ঘাই-পথৰ দাঁতিত সভ্যতাৰ অসুখ ৩৭৯ গোটেই গৰম-বন্ধটো বৰষুণ আৰু বিপুল-সুকন্যাৰ কাজিয়াৰ মাজেৰে পাৰ হৈ শেষ হ’ব হৈছে। ছাতিটো ধৰাৰ পাছতো আধা তিতি তিতি অলিন্দ স্কুলৰ পৰা খোজ কাঢ়ি আহি আছে। দুয়ো কাষে এঘৰ-দুঘৰ মানুহ আছে যদিও অধিকাংশ পথাৰ। উপচি উঠা পানীৰ মাজত পৰি থকা ক'লা ঘাইপথটো দীঘল মৰাশ এটাৰ দৰে লাগিছে। নিশা গাড়ীৰ চকাই চেপেটা কৰা ভেকুলীবোৰ বৰষুণত কেইবাদিনো ভিজি ভিজি ওলোৱা কেচেমা- কেচেম গোন্ধটো যেন পথটোৱেই সৃষ্টি কৰা। ঘৰলৈ যাবলৈ তাৰ মন যোৱা নাই, সোমাবলৈ ভয় লাগিছে— জানোচা ঘৰৰ ভিতৰত বিপুল-সুকন্যাৰ মাজত কিবা এটা অঘটন ঘটি গৈছে! বালিৰ চাপৰিত খোজ কঢ়াৰ দৰে নিজে নিজে যদি ভৰি পিছুৱাই গ'লহেঁতেন, দূৰত্ব বাঢ়ি যোৱাৰ দৰে কিছুপৰ পথৰ ওপৰতে যদি পাৰ হৈ গ'লহেঁতেন! ঘৰটো পাবলৈ কেৱল গৈয়েই থাকিব লগা হোৱা হ’লে! ‘বাবাইবা মায়ো কোনোবাদিনা ভাবিছে নেকি— গৰম বন্ধটো নহা হ'লেই ভাল আছিল, তেতিয়া গোটেইকেইটা একেলগে ঘৰত এমাহ থাকিব নালাগিলহেঁতেন অশান্তিত।’ পাতল ডাৱৰ সৰকি অহা পোহৰে পানীময় পথাৰ আৰু বৰষুণে ঘেৰা আকাশখন আইনাৰ দৰে বগা কৰিবলৈ ধৰিলে, তথাপি কেইবাদিনলৈ ৰ'দ ওলোৱাৰ লক্ষণ নাই। পদুলিৰ বননিত ভৰি দি এইখন তাৰ নিজৰ ঠাইৰ দৰে নলগা হৈছে। কেৱল সুকন্যাৰ অত্যাচাৰ-ককৰ্থনাৰ বাবে নহয়, বিহুটোৰ কাণ্ডবোৰৰ পাছৰ পৰা এই ভাব তাৰ তীব্ৰতৰ হৈছে। ঘাইপথৰ কাষ উন্নত বুলি ভাবি অহাৰ বিপৰীতে কি বিষাক্ত পৰিৱেশ! ইঘৰ- সিঘৰৰ সংযোগ নাই কাৰো। হৰিচাপৰিত এঘৰীয়া হৈও সামান্য সংযোগ নথকাকৈ নাছিল। বিকট হো-হোৱনি, উচ্ছৃংখল আদহীয়া, পথভ্ৰষ্ট প্ৰৱীণ, আক্ৰোশী বাসিন্দা, লাভ অৰ্জনৰ স্বাৰ্থ, ভুৱা ভদ্ৰতা— এই সমস্তৰ ঘাটিটোকে ৰঙীন পৃথিৱীৰ অংশ ৰূপে ধৰা ভিতৰুৱা গাঁৱৰ মানুহবোৰলৈও তাৰ বিৰক্তি জাগিছে, যেনেকৈ সি নিজেও ভাবি ইয়ালৈ আহিছিল। সি পঢ়ি থাকে নিচাসক্তৰ দৰে। স্কুলত উপস্থিত হৈ বহঁতপুৰ, লতাজান বা শালবাৰী চেণ্টাৰত থকাৰ দৰে ভাব নাহে, মন শ্ৰদ্ধাৰে ভৰি থাকে। বহঁতপুৰ-লতাজানততো গৰম- বন্ধত ক্লাছেই নহয়, শিক্ষকে খোলা দিনৰ ক্লাছকেইটাই নকৰে। কিন্তু লাহে লাহে সি স্কুলতো আনন্দিত হ'বলৈ পাহৰি গৈছে। পঢ়াত মন দি থাকোঁতে বা এনেয়ো কিবা ভাবত বিভোৰ হৈ সি প্ৰায়ে সম্ভেদ নাপায়— কি কাৰণত সুকন্যাহঁতৰ কাজিয়াখন লাগে বা অহৰহ লাগি আছে। কাৰণবোৰ জানিবলৈ নাপালে সি অধিক আহত হয়। কোন সময়ত কি অনুভৱ কৰি সি পদূলি পালেহি তাৰ মনত নৰ’ল, জঠৰ হৈ ঘৰলৈ সোমাল। গৰম-বন্ধ খোলাৰ পাছৰ শনিবাৰটোত সি স্কুলৰ পৰা আহি পোৱাত অলপ দেৰি হ'ল। সুকন্যাই খাওঁ খাওঁ মূৰ্তিৰে চোতালৰ মূৰৰ জপনাখনত ধৰিলেহি, ‘বাহিৰতে ৰ!
পৃষ্ঠা:কুলাংগাৰ.pdf/৩৮৮
অৱয়ব