৩৮০ কুলাংগাৰ ইমান দেৰি কৰিছিলি কিয়?’‘চাইকেলৰ পাংচাৰ হ'ল।‘তোৰ নতুন চাইকেলৰ পাংচাৰ কিয় হ’ল?‘পাম্প বেছিকৈ দিয়া আছিল, ৰ'দত ফুটি থাকিল।’“কাণ্ডজ্ঞান নাই হা? পাম্পটো কমাই ল'ব লাগে, নাজান? মূৰ্খ! খাবি, সেইটো মূৰ লৈ খাবি জীৱনত। গতি সেইবোৰেই হ'ব।...' সুকন্যাৰ ৰূপটো দেখি সি সন্দেহ কৰিলে, শাসন কৰা দেখুৱাবলৈ এয়া কেৱল তাকে কৈ থকা নাই, নিশ্চয়কৈ বিপুল আহি পাইছেহি আৰু লগে লগে কাজিয়া এখন আৰম্ভ হৈছে, নহ'লে তাই কথাবোৰ ইমান চিঞৰি বেলেগ ফালে জোৰ দি কিয় ক’ব? চকাটো ফুটোতেই ইমানকৈ ক'বনে? কিন্তু সি বিপুলক দেখা নাপালে, বিপুলৰ চাইকেলখনো নাই, তথাপি সি নিশ্চিত হ’ল, ‘হয়তো ৰ’দ নপৰিবলৈ সিফালে বেৰৰ কাষত থৈছে। ' “আহ, ভালে ভালে ভিতৰ সোমা।’তাই জপনাখন এৰি দিলে। অপ্ৰয়োজনীয় কাঢ়া নিৰ্দেশটো শুনি সি ৰৈ থাকিল। ‘আকৌ ক'ব লাগিব নেকি? কিমানবাৰ ক'ব লাগে সদায়? নোসোমাৱ কিয়?' সি বুজিলে, তাই আকৌ বেলেগ ফালে কৈছে। জপনাখন খুলি সি খৰকৈ সোমাই গ'ল। হয়, , বিপুল আহিল, চকী এখনত বহি গা শাঁত পেলাইছে, মুখত বিশেষ প্ৰতিক্ৰিয়া নাই। ‘বেছি কথা নোসোমোৱা মনটোত খং মাৰ গৈ হয়তো বেলেগ প্ৰসংগ ঘুৰি আছে! কিন্তু একাত্মতাৰ ভাব হয়তো নহয়!' তাক দেখিও বিপুলে একো গুৰুত্ব নিদিয়াত সি ভাবিলে। পাছৰ সপ্তাহৰ দেওবাৰে পাছবেলা, বিপুলে খোৱাৰ পাতত কাঁহীখন থেকেচি থোৱা অলিন্দই শুনিলে। একো গম নোপোৱাৰ ধৰণে পঢ়া-টেবুলৰ পৰা উঠি গৈ সি দেখিলে, বিপুলে নিজৰ ভাগৰ ভাত-আঞ্জাখিনি মাটিত লুটিয়াই পেলাই ওপৰতে হাত ধুই আহিছে আৰু খৰধৰকৈ কাপোৰ সলোৱাত লাগিছে। ইমান যে তৎক্ষণাতে বিপুলে কামটো কৰিলে, সেইটো কৰিবলৈকে ভাত বঢ়ালৈ ৰৈ আছিল যেন লাগিল অলিন্দ। খাবলৈ নবহি অলিন্দ পঢ়া-টেবুলৰ সমুখলৈ উভতি আহিল। বিপুলে কাকো মাত নলগাই হৰিচাপৰিলৈ গুচি গ'ল। সিহঁতৰ কি লাগি আছিল অলিন্দৰ কাণত সোমোৱা নাছিল। কাইলৈ পুৱতি-নিশা যাবলগীয়া মানুহটোৱে এতিয়া লঘোনে গৈ ক'ত খাবগৈ? গধূলি হৰিচাপৰি পাই গা-পা ধুই ৰান্ধি হোৱাৰ পাছতহে খাবলৈ পাব, ঘাটত চাগে চাহৰ লগত বিস্কুট দুটামান খাব। স্কুলৰ কাষতে জুপুকা মাৰি বহাৰ দৰে অকলে ঘৰটো কেনেকৈবা সাজি লৈছে! অলিন্দই সুকন্যাৰ মুখখন চালেগৈ, তাই একো প্ৰতিক্ৰিয়া তাক নেদেখুৱালে, গালি খোৱাৰ ভয়ত সি পুনৰ পঢ়া-টেবুললৈ আহিল। সোমবাৰে নিশা, বহুদিনৰ মূৰত চন্দন ওলালহি। অলিন্দই দুৱাৰখন খুলি দি বাহিৰৰ কোঠাটোত লেম্প এটা থৈ আকৌ পঢ়া-টেবুলৰ সমুখত বহিল, কাষতে ভায়েক। সুকন্যা সাৰ পোৱা গম পাই অলিন্দই মুখেৰে একো মাত নিদিলে, তায়ে চন্দনক সোধ-পোচ
পৃষ্ঠা:কুলাংগাৰ.pdf/৩৮৯
অৱয়ব