সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৪০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মুক্তিৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা ৩৯৭ কোৱাৰ পাছতো কেনেকৈ জানিলে সি সঁচা কথাটো? ‘সেইটো কিয় ক'লি তই?’ সবিস্ময়ে তাই সুধিলে। ভীষণ গৰম। অলিন্দই পাহৰি আছিল যে সি ৰ'দতে ৰৈ আছে। সি একো উত্তৰ নিদি ছাঁলৈ গ'ল। সি ভাবুক হৈ উত্তৰ নিদিয়া দেখি সুকন্যাই ক'লে, ‘যা যা, হাত-মুখ ধোগৈ।' তাই চন্দনৰ ওচৰলৈ খোজ দিলে। অলিন্দই বেগটো থ’বলৈ ভিতৰলৈ সোমাল, আশ্চৰ্যই তাক জোকাৰি পেলাইছে, ‘হয়, পলাই যোৱাটোৱেই হয়, সেইটোৱেই হ'ব লাগিব, নহ'লে মাৰ মুখৰ ভাবটো বেলেগ হ'লহেঁতেন। মৰিল বুলি কেনেকৈ কৈ দিব পাৰিছে? অজাতিলৈ গ'ল মানেই মৰিল বুলি ধৰিব লাগিল সেইজনীক— তেনেকৈ বুঢ়া-বুঢ়ীবোৰেহে কৈ ফুৰে! সেইবোৰৰ লগত নিজৰ সন্তানৰ গভীৰ সম্পৰ্ক দেখা নাই কোনোদিনেই, একেটা গৰাৰ সীমাতে থাকিও এভাগ জলচৰ, আনভাগ স্থলচৰ— কোনো মিল-সংযোগ নোহোৱা সম্পূৰ্ণ বেলেগ বেলেগ। কিন্তু মাহঁততো বায়েক-ভনীয়েক! নিজৰ ভনীয়েকৰ কথাও সেইদৰে কেনেকৈ ক'ব পাৰিছে? হয়তো আনে কোৱাটোকেই আওৰাইছে, কাৰণ এতিয়া আকৌ শুনিবই বাৰে বাৰে। মনৰ পৰা ক'ব নিবিচাৰিলেও, ক'বলৈ আন উপায় নাপালে। মোৰ আগত পলাই গ'লটোতকৈ মৰিলটো উচ্চাৰণ কৰিবলৈকে সহজ পাইছে!’ কৃষ্ণ আহি বাৰাণ্ডাত বহা অলিন্দই গম পালে। সিহঁতক চাবলৈ অলিন্দ ভিতৰৰ পৰা আহি কাষৰ কোঠাটোত ৰ'ল। সুকন্যাৰ চকুপানী শেষ হ'ব খুজিছে। চন্দনে চিঞৰি কান্দি দিলে। ‘যোৱাবোৰ গ’ল, এতিয়া নিজৰখন যাতে ভালকৈ পাতিব পাৰ সেইটো মন কৰ।’ চন্দনৰ কান্দোন বন্ধ হোৱাৰ লগে লগে কৃষ্ণই ক'লে আৰু মূৰটো ইফাল-সিফাল কৰি সি পিৰিককৈ চন্দনৰ চকুলৈ দৃষ্টি এটা দিলে। চকুৰ অৰ্থটো অলিন্দই বুজিলে, সুকন্যাইহে বুজি নোপোৱা যেন লাগিল, চন্দনে বাপধন মণ্ডলৰ জীয়েকৰ সংগ বাদ দিয়াৰ কাহিনীতে সুকন্যাৰ চিন্তাটো শেষ হৈছিল, তেতিয়াৰে পৰা সেইবিধৰ কথা তাই উলিওৱা অলিন্দই শুনা নাই। সুকন্যাৰ একো প্ৰতিক্ৰিয়া নেদেখি তাই বুজাকৈ কৃষ্ণই আকৌ চন্দনক ক'লে, “সিহঁতবোৰ গাঁও নুফুৰাকৈও গ’ল, তই গাঁও ফুৰাটো বাদ দি দে আজিয়েই।' সুকন্যাই এইবাৰো সন্দেহ নকৰিলে, কিন্তু ভাবিলে— হয়, গাঁৱত খলি লৈ ফুৰাটো সন্মানৰ কথা নহয়। তাই সকীয়াই দিয়া ধৰণে চন্দনক ক'লে, ‘অঁ, তই নিজে ভাল হৈ থাক এতিয়া। তোৰনো কি দৰকাৰ গাঁৱৰ ছোৱালীবোৰক কলেজ-হোষ্টেলত থ’বলৈ নি অভিভাৱক হ’বলৈ। স্কুলত থাকোঁতে টিউচন কৰিলি কাৰণেই কলেজতো তয়েই গাৰ্জেনটো ওলাব লাগিব নেকি! মাক-বাপেক আছে, ধন-টকা-পইচা আছে, মাক-দেউতাকে কৰক নিজৰ