৩৭২ কুলাংগাৰ আহোঁতে নাই, আহি পালে ক’ম তাক, সিও আহিব এপাক। আপোনালোক আমাৰ ঘৰলৈ যাব কেতিয়াবা, মোৰ দোকানলৈকো যাব।’ কাপোৰ-কানিবোৰ পিছফালে নি দ’মাই থৈ গেঞ্জি-হাফপেন্ট পিন্ধিয়েই মটীয়াকেইজন গ’লগৈ। ভায়েকটো আহিল। কলেজীয়া ল'ৰা, ভদ্ৰভাবে কথা কৈছে। চন্দনে পিছফালে মাতি নিলে, “ভাইটি আহাচোন, তুমি বস্তুখিনি চাই যোৱা৷ অৱস্থাটো কি হৈ আছে!” “বুজিছোঁ বুজিছোঁ। কিনো চাম!” ‘তথাপি আহিছা যেতিয়া চাই থৈ যোৱা।’ চাই আহি দুয়োটা বহিল। ল'ৰাটোৰ লাজটো বেছিকৈ লাগিছে। কাণি-মুনি এন্ধাৰত তল মূৰ কৰি সি মুখ আঁৰ কৰা দৰে কৰিলে। ‘সেইখিনিৰ সম্পূৰ্ণ ভৰণি মটীয়াই লৈ গৈছে। দিব লাগিবই।’চন্দনে ক'লে। ‘কি ক’ব! আমাৰ দেউতাহঁত একদম অভদ্ৰ নহয় জানো!” অলিন্দ জিকাৰ খাই গ'ল। কাটিবলৈ অহা মানুহ দুটা বা এই ল’ৰা দুটাই ভুলটো নিজে দেখা পোৱা বাবে চন্দন-সুকন্যাহঁতে সুখ পাইছে, অধিক জটিল হৈ যাব পৰা ঘটনা এটাত ইমানতে উদ্ধাৰ হৈ মনত শান্তি অকণ লাগিছে। কিন্তু, ‘দেউতাহঁত একদম অভদ্ৰ নহয় জানো!’— ইমান স্পষ্টকৈ পুতেকটোৰ মুখেৰে ওলোৱা কথাষাৰে অলিন্দক ঘটনাটোৰ পৰা নিজৰ মাজলৈ ঘূৰাই আনিলে। কোন সময়ত ঘৰখনৰ ভিতৰত কটা-মৰা লাগি যায় ভয় লাগি থাকে অলিন্দ। বিপুল-সুকন্যাৰ উখনা-উখনিৰ মাজত সি একেষাৰ কথা নিজকেই কৈ শুনাব নোৱাৰিব, ল'ৰাটোৱে কেনেকৈ পাৰিছে? সি তাতকৈ বেছি ডাঙৰো নহয়! অলিন্দই ভাবি থাকিল। পাছৰ দেওবাৰটোৰ আবেলি অলিন্দহঁতৰ সাহিত্য আৰু গণিত শিক্ষক দুজন একেলগে আহিল। এই দেওবাৰটোতো যদি কিবা এটা ঘটি যায়, শিক্ষক দুজনৰ ওচৰত তেনেই লাজ পাব লাগিব— তেওঁলোকক দেখি আটাইকেইটাৰে একেটা ভাবেই আহিছে। ‘ই অতি আচৰিত কাণ্ড কৰে!' গণিতৰ শিক্ষকজনে ৰসালকৈ আৰম্ভ কৰিলে, “মই গণিতৰ বহীতো তাৰ বানান ভুল চাব লগা হৈছে। আখৰবোৰ এতিয়াও ইমান বেয়া হ'ব নালাগিছিল নহয়! বুজি পাবলৈ দিগদাৰ হৈ যায়। পাছত সুধিলে, তাৰ আখৰ সি নিজেই চিনি নোপোৱা হয়।' ইয়াৰ বানান ভুলৰ ধৰণটো বেলেগ। একেটা শব্দতে সি একেখন বহীতে শ, স, চ সৱ লিখে। আৰু অৰ্থ নাইকিয়া শব্দ একোটা লিখি দিয়ে। কাটিব লগা হ'লেও কলমেৰে ঘঁহাই ঘঁহাই চিনিব নোৱৰা কৰি বহী ফুটা কৰি পেলায়, আৰু লিখেও বহাই।’সাহিত্যৰজনে কৈ কৈ অলিন্দৰ মুখলৈ চালে, তই লঘুৱাই লিখিবি, নহ'লে তোৰ হাতটোৱেহে কষ্ট পাব।'
পৃষ্ঠা:কুলাংগাৰ.pdf/৩৮১
অৱয়ব