৩৮-২ কুলাংগাৰ চন্দন মনে মনে ৰোৱাত সুকন্যায়ো বেছি কথা নকৈ ৰ'ল। চন্দনে লাহেকৈ বাহিৰৰ কোঠাটোলৈ উঠি গৈ বিচনাখন সাজু কৰিলে শুবলৈ। টোপনিত হাওলি যোৱাৰ দৰে হতাশাত অৱশ হৈ সুকন্যাৰ মূৰটো গাৰুত লেপেটা খাই ধৰিলে, ভৰিৰ তলুৱা দুখনো নোহোৱা হৈ যোৱা যেন লাগিছে। তাই যিমান আশাৰে চন্দনক পঢ়ুৱাইছিল, তাৰ মুখৰ কথাখিনি শুনি তাই সকলো যেন হেৰুৱাই পেলালে। প্ৰতিমাৰ লেখীয়াকৈ বহি থকা ল'ৰা দুটাক পঢ়াত ব্যস্ত নিচিনা দেখি তাই পুনৰ মনলৈ অলপ উদ্যম আনিলে। বিছনাৰ পৰা উঠি তাই লাহে লাহে চন্দনৰ ওচৰলৈ গ'ল। আকৌ কিবা লগাৰ ভয়ত অলিন্দহঁত পেঁপুৱা লাগিল। ‘তোক ভিনদেৱে কি কৈছিলগৈ?' তাই শান্তকৈ সুধিলে। ‘মোক লগ পোৱা নাই। আতাক ক'লে।’সিও শান্তকৈ উত্তৰ দিলে। “কি ক’লে?” “কি ক’লে নাজানো। মোক আতাই ক'লে— বিপুলে ভাতখিনি পেলাই থৈ নোখোৱাকৈ গুচি গৈছে, তাই একেৰাহে বলকি থাকে, তোক গালি এটা দি ঠিক কৰিবলৈ গোচৰ দি গৈছে।’ “তাৰ পাছত তই আৰু আতাই সেইমতেই কৰি আছ? মানুহটো কেনেকুৱা অঁকৰা নাজান নেকি? মানুহটোৱে লোকে কিবা এটা কৰা দেখিলেই কৰিবলৈ বৰ ভাল পায়! অলপদিনৰ আগত ৰেডিঅ'ত দেওবৰীয়া নাটকত শুনিলে— মানুহহালৰ কাজিয়া লাগিল, মানুহটোৱে মাকৰ ঘৰত গোচৰ দিলেগৈ, এনেই সৰু ঘৰুৱা কথা, পাছত হাঁহি উঠিল, নাটকত সেইবোৰেই হয়। সেইটোকে শিকি লৈ নিজেও গোচৰ দিবলৈ গৈছে। বাৰু আহকচোন, মই সুধিলে নিজেই ক’ব— কি কৈছিলগৈ। আতাই কি কৈছিল, সেইবোৰো নিজে গাই দিব মোৰ আগত। ’ শনিবাৰে বিপুল অহা দেখি চন্দন লগতে আহিল। সুকন্যাই ভাল মাতেৰে দুয়োটাকে খাবলৈ দিলে৷ বিপুলৰো খং ইতিমধ্যে শেষ হৈছে। সুকন্যাই চন্দনক ক’লে, ‘বাৰু তই আছ নহয়, প্ৰমাণটোকে চা', তাই বিপুলৰ ফালে চালে, ‘আপুনি কওকচোন আতাই কি ক’লে আপোনাক, গোচৰ দিয়াৰ পাছত।” “আতাই কৈছে— তাই টকা চুবলৈ পালে, টকা দেখি তাইৰ বাহাদুৰি হ'ল, মই চন্দনক আজিয়েই পঠাম, তাইক ঠিক কৰিব। ’ ‘আৰে!’ সুকন্যাই অণুমাত্ৰ আশা কৰা নাছিল এইটো। ডকাইতি হওঁতে আতাকে কোৱাখিনি মনত ৰৈ যোৱাৰ পাছতো এতিয়া তাই এইটো মনলৈ আনিব পৰা নাছিল। তাইৰ খং আকৌ উঠিছে, খঙতকৈও হতাশাই তাইক ঘেৰি ধৰিলে, তীক্ষ্ণ মাতেৰে তাই ক’লে, ‘আতাই এইটো কেনেকুৱা কথা কৈছে! বেমাৰৰ ঔষধকেইটা পৰ্যন্ত মই চিন্তা
পৃষ্ঠা:কুলাংগাৰ.pdf/৩৯১
অৱয়ব