সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৪০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

800 কুলাংগাৰ “সেইজনী! তাইৰ কাহিনী কি ক’বি! ৰাতিপুৱা শুই উঠিয়েই পলাই যোৱাজনীহে! পদুলিলৈ ল'ৰা আহিল, তাই গুচি গ'ল, আতাক শুয়ে থাকিল, বাকী দুই-এটাহে উঠিবলৈ পাইছিল৷ পুৱাই ভগাজনী, আগতে তাইৰ আকৌ কথা কি চাবি! নিজৰ চৰিত্ৰ সেইবোৰ তইতো পলাইহে গ'লি!' জিঘাংসাত তাইৰ দুচকু প্ৰখৰ হৈ উঠিছে। সমানেই তীব্ৰভাবে সক্ৰিয় হৈ পৰিছে অলিন্দৰ মগজুৰ কোনোবা ফালৰ কোষবোৰ। মুখখন সি নিৰ্লিপ্ত কৰি ৰাখিলেও আশ্চৰ্যত গাল দুখন ফুলি যাব যেন অনুভৱ হৈছে, ‘সেইজনীয়েইতো ভনিতা, যাৰ গালত ডাঙৰ মহাই বিয়াঘৰত চুমা খাই ধৰা পৰিছিল!' লেম্পত লগা কলমৰ ৰিফিলডালৰ দৰে লেতুসেতু হৈ পৰা মহাকটোৰ মুখখনলৈ তাৰ মনত পৰিল, 'হাইঠা পৰাৰ দৰে আয়েক-ঘৈণীয়েকৰ ভৰিত থেপেচ থেপেচকৈ পৰিছিল, একেকোবেই উঠি গৈ চেপত সোমাই অন্তৰ্ধান হ'ব খুজিছিল!' অলিন্দই আগতেও দুবাৰমান মন কৰিছে, ভনিতাৰ কথা ওলালেই ডাঙৰ মাহীয়েকে ঘপকৈ আঁহ এটা উলিয়াবলৈ চেষ্টা কৰে। কিন্তু সেইটো সঁচা নে মিছা বা গুৰুতৰ হয় নে নহয় সন্দেহ হয়। ‘ভনীতাক চুমা খাই ধৰা পৰা মানুহটোৰ লগতে গিৰীয়েক-ঘৈণীয়েক হিচাপে থাকি যাবলৈ বাধ্য হৈ ডাঙৰ মাহীয়ে এতিয়াও ভনিতাৰ বিষয়ে বেয়াকৈ ক'বলৈ সুযোগ বিচাৰি ফুৰে দেখোন! অজাতিলৈ যোৱাৰ বাবেই যে তাইক বেয়া বুলি প্ৰমাণিত কৰিব খুজিছে! নিজৰ গিৰীয়েকৰ বদনাম ওলাইছিল বাবে, এতিয়া কেনেকৈ জয়ী হোৱা যেন পাইছে চোৱাচোন! ” ‘পাতিম কথা। মই ইয়াক পঠিয়াই লওঁ ৰ।' সুকন্যাই সিহঁত দুজনীক কৈ ভিতৰলৈ চালে, ‘অ’চা...! এইটো স্কুলীয়া ড্ৰেছেই আছে! তই যা যা যা! হাত-মুখ ধোৱাই নাই চাগে? ধুই ল, ধুই ল। কিবা এটা খাই তাৰ পৰা আহগৈ যা।' অলিন্দই পিছফালে দৌৰ দিলে। সুকন্যাও উঠিল। তাই সিহঁতক ক'লে, “ভিতৰলৈ আহ অ'। মুৰটোৱে কাম নকৰা হৈছে, মাতিবলৈকে পাহৰিলোঁ, কিনো কৰি আছোঁ জানো ম‍ই! আহ আহ ভিতৰলৈ।’ ‘এ, ৰ অ’। ইয়াতে বহি লৈছোঁ। উঠিবলৈও মন যোৱা নাই আৰু। অৱশ অৱশ লাগিছে।' ‘হায়ৈ, ভবা নাছিলোঁ দেই, তায়ো এইটো কৰিব!” ‘ঐ চা। বাবাক কৈ থচোন নাপাহৰোঁতেই—আমি আহি পোৱাৰ কথা আতাহঁতক ক’বগৈ, কাইলৈ ৰাতিপুৱাই পাবহি বুলি কৈ থৈ আহিব সি।’ অলিন্দক ভাত বাঢ়ি দি সুকন্যাই চাহ কৰিছে। সি বাহিৰত থকা মাহীয়েকহঁতৰ ওচৰলৈ এপাক আহিল। ‘পাইছে মজা! আমাক কি কি নো দিছিল তাই! মাজুলীৰ পৰা আহি ভালৰ ভালটো তাইলৈকেহে আনে! এতিয়া পালে মজাটো! ইমান চেনেহৰ ভনীয়েকজনীয়ে তোকে দেখোন নোকোৱাকৈ পলাই গুচি গ'ল! অকণো শুং-সূত্ৰই নাপালি যে তই! আমাক বাৰু নক’লেই, তোকনো কেলেই নক’লে!' এজনীয়ে কৈ আছে, অলিন্দক ঘপকৈ