সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৪০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৯৪ কুলাংগাৰ পুনৰ ব'হাগ বিহুটোত একেবোৰেই কাণ্ড। আবেলি চেঙেলীয়া ল'ৰাৰ দল দুটা আলহী এজনে দেখি ক’লে, ‘এইবোৰেই বিহু নে? অভং দেখোন! সংস্কৃতিৰ সুযোগ লৈ এইবোৰ অন্যায় কৰিছেহি!’ সুকন্যাহঁতে লাজত একো নক'লে, চাই থাকি অসহ্য লাগি ভিতৰ সোমাল, দক্ষিণা দিবলৈ কোনোবা বাহিৰলৈ নোলালে নহয় কাৰণেহে এটা মাথোঁ ওলাল। মানুহজনে বেলেগত চৰ্চা কৰিলে সুকন্যাহঁতৰ নিজৰে বদনাম হ'ব যেন লাগিল। ‘এইবাৰ কিছুমান কাণ্ড বেছিহে হৈছে! ডাঙৰৰ মুখত শুনি শুনিয়েই চাগে সৰু ল'ৰা- ছোৱালীবোৰে আমাৰ ঘৰত উদ্ভণ্ডালি কৰিবলৈ শিকি লৈছে। অকণো ডৰেই নকৰে, পিটিকলি একোটায়ো পেৰি ধৰেহি।' আলহীজন যোৱাৰ পাছত সুকন্যাই ক'লে। “আৰু কি জানিছানে? দল দুটা বাটতহে দুভাগ হৈছে, আমাৰ এইখিনিতে। ম‍ই দেখিছোঁ নহয়! সিহঁত একেটাই দল, পইচা বেছিকৈ নিবলৈ দুভাগ হৈ আহিছে।’ ‘সেয়াহে! মোৰো চকুত পৰিছিল। সিফালে সিহঁতে একেলগেই দুঘৰত গাই অহা দেখিছোঁ নহয়! মই ভাবিলোঁ— তাত দুয়োটা একে সময়তে সোমাইছিল বা।' ‘দুটা নহয়, একেটাই দল! এনেকুৱা কৰিব নালাগে নহয়! সিহঁতে জানিছেই, বিহু মাৰিব নালাগে, হুঁচৰি সোনকালে শেষ হ'ব, দুভাগে সৰহকৈ লৈ যাওঁ! বাকীকেইটাই বাটচ'ৰাৰ খুঁটাকেইটাতে ধৰি ধৰি তললৈ চাইছে, ওপৰলৈ চাইছে।' ‘বাটচ’ৰাৰ খুঁটা-মালিকেইটা এবছৰ মুকলিত তিতি, শুকাই পুৰণা হ'ল! টিনপাত এইবাৰো আনিব পৰা নাযাব। সেইটো সজাৰ আগ্ৰহ মোৰ নাই আৰু! কোন আহিব লগা আছে বাটচ'ৰাৰ তলেদি?’সুকন্যাই অলিন্দলৈ চালে, “তয়ে পাৰিবি, সোলকাই লৈ আনগৈ যা। খৰি কৰি পেলাব লাগিব।' বিহুৰ পাছৰ শনিবাৰে অলিন্দহঁত স্কুলৰ পৰা পালেহি। বিপুল আহি পাবলৈ দেৰি আছে। বাৰিষা পাছবেলা আহিবলৈ নাৱৰীয়াই অসুবিধা পায়, সিহঁত উভতি যাবলৈ দেৰি হৈ যায়, বিপুলে কেতিয়াবা অকল নিজৰ কাৰণে জোৰ কৰি আনিব লগা হয়। অলিন্দ বাৰাণ্ডাত বহিল। আকাশ ফৰকাল। শৰতৰ ফৰকাল আকাশতকৈ বাৰিষাৰ ফৰকাল আকাশ বেছি অৰ্থপূৰ্ণ যেন লাগে তাৰ, বৰষুণৰ টোপালক কিহবাই যেন উমনি দি থাকে, আৰু অদৃশ্য কণা-প্ৰতিকণাৰ ইমান গতি! আকাশতো একেখনেই— ইয়াতো, ব্ৰহ্মপুত্ৰৰ ওপৰতো, মাজুলী বা হৰিচাপৰিতো। এইমাত্ৰ আকাশখন সকলোতে একেধৰণেই ফটফটীয়া হৈ থকা যেন লাগিছে। সি ভাবিলে, “বাবা এতিয়া ব্ৰহ্মপুত্ৰৰ ওপৰতে চাগে, আকাশখন নদীখনত ওলোটা খাই উজ্জ্বল হৈ আছে চাগে। যদি পাৰ হৈ আহিছে, চাইকেলৰ চকাই শিলত কৰ কৰ শব্দ তুলি আছে। চেণ্টাৰ পাইছেহি যদি, ইমানখিনি চাইকেল চলাই ঘামিছে। কি ভাব লৈ বাবা সোমাই আহে ঘৰখনলৈ?”