সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৩৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৬৮ কুলাংগাৰ ‘কিন্তু ককাইদেউ, আপোনাক নিজৰ দৰে সঁচাটোকে কওঁ, কিনো লুকুৱাম। আমি এয়া উঠি আহিছোঁ, হাত তেনেই খালী, ধাৰ-ধুৰ কৰিব লাগিব। এনেকৈ টিউচন এটাত খৰচ-পাতিতো বহুত হ'ব। ল'ৰাটো অলপ ওপৰলৈ যোৱাৰ পাছতে দিওঁ নেকি, কেইবছৰমান যাওক।' ‘ৰ’বা। মই মালিকক ক'ম ৰ’বা। হয়, তোমালোকৰতো চিংগোল-চাকৰি। ম‍ই তেওঁক ক’ম, মাজুলীৰ পৰা মানুহ এঘৰ উঠি আহিছে, ল'ৰা দুটা ভাল, কিবা এটা ৰেহাই দিলে নাম হ'ব।’ গোবিন শ‍ইকীয়াই অলপ চিন্তা কৰিলে, তেওঁৰ নিজৰ ল'ৰাটোৱে নাম কৰিব, সেইবাবে তেওঁৰ যিটো সন্মান তাত আছে সেইটোৱে বিশ্বাস জন্মালে মনত, ‘এইটো হৈ যাব বুজিছানে? ম‍ই পাতিম বাৰু। তুমি ল'ৰাক কাইলৈ উলিয়াই থোৱা, মই খোজ কাঢ়িবলৈ আহোঁতেই তোমাক সিদ্ধান্তখিনি জনাম। নেওগ আবেলি চেণ্টাৰলৈ আহেই, ম‍ই তেতিয়াই পাতিম আজি।’ গোবিন শ‍ইকীয়াৰ লগত কিমাননো হলিগলি আছিল! গাঁৱৰ হিচাপেও মাথোঁ কেইবাৰমান লগ পোৱা মানুহহে! ইমান উপকাৰ কৰা মানুহ এজন পাই সুকন্যাহঁতৰ মুখ আদৰৰ ভাৱত হাওলি পৰিল। ‘আমাৰ হেড-মাষ্টৰে লগ পাইছেনে? কিবা কৈছে নেকি?” তেওঁ মূৰেৰে ইংগিত দি লতাজান হাইস্কুলৰ প্ৰধান শিক্ষকৰ কথা বুজালে। বিপুলে গাই গ’ল, ‘পৰহি আহোঁতে মোক লগ পালে বাটতে, এহ মানে... তেওঁ মোক ইমান গালি পাৰিছে! ... আপোনাৰ ল'ৰাটোক ম‍ই ডিভিজন পোৱাৰ লিষ্টত ৰাখি থৈছিলোঁ, তাৰ কাৰণেই ম‍ই নিজৰ মানুহজনীক নাইনত পঢ়াবলৈ দিছোঁ ...' ‘এ... তাৰ কাৰণেহে পঢ়াবলৈ দিলে হ'বলা? ম‍ই কাহিনীটো গম পাওঁ। তেওঁ অফিচতো গৰগৰাই আছে। তোমালোকৰ ল'ৰাটোৱে অংকত নম্বৰ অলপ পাইছিল হ’ব পাই? লেটাৰ পালে নিজৰ ঘৈণীয়েকৰ নাম হ'বলৈ নাইনত পঢ়াবলৈ দিছে। তাই হ’বলা অংক পঢ়াব জানে? নিজৰ স্কুলৰ নামটো হ'ব, আৰু কি! এতিয়া ক'বলৈ আহিছে তোমাৰ ল'ৰাটোৰ চিন্তা কৰিছে তেওঁ!’ “ইয়ালৈ অনাৰ কাৰণে তেওঁ বৰ বেয়া পাইছে। তাতে কোৱাও নহ'ল যে তেওঁক।’ সুকন্যাই বেছি বহলীয়া নহ'বলৈ শান্তভাবে ক’লৈ। ‘তেওঁ বেয়া পোৱাটো বাদ দিয়া! তেওঁ নিজেই দেখোন ৰাতিপুৱাই ল'ৰা- ছোৱালীকেইটাক টিউচন-স্কুললৈ অনা-নিয়া কৰে। কিয় দিছেহি ইয়াত?’ অলিন্দই বাইদেউ গৰাকীক ভাল পায় কাৰণে গোবিন শ‍ইকীয়াই বেয়া সুৰত কৈ থকাটো ভাল নাপালে, ‘এওঁতো নিজেই স্কুলত সোমায় দুপৰীয়া! ওলায় অলপ পাছতেই! এওঁৰ স্কুলতেই হিন্দী পৰীক্ষাত সেইবোৰ খেলা হয়! নিজৰ স্কুলখন ধ্বংস কৰে আৰু ইয়াত সন্তানৰ কাৰণে ইমান তন্ন তন্নকৈ চিন্তা কৰিবলৈ ভাড়াঘৰ লৈ আছেহি! তাতকৈ,