মুক্তিৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা দেখি দুয়োজনীৰ মুখ শেঁতা পৰি গ'ল, আতংকৰে তাৰ মুখলৈ চালে, কৈ থকাজনীৰ মুখখন মেলাতে থাকিল। সি স্পষ্টকৈ শুনিও নুশুনাৰ দৰে নিজেই সহজ কৰি ক'লে, “ভিতৰলৈ ব’লা! ইয়াতে বহি থাকিব নালাগে।' সিহঁত দুয়োজনী এইবাৰ ধপকৈ উঠিল, ‘অ’যাওঁ যাওঁ।’ “নিজৰ হৈও কিয় নিজৰ নিচিনা নহয়? নিজৰ বায়েক-ভনীয়েক-ভাইহে! ইমান জেদ কিয়! নিজৰ মানুহ কাৰণে এটায়ো আনটোক এৰিবও নোৱাৰে, কিন্তু এটায়ো আনটোৰ প্ৰতি ভাল ভাবো ল'ব নোৱাৰে। সৰুমাহী আগতে কিমাননো ডাঙৰ আছিল? সৰু দেখি মৰমতে বেছিকৈ কিবা মাহঁতে দিছিলেও চাগে। সৰুকালৰ আখেজটোও এতিয়া ইমান ডাঙৰ হৈও গুচা নাই নে?’অলিন্দই ভাবিলে। একেলগে তিনিওজনীয়ে কান্দি লৈ, পিছ মুহূৰ্ততে তাৰে মাজৰ এজনীৰ লগত জেদ-বাদ কৰা দেখি সি বেছি আচৰিত হৈছে। সিহঁত তাৰ লগে লগে আহি ভিতৰ পালেহি। ‘বাবা এতিয়া তালৈ যাব লাগিব! পৰীক্ষা পালেহিয়েই। মেট্ৰিক মানে এবছৰৰ আগৰ পৰাই পঢ়ে মানুহে। তাৰহে দিগদাৰখন হ'ল আজি, আমিও আহিলোঁ।' ডাঙৰ মাহীয়েকে ক’লে। সুকন্যাই পাকঘৰৰ পৰা কৈ কৈ আহিল, “এ.... এইটোৱে এনেয়ো নপঢ়ে। সন্ধিয়াতে টোপনিয়াই থাকে। ই মাক-বাপেকৰ টকা-পইচাবোৰ ধাৰ খাবলৈ জনম ল'লে৷ অকণো পঢ়া-শুনাত মন নাই। মেট্ৰিক দিয়া ল'ৰা এটা, টোপনিয়াবলৈ দিন আছে নে এতিয়া!’তাই লগে লগে অলিন্দলৈ চাই ক’লে, ‘তই লৰালৰিকৈ খাই যা। গৈ তিনিওজনকে মাত দিবি। আৰু তামোল এখন এখন খুন্দি খুৱাই আহিবি আটাইকেইজনকে। লৰালৰি কৰিব নালাগে। অলপ এন্ধাৰ হ'লেও আহিব পাৰিবি নহয়?' ‘পাৰিম।’ চোতালত অলিন্দক দেখিয়েই বাহিৰত থকা আয়েকে ‘বাবা ঔ’কৈ চিঞৰি কান্দিবলৈ ধৰিলে। বৰায়েকো অলপ দূৰত বাহিৰতে আছে, তাৰ নামটো শুনি তেৱোঁ কান্দোন ৰখাব নোৱৰা হ'ল। কান্দোনৰ ভৰত বহাৰ দৰে দুয়োগৰাকী ঠাইতে বহি দিলে। অলিন্দৰ মনটো বেয়া লাগি এগৰাকীৰো ওচৰলৈ নগৈ বাৰাণ্ডাত বহি থকা আতাকৰ কাষত বহিল। তেওঁ কন্দা নাই, কিন্তু চকু দুটা স্কুলত মাষ্টৰৰ মাৰ খাই হিয়ালি-জিয়ালিকৈ কান্দি ছুটীৰ পাছত সেমেকি থকাৰ দৰে হৈ আছে। দুয়োগৰাকীৰ কান্দোন বন্ধ হোৱাত আতাকে অলিন্দক ক’লে, “মই দুখ কৰা নাই। সিহঁতৰ জন্মৰ খেণটোৱেই বেয়া। অজাতিলৈ যাবলৈকে জন্ম দিয়াইছে ঈশ্বৰে। ওপৰতে লিখিয়েই থোৱা আছে। সেইটো আমি ঠিক কৰিব নোৱাৰোঁ।' “এইবোৰ এওঁ কথা কৈছে? জন্মৰ খেণ বেয়া? নিজে কোন খেণত ল'ৰা- ছোৱালীজাকৰ কথা ভাবি চাইছিল এওঁ? দেউতাকটো হৈ সিহঁতৰ লগত কথা-বতৰা
পৃষ্ঠা:কুলাংগাৰ.pdf/৪১০
অৱয়ব