সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৪১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

802 কুলাংগাৰ পাতি পাইছিল?’আজি প্ৰথমবাৰ আতাকলৈ খং উঠিল অলিন্দৰ মনত। সি অনুভৱ কৰে তাৰ জীৱনৰ প্ৰথম বন্ধু আছিল আতাক। সি তেনেই সৰু হৈ থাকোঁতেও তেওঁ কোৱা শাস্ত্ৰ-জাতি-ধৰ্মৰ আজে-বাজে কথাবোৰ সি বিশ্বাসযোগ্য পোৱা নাছিল, তথাপি শুনি তাৰ খং উঠা নাছিল, কিন্তু আজি বিৰক্তি লাগিছে, সি আতাকৰ ওচৰৰ পৰা চুপ-চাপ উঠি আয়েকহঁতক চাবলৈ গ'ল। আয়েক পাকঘৰলৈ সোমাইছে, তালৈ গাখীৰ-পানী কৰিবলৈ জুহালখন খুঁচৰিছে। “আই ম‍ই একো নাখাওঁ। অকণমান বহক। ময়ো বহি যাওঁগৈ, গধূলি হ’বই নহয়।’আয়েকৰ জোৰ কৰিবলৈ মন নগ'ল, তেওঁ উঠি বৈয়াম এটা খুলিলে, তাক পিঠা এটা দিবলৈ। “আই, নালাগে, ম‍ই ভাত খায়েই আহিছোঁ, মন যোৱা নাই।' আয়েকে ক'লে, “বাবা অ’, বাৰে বাৰে আমাৰ ঘৰত এইবোৰ কিয় হৈছে জানানে? আমাৰ মানুহবোৰৰ যে মিল নাই। ঘৰখনত যদি মিল থাকিলহেঁতেন, আটাইকেইটা মানুহ একগোট হৈ থাকিলহেঁতেন, এইবোৰ নহয়।' সি সমস্ত অস্তিত্ব পাহৰি পোনতকৈও পোন দৃষ্টিৰে মানুহগৰাকীৰ মুখলৈ চাই ৰৈ থাকিল, “আনে একেৰাহে অঁকৰা অঁকৰা কৰি থকা মানুহগৰাকীয়ে এনেকুৱা এষাৰ এষাৰ কথা কেনেকৈ কয়?’আজিলৈকে সি জীৱনত তিনিবাৰমান শুনিলে। ‘ককাই কৈছে সেয়া, অঁকৰা মানুহজনীয়ে কৈছে এয়া! তেওঁৰ এনেকুৱা একোষাৰ কথা সকলোৱেইতো শুনিছে এদিন এদিন হ’লেও৷ তথাপি পুনৰ তেওঁক অঁকৰা হিচাপতেই ধৰি থাকে! বহু বছৰৰ মূৰ্তহে শুনে বাবে পাহৰি যায় নেকি! কিন্তু তেওঁতো নিজেও কাজিয়া কৰি থাকে! নিজেও পাহৰি যায়! অঁকৰাটো হয়েই তেওঁ, কিন্তু আনে ভবাৰ দৰে সম্পূৰ্ণ বিবেচনাহীন নহয়৷ মাথোঁ কেনেকৈ সেইটো খটুৱাব লাগে, সেইকথাহে তেওঁ নাজানে। সঁচাকৈ ঘৰখনত কাৰ কাৰনো মিল আছে!’সি আটাইকেইটা মানুহৰ পৰস্পৰ সংযোগ বিচাৰি চোৱাৰ চেষ্টা কৰিলে৷ নাই, একো সংযোগৰ উমান সি মনত বিচাৰি নাপালে। ‘এতিয়া এই তিনিজন মানুহেওনো কিহৰ সংযোগত ঘৰখনত সোমাই আছে? মাথোঁ এটা নিয়মৰ লগৰ নিয়মৰ দৰেহে সোমাই থাকিব ম‍ই যোৱাৰ পাছতো।’ সুকন্যাই কোৱা মতে সি তিনিওজনকে তামোল এখন এখন খুন্দি খুৱাই উভতিল। বহঁতপুৰ গাঁৱৰ মাজভাগত সি অনুভৱ কৰিলে, এইবোৰ ঠাইত সি কেৱল এটা আলহী, তাক নিজৰ দৰে কোনেও নাভাবে। কাৰোৰে ঘৰত তাৰ সোমাবলগীয়া নাই। চকামকা এন্ধাৰত এতিয়া তাক কোনেও চিনি পোৱা নাই, কিন্তু আহোঁতেওতো দেখা পোৱাবোৰে মাতিব খোজা নাছিল। শালবাৰীলৈ যোৱাৰ পাছত, আন কেতিয়াবা আহোঁতে লগৰ ইটো-সিটোক পাই সি ৰৈছিল, সিহঁতেও তাৰ সৈতে ভাল বা বিশেষভাবে চিনাকি নথকা দৰে কৰে, মাতষাৰ দিয়েই দূৰ হৈ যাব খোজে। “কি কাৰণে মোৰ লগত সম্পৰ্ক গঢ়ি নুঠিল? হয়তো শালবাৰীলৈ ঘৰ উঠাই নি ভাল স্কুলত লগোৱা বাবে এতিয়াহে আচল ল'ৰাটোৰ দৰে দেখিছে মানুহবোৰে৷ আগতে সদায় জোকাই থকা মানুহটো যে নহয়, মোৰো সচেতন মা-দেউতা আছে, ঘাই-পথৰ কাষলৈ উঠি যাব পৰা ধন আছে,