৩৬৬ কুলাংগাৰ “মই চেণ্টাৰতহে ভাড়া লৈ থাকোঁ। ৰাতিপুৱা খোজ কাঢ়োঁ, এয়া উভতিহে আহিলোঁ। কালিৰ ঘটনাটোও গম পালোঁ গধূলি। মই বোলো সোমাই খবৰ এটা লৈ যাওঁ। তোমালোকে ভয়-চয় নকৰিবা। অলপ এইবোৰ হ'বই। কাৰোৱে লগত নালাগিবা কিন্তু, সহ্য কৰি থাকিবা। লাগি ল'লে ইয়াত জেং বঢ়োৱাহে হ'ব, মৰিবলৈ কোনেও ভয় নকৰে, সেইকাৰণে মাৰিবলৈকো ভয় নকৰে। ‘আমিনো আৰু ক’ত কাজিয়া কৰা মানুহ!’ ‘সেইটোৱেই! কাজিয়া নকৰিলে নিজে নিজে ঠিক হ'ব। নহ'লে থাকিব কোনো নোৱাৰে। মোকে দেখি দুঘৰ আহি উভতি গৈছেতো। এঘৰৰ কি ক’বা, আহিয়েই মালিকৰ লগত সনা-পোটোকা, পাছতহে দেখিছে ল'ৰা-ছোৱালীয়ে ফুল এপাহ ছিঙি নিলেও বহীত বিলৰ লগত লিখি থৈ দিয়ে। কেতিয়াবা শাক-পাচলি দুডালমান দিয়ে, সিহঁতে বৰ ভাল পায়, পাছত দেখে সেইটোও বিলত। এয়া তোমালোকৰ লগতে মাটি লোৱা হাজৰিকাই ভেটি উঠায়ো ৰৈ আছে তোমালোক অহালৈ, অকলে আহিবলৈ ভয় কৰি আছে, তোমালোকৰ এক-দুই বছৰ পাৰ নোহোৱালৈকে নাহে তেওঁ, তেওঁনো ক’ৰ মানুহ— চেণ্টাৰৰ পৰা এক কিলোমিটাৰ গৈয়েই পায়গৈ দেখোন, তথাপি সাহটো হোৱা নাই।' হাজৰিকাও শিক্ষক, বহঁতপুৰৰ আতাকৰ পৰা নিজৰ ঘৰলৈ সিংহাসন সজাই আনিবলৈ গৈ চিনাকি, বিপুলৰ সৈতে একেলগে একে মালিকৰ পৰা মাটি লৈছে, তেওঁ বিপুলহঁতকো কৈছে— “আপোনালোক থাকি ঠাইকণ ঠিক-ঠাক হোৱাৰ পাছতহে আহিম', তেওঁ বিশেষকৈ ভয় কৰে ভূতলৈ, এই জনশূন্য দ-পথাৰখনেৰে খৰালি অকলে খোজকাঢ়ি যাবলৈ দিনতে মানুহে ভয় কৰাৰ বহুতো কাহিনী তেওঁ শুনিছে। লগতে আন এটাও কথা, সুকন্যাহঁতৰ পদুলি পাৰ হৈ পথটোৰ সিপাৰে সৌটো মৰাশ পেলোৱা ঠাই। গাড়ীয়ে খুন্দিয়াই মৰা গৰু, কুকুৰ আদি কোনোবাই চোঁচৰাই আনি তাতে দলিয়াই থৈ যায়। শগুণ ভৰি থাকেহি। গেলা মঙহৰ গোন্ধ বতাহে সুকন্যাহঁতৰ ঘৰলৈ বা হাজৰিকাৰ মাটিডোখৰলৈ দিনটোত প্ৰায়ে আনে! বাহিৰৰ কথা-বতৰা শুনি অলিন্দইবাৰাণ্ডাৰ মুখলৈ আহি চালেহি— এইজন লতাজান এম ই স্কুলৰ প্ৰধান শিক্ষকজন, সংগীতাহঁতে পঢ়ি অহা স্কুলখনৰ। গাঁৱৰ ভাওনাত সি তেওঁক এবাৰ নে দুবাৰ দেখিছিল। লতাজান হাইস্কুলৰ ক্লাছৰ ভিতৰৰ পৰাও কেতিয়াবা দেখিছিল— সমুখৰ দূৰৰ পথটোৰে তেওঁ দুপৰীয়া গৈ নিজৰ স্কুলত সোমায় বা সোনকালে ওলাই ঘৰলৈ ওভতে। “ককাইদেউ বহকহি আহক।’বিপুলে ক’লে। ‘নবহো, আজি ল’ৰাটোৰ টিউচনত পৰীক্ষা আছে, সোনকালে আহি পাবহি, সেইকাৰণে মই সোনকালে ঘৰলৈ যাওঁ।' তেওঁ ঘড়ীলৈ চালে, ‘অকণমান বহোঁ বাৰু প্ৰথম অহা কাৰণে। আজি চাহ-তাহ একো নকৰিবা, বেলেগ এদিন খাম।’
পৃষ্ঠা:কুলাংগাৰ.pdf/৩৭৫
অৱয়ব