সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৪০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঘাই-পথৰ দাঁতিত সভ্যতাৰ অসুখ ৩৯৩ ‘কাৰ কাৰ লাগিছিল অ’?' এইফালৰ পৰা চাইকেল লৈ যোৱা এজনে ভাগ লৈ সুধিলে। ‘ঘৰতে, নিজৰ মাজত। বান্ধ কাটি দিলে। বস্তু-বাহানি, বেৰ-টিং সৱ খহাই পেলালে।’ ‘এক্সিডেণ্টটোত কাৰ কি হ'ল?’ “উলিয়াই দিয়া ছোৱালীজনী।' “মৰি গ'ল?” ‘গ’ল৷ গুৱাহাটীলৈ নিছিলে। ঘূৰাই আনি আছে। থানালৈ ফোন আহিছে।’ মানুহজন চাইকেলৰ পৰা নামিল, ‘গাড়ীৰ আগত পৰি দিছে? গাড়ী ধৰিলে নেকি?” ‘এ বিৰাট কাজিয়া! কোনেও একো পাট্টাই নাপালে। গাড়ী নৰ'ল।’ মানুহকেইজনে পতাখিনি কাণ দিবলৈ আহি সুকন্যাই অলিন্দক দেখি মাতিলে, তই গুচি আহ ভিতৰলৈ।' অলিন্দই বুজিলে, তাই কেৱল পঢ়া-টেবুলত বহিবলৈকে মতা নাই, সেইবোৰ নুশুনিবলৈকো মাতিছে। এনেকৈ তাই শুনাৰ পৰা আঁতৰাব বিচৰা কথাবোৰ ঘৰখনতে ঘটিব যেন ভাব তাৰ মনলৈ বাৰে বাৰে আহে। মিতিৰ-কুটুম্ব-আলহীৰ কোনোবাই কথাৰ লাচত যদি কৈ যায়— - ‘সুখী পৰিয়াল। শান্ত পৰিয়াল৷' শুনি তাৰ অতিপাত অশান্তি লাগে। সি পাৰ্থক্য মাথোঁ এটাই দেখিছে— সুকন্যা-বিপুলৰ লোকলৈ লাজ আছে বাবে ভিতৰতে সদায় ৰাখি থয়, মানুহঘৰে যেনিবা লোকলৈ লাজটো নকৰে, সমাজলৈ একো সংকোচ নকৰে, সমাজৰ নামত একোৱেই নাই সিহঁতৰ। সুকন্যায়ো জঘন্য ঘটনা ঘটিলেহে বাতৰিখন আনিবলৈ কয়। ‘হৰিচাপৰি বা বহঁতপুৰৰ দৰে গাঁৱতো এনেদৰে সীমা অতিক্ৰম কৰা ঘটনা এদিন প্ৰকাশ্যেই আহি যাব। পূৰ্বৰ কোনোবা একোখন সমাজৰ প্ৰভাৱতে আগতে হালোৱাজনেও পঢ়া-শুনা কৰিছিল, শ্ৰৱণ কৰিছিল, আলোচনী মোকলাইছিল,বিহু এফাঁকি, বচন এফাঁকি বা বাজানা এচাপৰো শিকিছিল, এতিয়া বাজানা-বিহু জানিলেও মঞ্চৰ প্ৰতিযোগিতাত জয় লাভ নকৰিলে মানুহ বুলি কোনেও গণ্য নকৰে, এনেদৰে লক্ষ্যবোৰ আক্ৰোশলৈ পৰিণত হৈছে, সংগ হেৰুৱাই লাহে লাহে তাৰো মানুহবোৰ ইয়াৰ পৰ্যায়ৰ অভং হৈ পৰিব।' নিজৰ ঘৰখনো মানুহঘৰৰ দৰেই চেপেতাকৈ পৰি থকাৰ দৰে তাৰ চকুত এবাৰ দৃশ্যমান হ'ল। সি এবাৰ সুকন্যাৰ মুখলৈ প্ৰখৰভাবে চালে — ভাববোৰে তাৰ মনত বাঁকোহি থকাটো এই মানুহজনীয়ে বুজিব পাৰে নে বাৰু? সি ভাবি ভাবি ভিতৰলৈ সোমাই গৈ থাকিল।