মুক্তিৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা ‘ক্লাছ নহ’ল? ছাৰ আহিব নোৱাৰিলে নেকি?' সি ঘৰলৈ সোমাওঁতেই সুকন্যাই সুধিলে। ‘আমাৰ স্কুলত ক'লা পতাকা উৰুৱাই থৈছে। বন্দুকৰ সৈতে দুটা ল'ৰা ৰুম এটাত বহি আছে। আমি বাহিৰৰ পৰাই গুচি আহিলোঁ।’ সি টেবুলৰ কাষত বহিল। সুকন্যাই আহি চাহ এগিলাছ আৰু বিস্কুট দুটা দি ক'লে, ‘বাবাক দি থৈ আহগৈ যা।' শনিবাৰ কাৰণে বিপুলে পতাকা উত্তোলনৰ দায়িত্ব বেলেগক চমজাই কালিয়েই গুচি আহিল। সি বাহিৰত কাম কৰি আছে। অলিন্দই চাহ লৈ যোৱা দেখিয়েই বিপুলে হাত দাঙি পিটিবলৈ খেদি আহিল, “যা যা, ভাগ। নাহিবি চাহ লৈ মোৰ ওচৰলৈ।' অলিন্দই ভয় খাই লৰালৰিকৈ ঘুৰি আহি পাকঘৰত সুকন্যাৰ ওচৰত গিলাছটো আৰু বিস্কুট দুটা থৈ দিলে। তাই ৰং পোৱাৰ দৰে খিটখিটকৈ হাঁহিবলৈ ধৰিলে, অলিন্দই দেখি বুজিলে— তাই জানিছিল কিবা এটা ঘটিবই, হালৰে কিবা এখন লাগিয়েই আছিল। হতাশাত সি আঁতৰি আহি পঢ়া-টেবুলৰ সমুখত বহিল। সি বাহিৰলৈ কাণ কৰিলে, বিপুলে সুকন্যাক বলকি আছে। চাৰিওফালৰ চকোৱাৰ ভিতৰত সিহঁত বাহিৰৰ জগতৰ সৈতে সংস্পৰ্শ নথকা দৰে হৈ আছে। এইখন যেন এখন বেলেগ ৰাজ্য। স্কুলত দেখি অহা পৰিৱেশ, গোটেই বাটটোৰ পৰিৱেশ, আৰু এতিয়া ঘৰৰ পৰিৱেশ— কোনো সংযোগ নথকা ইটোৰ পৰা সিটোলৈ সৰকি আহি অলিন্দৰ মনত মাথোঁ অশান্তিয়ে খুঁচি ধৰিছে। হৰিচাপৰিত আলফাই স্কুলত কোনোদিন একো কৰা নাই, একেটা কামেই তাত কৰা হ'লে সুকন্যাহঁত ভয়ত কঁপি থাকিলহেঁতেন, এতিয়া কথাটো শুনিও একো প্ৰতিক্ৰিয়াই যেন হোৱা নাই, ‘ইয়াত ভয় নলগাৰ কাৰণটো কি?” গধুলি আটাইকেইটা বহি ভাত আধা খাই হওঁতে বিপুল-সুকন্যাৰ আকৌ লাগিল। লগে লগে অলিন্দৰ আভোক লাগি আহিল, মুখলৈ ভাত নিবলৈ তাৰ অকণো আগ্ৰহ নোহোৱা হ'ল। অকণমান সময় লিৰিকি-বিদাৰি থাকি কাঁহীখন লাহেকৈ একাষলৈ দি সি বাটিটোত মুখ ধুলে। “খাব নোৱাৰ যদি চোৱাৰ আগতেই থৈ নিদিয় কিয়? চুৱা ভাতবোৰ যে সদায় থ’বলগীয়া হয়!' সুকন্যাই তাক ধমকি দিলে। সি একো নামাতি উঠিল। নিশা তাৰ টোপনি ভাগিল। পেটৰ ভিতৰটো লৰচৰ কৰি আছে, তাৰ ভোক লাগিছে। কিবা চক খাই সাৰ পালে নে ভোকত সাৰ পালে সি ধৰিব পৰা নাই। ভোকটো দমাই টোপনি যাবলৈ সি চেষ্টা কৰিলে। দিনটোৰ ঘৰখন, পুৰণা ঘটনাৰ টুকুৰা কিছুমান থুপ খাই তাৰ মনলৈ সোমাই আহিল, চেলাউৰি দুটা কিহবাই খামুচি ধৰাৰ দৰে অশান্তি বাঢ়িবলৈ ধৰিলে, পেটৰ চলনলৈ তাৰ সচেতনতা নোহোৱা হ'ল, এন্ধাৰতে তাৰ গোটেই মুখখন চেপা খোৱাৰ দৰে হৈ পৰিল।
পৃষ্ঠা:কুলাংগাৰ.pdf/৪১৬
অৱয়ব