ঘাই-পথৰ দাঁতিত সভ্যতাৰ অসুখ ৩৭৩ “মোৰ বহীতো কৰিছে সেইটো! তই যে কাটিছ, সেইটো পৰীক্ষকজনে বুজিব পাৰিলেই হ'ব, দবাই নেপেলাবি। তোৰ অদ্ভুত শব্দবোৰ কেনেকৈ হৈছে মই বুজিব পৰা নাই! অকল শব্দত নহয়, সংখ্যাতো হৈছে সেইটো। ... সি গোটেই অংকটো কৰি উত্তৰটো উলিয়াই দিব নহয়, তাৰ পাছত শেষত উত্তৰটো লিখোঁতে নোহোৱা-নোপজা সংখ্যা এটা দি থৈ আহে!' তেওঁ সুকন্যালৈ চালে, ‘ধৰক অংকটোৰ উত্তৰ ৩২৫। সি শুদ্ধকৈ কৰি উলিয়ালে সেইটো। তাৰ পাছত শেষত উত্তৰত ১২৭০ লিখি থৈ গুচি আহিল! তাৰ মনটো কলমত নাথাকে! তেনেকৈ হ'লে নম্বৰ কাটিবই।' ‘এই কথাবিলাক অলপ মন কৰিব লাগিব। সময় অতি কম। আখৰ আৰু বানানটো তই আগতীয়াকৈ ঠিক কৰ। শব্দবোৰ কোনোবাফালে থেপা-থেপি, কোনোবা ফালে সেৰেঙা, আনকি শব্দৰ আখৰো সেৰেঙা হৈ যায়। আৰু তই অদ্ভুত কথা লিখিবলৈ এৰ।’ তেওঁ বিপুল, সুকন্যা, সহকৰ্মীজন • আটাইৰে ফালে এবাৰ এবাৰ চাই লৈ ক'লে, “সিদিনা মই বিহু ৰচনাখন লিখিবলৈ দিলোঁ। পৰীক্ষা নহয়, ক্লাছত হঠাতে দিছোঁ, কম সময় দিছোঁ, সিহঁতে হঠাতে কিমানখিনি লিখিব পাৰে চালোঁ। কাতি বিহুৰ কথা সি কি লিখিছে জানেনে? বোলে— দাৰিদ্ৰই জুৰুলা কৰিব ধৰা মাহতো বিহু উদযাপন কৰিব পৰাটো অসমীয়া ৰাইজৰ উৎসাহী চৰিত্ৰৰ বহিঃপ্ৰকাশ। বানানলৈ মই নাযাওঁ বাৰু। সেইষাৰ ই কম কথা লিখিছেনে? তাকো গোটেই বানান ভুল!” তেওঁ মৰমেৰে কোৱাৰ ভংগীত আটাইৰে হাঁহি উঠিল। অলিন্দয়ো দাঁত নিকটাই হাঁহিলে। তেওঁলোকে একেদৰেই ক্লাছতো ধুনীয়াকৈ কয় বাবেই সকলো ছাত্ৰ-ছাত্ৰীৰে পঢ়িবলৈ আগ্ৰহ গঢ়ি উঠে, অলিন্দৰো সকলো ঠিক কৰিবলৈ ইচ্ছা প্ৰবল হৈ উঠিছে। তেওঁ তাৰ চকুত তীক্ষ্ণ দৃষ্টি ৰাখি ক'লে, “সেইটো সি কেনেকৈ ভাবি পালে? তোৰ লিখাৰ প্ৰচেষ্টাটো ভাল হৈছে। আমাৰ এতিয়া হাঁহি উঠিছে, কিন্তু ভাল হৈছে কথাটো। কিন্তু, আকৌ সমস্যা আছে। সেইটো লিখিলে তোক নম্বৰ নিদিবও পাৰে। তই পাঠ্যপুথিত অধ্যয়ন কৰা মতে, প্ৰচলিত কথা মতে লিখিব লাগিব। নম্বৰ পাবৰ কাৰণে সেইটো কৰিবই লাগিব, কাৰণ সেইখিনিহে বিচাৰিছে পৰীক্ষাত। বুজিছ নে কি কৈছোঁ?’অলিন্দই মূৰ দুপিয়ালে। ‘সেইবোৰ ঠিক হৈ যাব বাৰু তোৰ, শিকি যাবি। আৰু বেছি দিন নালাগে। মাথোঁ তই আখৰখিনি শৃংখলা লগা কৰ দেই। হ'ব নে?” সি ক’লে, “হ’ব।’ ‘সৰুটোক আমাৰ স্কুলত কিয় নিদিলে?” ‘এম ই স্কুলো থকাটো তেতিয়া নাজানিলোঁ নহয়। কাকো সোধাও নহ'ল৷' তথাপি ভাল স্থান এটালৈকো পঠোৱাটো বুজাবলৈ সুকন্যাই লগতে ক’লে, ‘আপোনালোকৰ সেইফালৰ টিউচন-স্কুলখন যে, তাতো দিছোঁ বাৰু। ‘এ... সেইবিলাক বেপাৰ, বুজিছে! আমি নিদিবলৈ কাকো নকওঁ। কিন্তু শিক্ষকে যদি স্কুলত ভালকৈ পঢ়ুৱায়, সেইবোৰ শিক্ষকেই আহি টিউচন-স্কুলত ৰাতিপুৱাটো নেখেদে।
পৃষ্ঠা:কুলাংগাৰ.pdf/৩৮২
অৱয়ব