মুক্তিৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা ধৰাৰ ভয়, বন্ধ দিয়াৰ পাছতো বাহিৰ ওলোৱা কাৰণে আলফাৰ হাতে মাৰ খোৱাৰ ভয়। “তহঁতক দেখিলেই চিনি পাব, মেট্ৰিক দিয়া ল'ৰা-ছোৱালী। কোনেও একো নকয়৷ আগষ্ট মাহৰ ভিতৰত ক্লাছটো শেষ কৰিবলৈ হেড ছাৰে কৈ দিছে, সিটো মাহলৈ এদিনো যাব নোৱাৰিব। সিটো মাহৰ পৰা তহঁতক ৰাতিপুৱা ঘৰত পঢ়িবলৈ সময় দিছে। গতিকে কাইলৈ খাটাং আহিবি। এদিন খতি হোৱা মানেই লোকচান। মোক কোনোবাই ধৰিলেও বুজাই কৈ-মেলি আহিম। মইতো গাঁৱে গাঁৱেই আহিম, চিনি পায়েই মোক, ঘাই-পথটো অকণমানহে পাম, একো নহয়।’ ৰাতিপুৱা অলিন্দহঁত কেইটামানে সমুখত ভস্ম দেখাৰ দৰে স্কুলৰ চৌহদটোলৈ নোসোমোৱাকৈ থমকি ৰৈ দিলে। আগদিনা চিকুণাই থোৱা বেদীটোত ক'লা পতাকা এখন উৰি আছে, কোঠা এটাৰ দুৱাৰ-খিৰিকী দুফাল, ডেক্স-বেঞ্চ অথালি-পথালি, ভিতৰত দুটা ল'ৰাই ডেক্সত বহি টঙি-ঘৰৰ পৰা আলেখ-লেখ চোৱাৰ দৰে চাই আছে, টেবুল এখনত পেলাই থোৱা এ কে-৪৭ এটা অলিন্দহঁতে স্পষ্টকৈ দেখা পালে, আন এখন টেবুলত দুটা মদৰ বটল, সিফালে ডেক্স এখনত খাই শেষ কৰা পেকেট কিছুমান আৰু খাদ্য বন্ধা মুকলি কাগজ এসোপা। ‘হয়তো আৰু ল'ৰা আছিল, ৰাতি চাহ-বিস্কুট, ৰুটি- মাংস খাইছিল। ইয়াতো আলফা ওলায়? হেই, মই কি ভাবিছোঁ! এইবোৰ ঠাইতেতো সিহঁতৰ কাম বেছি। ছাৰক ভিতৰত বন্দী কৰি থৈছে নেকি?' অলিন্দই শেঁতা পৰা মুখখন লৈ মনে মনে ভাবিলে। মাজুলীৰ পৰা একেবাৰে অহাৰ পাছত এটাও আলফা-ল’ৰাক পৰিচিতভাবে নেদেখি, আঘোণত কুলিৰ বিষয়ে পাহৰা যেন হৈ আছিল তাৰ। দিনে দিনে ছাত্ৰ সন্থাই দিয়া বন্ধ, শিক্ষক সন্থাৰ শ্ৰেণী-বৰ্জন, এইবোৰৰ প্ৰভাৱে ইয়ালৈ অহাৰে পৰা মগজ ছানি ধৰি আছিল। বন্ধবোৰৰ মাজতো সিহঁতৰ এই শিক্ষককেইজনে ক্লাছবোৰ কেনেবাকৈ কৰাৰ উপায়হে বিচাৰে। ভয়ে ভয়ে সি মূৰ লৰচৰ নকৰাকৈ চৌহদটো নিৰীক্ষণ কৰিলে, সমুখত এখনো চাইকেল নাই, আন কোঠাকেইটা ঠিকমতেই বন্ধ হৈ আছে, “ছাৰক ইয়াত বন্দী কৰি থোৱা নাই, হয়তো তেওঁ আহিবই নোৱাৰিলে।' কাষৰ এঘৰৰ মানুহ এজনে বাৰীত কাম কৰাৰ ধৰণে ছেগ লৈ অলিন্দহঁতৰ ওচৰলৈ আহি টিপতে ক’লে, “তোমালোক লাহেকৈ গুচি যোৱাগৈ দেই। ছাৰ আহিব নোৱাৰিব। তোমালোকৰ লগৰ দুটামানে গম পাই মেইন-ৰ'ডৰ পৰাই উভতি গৈছে। তোমালোক ভিতৰলৈ নাযাবা, যোৱাগৈ।’ “আৰে! হাতত বন্দুক আছে কাৰণেই, স্কুলখন ঘাইপথত নাই কাৰণেই তহঁতৰ এইটো বাহাদুৰি?' অলিন্দৰ মনত ভীষণ খং উঠিল, নিজৰ হেঁপাহৰ স্কুলখনৰ কোঠাৰ লেতেৰা কৰা ৰূপটো দেখি তাৰ অশান্তি লাগিছে। চুপে-চাপে সিহঁত উভতিল।
পৃষ্ঠা:কুলাংগাৰ.pdf/৪১৪
অৱয়ব