৩৮-৬ কুলাংগাৰ নিদিলে নহয় কাৰণে জয়ধ্বনিটো উচ্চাৰণ কৰিলে মাথোঁ। জুই শেষ হ'বলৈ বেছি সময় নালাগিল। সিহঁতে আঙঠাবোৰত পানী ঢালি ভিতৰ সোমাই বাহিৰলৈ গম লৈ থাকিল৷ ‘বাবা’,সম্পূৰ্ণ এন্ধাৰ হোৱাৰ পাছত চন্দনে মাতিলেহি। হস্পিতালৰ কুঠৰিত আপোন মানুহৰ মাত শুনাৰ দৰে আটাইকেইটাৰ মুখলৈ ৰং আহিল। ‘সেয়া! মই জানো, সি মোক এৰিব নোৱাৰে৷ আহিল সি দেখিলি!' সুকন্যাই নিজকে কোৱা দৰে তিনিওটাৰ আগত ক’লে। দুৱাৰ খুলিবলৈ আটাইকেইটা একেলগে আহিল। “তই চেণ্টাৰত কিবা লক্ষণ দেখিলি নে?’সুকন্যাই তাক সুধিলে। ‘নিজান নিচিনা। ৰ, ঘৰ সোমাবহিহে অ’ৰ-ত'ৰ পৰা আহি। দহ বজাৰ আগত নাহে। গোটেই ৰাতিটো আছে!’কৃষ্ণহঁতৰ তাত দেখা অভিজ্ঞতাৰে সি ক'লে। “দিনৰ পৰাই একেবাৰে ঠাণ্ডা পৰি আছে দেখোন৷ নাহে বা ইয়ালৈ।’ ‘নাহিব!’চন্দনে অদ্ভুত ধৰণে গেঁথাই ক'লে। মানুহবোৰ নহাৰ ক্ষীণ আশাটোও গুচি যোৱাত সুকন্যাহঁতৰ চকু থৰ লাগিল। “চকোৱাকেইখন নুচুলেই হ'ল আৰু!' চন্দনে ক’লে, ‘এটা খুঁটা ভঙা মাত্ৰেইতো দোখোঁটালী চকোৱা এৰাই গুচিয়েই যাব। কিমান দিগদাৰ হ'ব পাছত! গোটে গোটে বাঁহ যাব। জেওৰা গোটেইবোৰ উঠাই নিলেও নিয়ক। সম্পূৰ্ণ লৈ যাঃ –মই সেইটোৱেই চিন্তা কৰি আহিছোঁ। গোটেই ৰাতিটো লাগি লাগি নিলেও জেওৰাকে নিয়ক, চকোৱা যেন নোচোৱে, সেইটোহে আশা কৰি থাক।’ ন বজাত ৰাস্তাইদি কিৰীলি এটা পাৰ হৈ গ'ল। ‘সেয়া! আহিলেই।’ বিপুলে চক খালে। চন্দনে ক’লে, ‘নহয়, ৰ’ব। সেইটো ক’ৰবালৈ গৈছে। সিহঁতৰ মিটিং চলি আছে তাৰমানে। মিটিং আৰম্ভ হৈ গ'ল!’ কিন্তু নাই নাই নাই নাই। ৰাতি দুপৰ হ'ল। কোনো গম-গতি নাই। নিশা ভটিয়াবলৈ ধৰিলে। অলিন্দৰ টোপনি আহিল। নাহে বুলি ডাঙৰকেইটাও ভাবিলে, তথাপি লেপৰ তলত পৰিও টোপনিটো চিলমিল অৱস্থাত ৰাখি থৈছে। শেষ নিশা টোপাল টোপাল নিয়ৰ সৰিল। গাড়ীৰ শব্দৰ সুৰুঙাত নিয়ৰৰ টোপালৰো ইমান শব্দ বুলি সিহঁতে আজি উমান পাইছে। ঢেঁটকৈ মৰা এটা চিঞৰত সুকন্যা-বিপুলৰ টোপনি ফাটিল। মাতটো চেণ্টাৰ ফালৰ মাজ বাটৰ পৰা আহিছে। সুকন্যাই ঘড়ীটো চালে, তিনি বাজি গৈছে। চন্দনে জেকেটটো পিন্ধি পিন্ধি বিপুলৰ ওচৰলৈ কোবাকুবিকৈ আহিল, “টৰ্চটো আছেনে লগত? লৰালৰিকৈ আহক। মাত শুনিলেই দুৱাৰ খুলি ওলাব লাগিব। সেয়া সংকেত দিলে।' ‘একেবাৰে ওচৰলৈ নাযাবি দেই, মানুহ দুটা ঘাইল যাতে নহয়।' সুকন্যাই আকৌ সকীয়ালে।
পৃষ্ঠা:কুলাংগাৰ.pdf/৩৯৫
অৱয়ব