সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৩৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঘাই-পথৰ দাঁতিত সভ্যতাৰ অসুখ “কিন্তু কোনোবা এটা-দুটাৰ জেপত থাকিবও পাৰে, অসম্ভৱ নহয়। সিহঁত বহু দেৰিলৈকে সাৰে থাকিল। আৰু কোনো নাহিল। ৩৭৭ মানুহৰ বিহু দিনা দিনত সৰু ল'ৰা-ছোৱালীৰ একেধৰণৰ কেইটামান দল আহিল। সুকন্যাহঁতে বুজিলে ইয়াত এয়াই বিহু, লোকৰ ঘৰলৈ ডিঙি মেলি হ'লেও চোৱা বা শুনা বিহু আকৌ দেখা নাযাব। মাজ বয়সত চেহেৰাই ভাটি দিয়া দল এটা গধূলি সোমালহি। দুজনমানক চিনি পাইছে— বজাৰত বহে, ৰিক্সা চলায়। চেণ্টাৰটোত সাজি-কাচি ঘূৰি ফুৰাৰ দৰে ভৰিত চেন্দেল-জোতা। ভেলেককৈ মদৰ গোন্ধ এটা সুকন্যাৰ নাকত লাগিল। চাবলৈ সত নোযোৱা হুঁচৰি হ'লেও দলটোৱে অকণমান দীঘলীয়াকৈ সুৰ ধৰাত সুকন্যাহঁতৰ অলপ শান্তি লাগিছে। ‘মানুহকেইটা গুৰিয়াল নিচিনা লগা নাইনে? গামোচা এখন লগত দিলে ভাল হ'ব।’বটাটো আনিবলৈ সুকন্যা ভিতৰলৈ সোমাওঁতে লগে লগে বিপুলো সোমাই ক’লে। ‘সেয়া বিহু আৰম্ভ কৰিলেই। হাক দিয়কগৈ যাওক। ম‍ই নিছোঁ বাৰু।' বিপুল খৰখোজে ওলাই আহি ৰখালে তেওঁলোকক। খাই আহিছে বাবেই মানুহখিনিয়ে গপচত থাকিবলৈ চেষ্টা কৰিছে যদিও জিভা পাক খুৱাই দক্ষিণা পেৰিবলৈ আৰম্ভ কৰিলে। অকল টকাটোৰ হিচাপ, বটাটোত দিয়া গামোচাখনলৈ কোনেও গুৰুত্বই দিয়া নাই। তৃতীয়বাৰ দক্ষিণা দি সুকন্যাই ক’লে, ‘আমি গামোচাখনো আগবঢ়াইছিলোঁ।' ‘অ’ হয় নেকি? দিয়ক তেন্তে’, বটাটোৰ পৰা গামোচাখন লৈ এজনে কঁকালত মেৰিয়াই ল’লে, কাণ্ডবোৰ দেখি অস্পষ্ট পোহৰত বিপুল-সুকন্যাই চকুৱে চকুৱে চালে। মাজনিশা টোপনি ভাগি সুকন্যাই শুনিলে, মানুহ এজনে মাতিছে। তাই ভালকৈ গম ল’লে, আকৌ মাতিছে, কামি দুচটা কোবাই বাজানা বজাই আছে। তাই বিপুলক হেঁচুকি জগাই লেম্পটো অলপ বঢ়াই দিলে৷ পোহৰটোৰ উমান পাই বাহিৰত বিহু আৰম্ভ হ'ল, দুই-তিনি যোৰা কামীৰ চিটিক চিটিক বাজানা এখন উঠিল। সিহঁতে দুৱাৰ খুলি দেখিলে, কেৱল তিনিটা মানুহ, সিহঁতক দেখিয়েই পাৰেমানে নাচিছে। ভূত নৃত্য যেন এনেকুৱাই, এই তিনিটাক দেখিলে কোনোবাই ভূত বুলি দুৱাৰ জপাই টেটু ফালি চিঞৰি বেহুচ হৈ মাটিত পৰি যাব! সুকন্যাৰ অতি-সংবেদনশীল ঘ্ৰাণেন্দ্ৰিয়ই উপযুক্ত সংকেত দিলে, ৰৈ থকাৰ সকাম নাই, লৰালৰিকৈ পুনৰ সোমাই গৈ তাই বটাটোত দক্ষিণা এটা আনিলে, বিপুলক ক’লে, ‘সেৱা কৰিব নালাগে, হাতেৰে বটাটো আগবঢ়াই দিয়ক।' মানুহ তিনিটাই বটাটো উদঙাই চালে। ‘আৰু বিছ টকা এটা দিলে, এবটল পাম। পুৰাই দিয়ক আৰু!' দোৰোল খোৱা জিভাৰে ঘপকৈ এটাই কৈ দিয়াত কাষৰ এটাই গাত