৩৭৬ কুলাংগাৰ ‘চেণ্টাৰ মানে অকল চাৰিআলিটোৱেই নুবুজায়। বেলেগ মানুহক কওঁতে আমাৰ এইকণো চেণ্টাৰৰ ভিতৰতে পৰে দেখোন।' ‘সৱৰে একেটাই ধৰণ! কোনেও হুঁচৰি গাব নাজানে! বিহু এফাঁকি গাব নাজানে ভালকৈ! প্ৰতিটোতে অকল পাঁচটা-ছটাকৈ ল'ৰা-ছোৱালী! তিনিঘৰমান মিলি গুচি আহে চাগে, গোটেইবোৰ একেলগ নহয় তাৰমানে। এনেকৈ ডাঙৰবোৰ আহিলে কিমান দক্ষিণা যাব!” ভাত খোৱাৰ আগে আগে ডেকা-আদহীয়াৰ দল এটা সোমালহি। হুঁচৰিৰ নামত এপাক মাত্ৰ ঘুৰি নাচিবলৈ আৰম্ভ কৰিলেই। বিপুলে লেম্পটো দাঙি হাত এখন আগবঢ়াই ৰখালে, ‘ৰাইজে বিহু মাৰিব নালাগে, হুঁচৰিকে অকণমান গাওক। আমি বিহুৰ দক্ষিণাও আগবঢ়াম বাৰু। ঢোলটো বজাব নালাগে, আমাৰ মানে বিহু মৰাৰ নিয়ম নাই।' ‘আমাৰ হুঁচৰি শেষ হ'ল নহয়।', এজনে ক'লে। সুকন্যাই লগে লগে বুজিলে- এইখিনিয়েও হুঁচৰি গাব নাজানে। তাই বিপুলক সৰুকৈ ক্ষিপ্ৰতাৰে ক'লে, ‘আপুনি সেৱা কৰক। ' ‘তেতিয়াহ’লে আমি ইমানতে সেৱা আগবঢ়াওঁ। ৰাইজ বহিব লাগে।’বিপুলে ক'লে। মানুহখিনিয়ে চকুৱে চকুৱে চোৱা-চুই কৰি বহিল। আটাইকেইটাই সেৱা কৰিলে। পুনৰ সিহঁত আচৰিত সৰু ল'ৰা-ছোৱালীবোৰৰ দৰে ডাঙৰবোৰৰো আশীৰ্বাদৰ কোনো ঢং নাই, সেৱা কৰা মানুহে গম নোপোৱা হিচাপত দুটামানে বটাটোলৈ টৰ্চ মাৰি চালে, কিবা অলপ এনেই বিৰবিৰাই শেষ কৰি জয়-ধ্বনি দি এটাই বটাটো তুলিবলৈ আহিল, সি মুখেৰে ইংগিতত কিবা এষাৰ ক’লে, লগে লগে ঢোলকেইটাত পাৰেমানে বিহু খৰতালি ছেও বাজিবলৈ ধৰিলে। বিপুলে থিয় হৈ চিঞৰি হাক দিছে, কাৰোৰে কাণত মাত নোসোমায়। সি ওচৰলৈ গৈ ঢুলীয়াৰ গাত খুঁটিয়াই ৰ’বলৈ ক’লে, “আমি দিম বাৰু, দিম। ঢোলটো বজাব নালাগে, ৰওকচোন।...’ শোৱাৰ পাছত আৰু এটা ডেকাৰ দল আহিল। একেই ঢং, ভৰিত জোতা লাগি আছে, চুৰিয়া-গামোচাৰ সঁচ নাই। সিহঁতো একেদৰে গ'লগৈ। সুকন্যাহঁতৰ ভয় লাগিছে। ‘এইবোৰ মানুহ কাকোৱেই আজিলৈকে চিনি নাপাওঁ। জোতা-জীনছ পিন্ধি নিশা বিহু মাৰিবলৈ আহিছে, জেপত প্ৰতিটোৰে বন্দুক আছে নেকি বাৰু? নিশা আকৌ যদি আহে, দুৱাৰ সম্পূৰ্ণ খোলা, কাষে পাশে মানুহ-দুনুহ আন কোনো নাই, যদি আমাকো গুপ্তহত্যা কৰি থৈ যায়?’ ‘নাযায় অ’! ইমানবোৰ বন্দুক লোৱা ল'ৰা হঠাতে ক'ৰ পৰা ওলাব? কিয় মাৰিব আমাক?' বিপুলে হৰিচাপৰিৰ ঘটনাটোত বাচি যোৱাৰ দৰে আজিও বাচিব যেন অনুভৱ কৰিছে।
পৃষ্ঠা:কুলাংগাৰ.pdf/৩৮৫
অৱয়ব