৩৯৮ কুলাংগাৰ ল'ৰা-ছোৱালীৰ কাম। তোৰ কি দৰকাৰ লাগি থাকিবলৈ। সিহঁতে নিজে থ'বগৈ নোৱাৰে নেকি নিজৰ ছোৱালীকেইজনীক? তইহে হোষ্টেল বন্দবস্ত কৰি দিবগৈ লাগে যে!' ক্ৰন্দন- প্ৰৱণতাৰ মাজতো চন্দনে ভাবিলে— ‘এইবোৰ খবৰ এই কেনেকৈ পাইছে? হোষ্টেল বন্দবস্ত কৰি দিয়া আদি কথা কোনে কৈছেহি? কাৰ মুখেৰে পায় তাই?' সুকন্যাই সঠিক প্ৰসংগটোতে হাত থৈছে – কথাটো ভাবি কৃষ্ণৰ মুখলৈ কৌতুকৰ হাঁহি এটা আহিল, তথাপি দুখৰ পৰিৱেশত সি হাঁহিটো লুকুৱাবলৈ চেষ্টা কৰিলে। চন্দনৰ দুখৰ প্ৰতি তাৰ চিন্তা অহা নাই, কিন্তু বায়েকহঁত বা আতাকহঁতৰ নিশ্চয় দুখ লাগিছে। চন্দনে হয়তো হেৰুওৱাৰ দুখতকৈ নভবা ঘটনা এটা ঘটি যোৱাৰ চকতহে কান্দিছে। সমাধানৰ উপায় নেদেখা বা কাৰণ নেদেখা আন দুখ কিছুমানে হয়তো চলতে আহি তাৰ মূৰত ভুমুকিয়াবলৈ ধৰাত কান্দোন ৰখাব পৰা নাই। চন্দনে ভনীয়েকহঁতক ঘৰত সোমাই থকা নিগনি- জেঠীকেইটাক চোৱাৰ সমানো ভাল ভাবে চোৱা নাছিল, কিঞ্চিতো চিন্তাও কৰা নাছিল। সিনো ভনীয়েকৰ দুখত কি কান্দিব! আৰু ইমানকৈ? ইমান ধন-পইচা দি পঢ়ুওৱা বায়েকজনীকে আতাৰি কৰিবলৈ কি কি কৈ থৈছে সি লগৰকেইটাৰ আগত! কৃষ্ণৰ মনত তীব্ৰ প্ৰশ্ন জাগিল, দুখ নে অজাতিলৈ যোৱাৰ লজ্জাত কান্দিছে সি? চন্দন কৃষ্ণহঁতৰ ঘৰত বহি বহি উঠালৈ গোটেইবোৰৰ ভাত খাই হৈ যায়গৈ, কিন্তু সি কোনোদিন ভাত-আঞ্জা বাদেই, জলপান এমুঠি খোৱা নাই। ‘ডেকা মানুহটোৱে খালে কি হয়’, সিহঁতে বাৰে বাৰে জোৰ কৰাৰ পাছতো কোনোদিন মুখত দিয়া নাই। তথাপি সিওনো গাঁৱৰ অজাতি এজনীৰ লগত লাগি আছে কিয়? কেনেকৈ সি বিয়াখন পাতে সেই লৈ কৃষ্ণৰ প্ৰবল কৌতূহল হৈছে। হোষ্টেলে-হোটেলে খাই থকা মানুহটোৱে কৃষ্ণহঁতৰ ঘৰত নোখোৱা কাৰণটো যে নীতিতকৈও জাত্যাভিমানৰ প্ৰদৰ্শনহে, কৃষ্ণই সিৰাই সিৰাই অনুভৱ কৰে। সুকন্যাহঁতকেনো কি কৈ কৃষ্ণই সান্ত্বনা দিব উত্তৰ পোৱা নাই, সিও যে তথাকথিত অজাতি— বাৰে বাৰে মনত ক্ৰিয়া কৰিবলৈ ধৰিছে। সিহঁতৰ আলোচনাবোৰ শুনি অলিন্দই গম পালে, মাহীয়েক কালি গধুলি গৈছে। চন্দনে স্কুলত কান্দি কান্দি একো নেদেখা দৰে হোৱাত কৃষ্ণই উঠাই আনি ইয়াত থৈ গৈছিলহি, এতিয়া আতাকহঁতৰ খবৰ লৈ আহিছে— খাব পৰা নাই, অৱশ্যে সুস্থ হৈয়েই আছে। ল'ৰাটো আগতে অলিন্দই সন্দেহ কৰাটোৱেই হয়, এতিয়া হাইস্কুলৰ শিক্ষক। কৃষ্ণই কৈছে, ভদ্ৰ ল'ৰা, সিহঁতৰ পুৰণা গাঁৱৰফালে ঘৰ। সুকন্যায়ো দেউতাকহঁতক অলপ চিনি পায়, তাই সৰু হৈ থাকোঁতে আতাকৰ ওচৰলৈ গৈছিল, ভাল মানুহ, ভকতৰ শাৰীতে পৰে। চন্দনেও নিশ্চয়কৈ ভালদৰেই চিনি পায় ল'ৰাটোক, সি একো মতা নাই, মুখখন দুখ-হতাশাত সোত-মোছ খাই আছে। —মা, ডাঙৰ মাহীহঁত আহিছে।'
পৃষ্ঠা:কুলাংগাৰ.pdf/৪০৭
অৱয়ব