কুলাংগাৰ স্কুলৰ পৰা ঘাইপথলৈ আধা কিলোমিটাৰ। সিহঁত ঘাইপথটোৰ মুখত ৰ'ল। ‘বাটৰ কাষৰ স্কুলবোৰ ঠিকেই আছে, আমাৰ স্কুলখন ভিতৰত কাৰণে সেইকেইটা সোমাইছেহি চা!’এটাই খঙত ক’লে। ‘ছাৰহঁতৰ লগত কিবা লাগিছে নেকি? ছাৰহঁতক অপমান কৰাৰ দৰে কৰিছে।’‘তেনেকুৱা একো নালাগে, কেলেই লাগিব? কিন্তু এটা কথা হ'ব পাৰে, আমাৰ স্কুলখন ভাল যে, নিয়মীয়াকৈ ক্লাছ হৈ থাকে, সেইকাৰণে আখেজো হ'ব পাৰে। ‘মই কৈছোঁ নহয়, ভিতৰত কাৰণেই সোমাইছে। গাঁৱৰ স্কুলবোৰত দেখা নাই— সিহঁতৰ প্ৰতীকটো ৰাতি ৰাতি ডাঙৰকৈ আঁকি থৈ যায়। সেইকাৰণে মানুহবিলাকে আজিকালি ল'ৰা-ছোৱালীক মেইন-ৰ'ডৰ কাষৰ স্কুলত দিয়েহি, বন্ধ দিলেও ক্লাছ কৰিব পাৰে। গাঁৱৰ স্কুলবোৰ ধ্বংস কৰিব।’‘ঐ, ৰৈ নাথাকোঁ, যাওঁ ব'ল।’ ঘাইপথটো নিজান। ঘৰবোৰত মানুহ ওলাই থকা নাই, কোনোবা একোঘৰত মাথোঁ এজন মানুহে বাৰীত জুপুকা মাৰি কাম কৰি আছে, গোটেইবোৰ ভিতৰত সোমাই থাকিলে সন্দেহ কৰাৰ ভয়তহে নিশ্চয় সেইকেইজনেও তেনেকৈ আছে। বহঁতপুৰ আৰু লতাজানৰ স্কুলবোৰত আঁকি থৈ যোৱা প্ৰতীকটোৰ দৃশ্যবোৰলৈ অলিন্দৰ মনত পৰিল। পুলিচে ও দেখেগৈ যদিও ওপৰত নতুন ৰং লগাই মচিবলৈ ভয় কৰে। ‘স্কুলবোৰ কিয় ব্যৱহাৰ কৰে?’সি ভাবিলে, চৰকাৰে স্কুলে স্কুলে ছালফাবোৰ ভৰাই দিছে, সেইবাবেই স্কুলবোৰত ভয়ৰ পৰিৱেশটো সৃষ্টি কৰিছে নেকি? এইখন স্কুলত এজনো ছালফা নাই, তথাপি কাইলৈৰ পৰা ইয়াতো একেটা পৰিৱেশ থাকিবনে? খোকানৈ হাইস্কুল নামটো কোৱাৰ লগে লগে কিমান এটা বৃহৎ অঞ্চলৰ মানুহে শ্ৰদ্ধা আৰু সমীহ কৰে, কাইলৈৰ পৰা সেই ভাব মানুহৰ মনত বা ল'ৰা-ছোৱালীবোৰৰ মনত থাকিবনে! প্ৰায়ভাগ ঠাইতেই শৈক্ষিক পৰিৱেশ অতি বেয়া। শৈক্ষিক পৰিৱেশ নোপোৱা মানুহক খোকানৈ হাইস্কুলক অসন্মানেৰে চাবলৈ মাথোঁ এটা অজুহাতেই বহুত! আন্দোলন, কৰ্মচাৰীৰ অসহযোগ, পালমৰা অসৎ ব্যভিচাৰী উদণ্ড শিক্ষক, ছাত্ৰ-ছাত্ৰীক অৱহেলা, নকল বিলোৱা, কত কি বেয়াৰ মাজত কি আদৰ্শৰে বলীয়ান হৈ এই সমসাময়িক ডেকা শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ প্ৰতি নিজৰ দায়িত্ব উলিয়াই লৈছে!’ভাবি সি আচৰিত হৈছে, ‘নিয়মীয়া পাঠদান, আবেলিৰ শেষ সময় পৰ্যন্ত উপস্থিতি, শ্ৰেণীৰ অন্তিম স্থানৰ ছাত্ৰ-ছাত্ৰীগৰাকীৰো উপযুক্ত তদাৰক, পাঠদানৰ পূৰ্ণ-পৰিকল্পনা, বিষয়-বস্তুৰ আকৰ্ষণীয় উপস্থাপন, শিক্ষক-ছাত্ৰ-ছাত্ৰী-অভিভাৱকৰ সু-সম্পৰ্ক গঠন, কপটতাহীন, সততাপূৰ্ণ ভাবধাৰা— এইবোৰ যেন তেওঁলোকৰ হ’বিহে! ঘৰতে দেখি থকা বাবাহঁত বা মামাহঁতৰে আচৰণবোৰ কেনে বেয়া!' যোৱা মিটিং এখনত অতিথি এজনে কৈছিল, ‘কেইজনমান সৎ চৰিত্ৰৱান আৰু সমাজ গঢ়া মানুহে এই স্কুলখন গঢ়ি তুলিছিল।' তাৰে এজনে পাঁচখন স্কুল প্ৰতিষ্ঠা কৰিছে। কোনোবা গাঁৱত তেওঁ নিজে শিক্ষকৰূপে স্কুলখন স্থাপন কৰে, শিক্ষকসকলৰ মাজত এটা আদৰ্শ প্ৰতিষ্ঠা কৰে, চৰকাৰক লাগি লাগি দৰমহা অহা কৰে, আৰু তাৰ পাছত তেওঁ স্কুলখন এৰি দিয়ে। আকৌ আন এখন গঠন কৰিবলৈ যায়। সেই মানুহজনো মিটিংখনত বহি আছিল। অলিন্দই তেওঁক নিৰ্মল দেৱতাৰ দৰে চাইছিল।
পৃষ্ঠা:কুলাংগাৰ.pdf/৪১৫
অৱয়ব