৰত ৰৈ থকা সুকন্যাৰ শান্তি লাগিল। খৰি লৈ সিহঁত গুচি গ'ল। আনন্দত সুকন্যাহঁত চকোৱাৰ বাহিৰলৈ ওলাই আহিল। ‘একোৱেই নাইচোন৷ আপোনালোকে এনেই ভয় কৰি আছিল!’মিস্ত্ৰী এজনে ক’লে। ‘ই..., তোমালোকে যোৱাবাৰ নেদেখিলা!’ ‘ঐ ইনছ, টৰ্চটো লৈ আনচোন। দূৰৰ পৰা যোগালি এজনে আন এজনক মাতিলে। ‘ঐ, কিবা হৈছে নেকি?’মিস্ত্ৰীজনে সুধিলে। “বাটামকেইটা নাই, টৰ্চটো আন!” “কি! সেইখিনিত আছিল জানো?' গোটেইবোৰ দৌৰি গ'ল। ডাঙৰ ডাঙৰ চাৰিটা বাটাম ঘৰটোৰ কাষত আছিল, উঠাই লৈ গ'ল। “নিছে নিয়ক দিয়া, বাটামকেইটাৰ খৰচটোতকৈ শান্তিটো ডাঙৰ কথা।' সুকন্যাই ক’লে। কিন্তু, ইমান ডাঙৰ বাটামকেইটা নিয়াত মিস্ত্ৰী-যোগালীকেইজনৰে আশান্তি লাগি গৈছে। ‘ঐ ৰদ বেঁকা কৰা শালখনো উঠাই লৈ গ'ল! ‘সেইখন তৎক্ষণাৎ কেনেকৈ উভালিলে! এই, ভালকৈ ঘুৰি চা চা, কি কি নিলে আৰু ঠিক নাই।' ‘এটা কাম কৰোঁ!’চন্দনে হেড-মিস্ত্ৰীজনলৈ চাই ক'লে, পৰিস্থিতিটো শান্তিৰে পাৰ হৈ যোৱাৰ ৰংটো তাৰ কমা নাই, ‘আপুনিয়ে ময়ে গৈ আহোঁ ব’লক। সিহঁতে বাটৰ কাষতহে জ্বলায় সদায়। আমি চাই আহোঁগৈ৷ ঘুৰাই আনিবলৈ যোৱাৰ নিচিনাকৈ যাওঁ, কিন্তু নানো। আনিলে সিহঁত আকৌ আহিব। গতিকে, যোৱাটো গ’ল, নানো। কিন্তু আমি গৈ আহোঁ, সিহঁতে ভাবক— যে নিবলৈ আহি এৰি গৈছে।' ‘ধেৎ নালাগে। মাৰ-পিট হ'ব। সুকন্যাই ক'লে।